--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিসকল যুৱকৰ প্ৰেয়সী নাই, তেওঁলোকৰ বাবে সুখবৰ। জীৱনত প্ৰেম নথকাটো 'স্বাধীনতা’। এই স্বাধীনতা উপভোগ কৰিব লাগে!

এই মন্তব্য কৰিছে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে। প্ৰেম দিৱসত প্ৰেমত নপৰা অবিবাহিত লোকসকলৰ বাবে এনে এক বাৰ্তা প্ৰদান কৰে তেওঁ। টেমগেনে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা এই বাৰ্তা দিছে।

মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘স্বাধীনতা এক উপহাৰ। যিটো সকলোৰে বাবে নহয়। আহক আমি এই দিনটো উদযাপন কৰো। হেইল টু দ্য কম্পেনিয়নলেছ!''

ভেলেণ্টাইন ডে’ৰ পুৱা টেমগেনে এই টুইট কৰিছিল। এতিয়ালৈকে ৫ লাখ ৫০ হাজাৰ লোকে এই টুইটটো চাইছে। এই টুইটত বহু লোকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

টেমজেন নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী। তেওঁ নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতিও।

ছ’চিয়েল মিডিয়াতো টেমগেন যথেষ্ট জনপ্ৰিয়। বিগত বৰ্ষৰ জুলাই মাহতো মন্ত্ৰীগৰাকীয়ে অবিবাহিত হিচাপে থকাৰ বিষয়ে টুইট কৰি ভাইৰেল হৈ পৰিছিল।

এইবাৰো ভেলেণ্টাইন ডে’ৰ দিনা সংগীহীন জীৱনৰ মধুৰতা প্ৰকাশ কৰি অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু