--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া বুলি ক’লেই জড়িত হৈ থাকে আবেগ৷ সেয়া লাগিলে কোনো অভিনেত্ৰীয়েই হওঁক বা আন কোনো যুৱতীয়েই হওঁক৷ বিয়াৰ পিছত শহুৰেকৰ ঘৰলৈ চিৰদিনৰ বাবে ওলাই যোৱাৰ পৰত প্ৰায় সকলো কইনাই কান্দে৷ স্বৰা ভাস্কৰৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নঘটিল৷ সবল মনৰ নাৰী হিচাবে পৰিচিত  স্বৰা ভাস্কৰে শহুৰেকৰ ঘৰলৈযোৱাৰ সময়ত কান্দোন ৰখাব নোৱাৰিলে। তেওঁৰ কান্দি থকাৰ ছবি  শিঞ্জিনী নামৰ এগৰাকী বন্ধৱীয়েই  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ ছবিত দেখা গৈছে স্বৰাৰ অন্য এক ৰূপ৷ 

স্বৰা ভাস্কৰে ১৬ ফেব্ৰুৱাৰীত ফাহাদ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। স্বৰা-ফাহাদৰ অভ্যৰ্থনা পাৰ্টিত উপস্থিত  আছিল বহু ৰাজনীতিক৷  বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত  মনোৰঞ্জন জগতৰ তাৰকাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ব্যক্তিত্বলৈ সকলো উপস্থিত থকা দেখা গৈছিল৷অভ্যৰ্থনা অনুষ্ঠানত  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, অখিলেশ যাদৱ আৰু জয়া বচ্চনক উপস্থিত আছিল৷ 


ব্যক্তিগত অসুবিধাৰ বাবে মমতা বেনাৰ্জীয়ে উপস্থিত থাকিব পৰা নাছিল যদিও চিঠি লিখি তেওঁলোকক আশীৰ্বাদ দিছে৷ অভ্যৰ্থনা অনুষ্ঠানত স্বৰাই এটা উজ্জ্বল গুলপীয়া লেহেঙ্গা পিন্ধিছিল ৷ লগতে  গহনা আৰু কপালত মংগলটিকাও পিন্ধা দেখা গৈছিল৷  

আনহাতে ফাহাদক ক্ৰীম ৰঙৰ শ্বেৰৱানীত দেখা গৈছিল৷ অভ্যৰ্থনাৰ পিছত স্বৰাৰ পাল পৰিল শহুৰেকৰ ঘৰলৈ যোৱাৰ৷ তেতিয়াই যেন কান্দোন ৰখাব নোৱাৰিলে স্বৰাই৷ বহু সময় ধৰি তেওঁ কান্দিয়েই থাকিল৷ শহুৰেকৰ ঘৰলৈ যোৱাৰ পূৰ্বে স্বৰাৰ বাবে এটা কবিতা আবৃত্তি কৰা হৈছিল৷স্বৰাৰ পিতৃ উদয় ভাস্কৰেও বিদায় মুহূৰ্তত কন্যাৰ সন্মুখলৈ অহা নাছিল। কাৰণ সেই সময়ত তেওঁ গোপনে চকুলো টুকি আছিল  । স্বৰাৰ বান্ধৱী শিঞ্জিনী টুইটত এই সকলোবোৰ কথা প্ৰকাশ কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক