--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া বুলি ক’লেই জড়িত হৈ থাকে আবেগ৷ সেয়া লাগিলে কোনো অভিনেত্ৰীয়েই হওঁক বা আন কোনো যুৱতীয়েই হওঁক৷ বিয়াৰ পিছত শহুৰেকৰ ঘৰলৈ চিৰদিনৰ বাবে ওলাই যোৱাৰ পৰত প্ৰায় সকলো কইনাই কান্দে৷ স্বৰা ভাস্কৰৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নঘটিল৷ সবল মনৰ নাৰী হিচাবে পৰিচিত  স্বৰা ভাস্কৰে শহুৰেকৰ ঘৰলৈযোৱাৰ সময়ত কান্দোন ৰখাব নোৱাৰিলে। তেওঁৰ কান্দি থকাৰ ছবি  শিঞ্জিনী নামৰ এগৰাকী বন্ধৱীয়েই  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ ছবিত দেখা গৈছে স্বৰাৰ অন্য এক ৰূপ৷ 

স্বৰা ভাস্কৰে ১৬ ফেব্ৰুৱাৰীত ফাহাদ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। স্বৰা-ফাহাদৰ অভ্যৰ্থনা পাৰ্টিত উপস্থিত  আছিল বহু ৰাজনীতিক৷  বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত  মনোৰঞ্জন জগতৰ তাৰকাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ব্যক্তিত্বলৈ সকলো উপস্থিত থকা দেখা গৈছিল৷অভ্যৰ্থনা অনুষ্ঠানত  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, অখিলেশ যাদৱ আৰু জয়া বচ্চনক উপস্থিত আছিল৷ 


ব্যক্তিগত অসুবিধাৰ বাবে মমতা বেনাৰ্জীয়ে উপস্থিত থাকিব পৰা নাছিল যদিও চিঠি লিখি তেওঁলোকক আশীৰ্বাদ দিছে৷ অভ্যৰ্থনা অনুষ্ঠানত স্বৰাই এটা উজ্জ্বল গুলপীয়া লেহেঙ্গা পিন্ধিছিল ৷ লগতে  গহনা আৰু কপালত মংগলটিকাও পিন্ধা দেখা গৈছিল৷  

আনহাতে ফাহাদক ক্ৰীম ৰঙৰ শ্বেৰৱানীত দেখা গৈছিল৷ অভ্যৰ্থনাৰ পিছত স্বৰাৰ পাল পৰিল শহুৰেকৰ ঘৰলৈ যোৱাৰ৷ তেতিয়াই যেন কান্দোন ৰখাব নোৱাৰিলে স্বৰাই৷ বহু সময় ধৰি তেওঁ কান্দিয়েই থাকিল৷ শহুৰেকৰ ঘৰলৈ যোৱাৰ পূৰ্বে স্বৰাৰ বাবে এটা কবিতা আবৃত্তি কৰা হৈছিল৷স্বৰাৰ পিতৃ উদয় ভাস্কৰেও বিদায় মুহূৰ্তত কন্যাৰ সন্মুখলৈ অহা নাছিল। কাৰণ সেই সময়ত তেওঁ গোপনে চকুলো টুকি আছিল  । স্বৰাৰ বান্ধৱী শিঞ্জিনী টুইটত এই সকলোবোৰ কথা প্ৰকাশ কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু