--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যকৃত আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। যকৃতৰ প্ৰধান কাম হ’ল তেজত ৰাসায়নিক পদাৰ্থৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লগতে পিত্ত নামৰ এক গুৰুত্বপূৰ্ণ পাচন তৰল পদাৰ্থ উৎপন্ন কৰা। ইয়াৰ উপৰি তেজ পৰিষ্কাৰ কৰি গ্লাইক’জেন নামৰ চেনিৰ ৰূপত শক্তি জমা কৰাৰ কামো যকৃতে কৰে। সেয়েহে যকৃৎ এটা শৰীৰৰ অত্যাৱশ্যকীয় অংগ। যকৃতৰ ক্ষতিৰ সমস্যাই এজন ব্যক্তিৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। যদি ইয়াৰ লক্ষণসমূহ সময়মতে চিনাক্ত হয় আৰু ইয়াৰ চিকিৎসা আৰম্ভ হয়, তেন্তে যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰি। কোনবোৰ লক্ষণৰ ভিত্তিত ইয়াক চিনাক্ত কৰিব পাৰি, লগতে এই গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কি ব্যৱস্থা ল’ব পাৰি জানো আহক।

লিভাৰ বিকল হোৱাৰ অৰ্থ হ’ল ই নিজৰ কামবোৰ সঠিকভাৱে কৰিবলৈ সক্ষম নহয়। এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে কিছুমান লক্ষণৰ ভিত্তিত এই ৰোগৰ চিনাক্ত কৰি প্ৰতিৰোধমূলক পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায়। যকৃতৰ ক্ষতি হোৱাৰ আশংকা থকা লোকসকলে তেজ বমি, ভাগৰুৱা, জণ্ডিচ আৰু ধাৰাবাহিকভাৱে ওজন কমি যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হয়। এনে সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে চিকিৎসকৰ কাষ চাপক।

যকৃতৰ ক্ষতিৰ বাবে?

সাধাৰণতে হেপাটাইটিছ-বি, লিভাৰ চিৰ’ছিছৰ দৰে ৰোগ থকা লোকৰ লিভাৰৰ ক্ষতি হোৱাৰ আশংকা বেছি। ইয়াৰ বাহিৰেও অত্যধিক মদ বা কিছুমান ঔষধ সেৱনৰ ফলত যকৃতৰ ক্ষতি হোৱাৰ আশংকা দেখা যায়। বিশেষজ্ঞসকলৰ মতে যকৃতৰ ক্ষতিৰ সমস্যাটো বিকশিত হ’বলৈ এবছৰতকৈও অধিক সময় লাগিব পাৰে। যকৃত দুৰ্বল হোৱাৰ লগে লগে এই অৱস্থা গুৰুতৰ হৈ পৰে।

ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

যিসকল লোকৰ যকৃতৰ ৰোগ আছে বা যকৃতৰ ক্ষতিৰ লক্ষণ দেখা গৈছে, চিকিৎসকে প্ৰথমে তেওঁলোকক মদ্যপান নকৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি এনে ৰোগীক উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এনে ৰোগীক খাদ্যত থকা নিমখৰ পৰিমাণ কমাই দিয়াৰ লগতে ৰঙা মাংস, পনীৰ আৰু কণীৰ সেৱন কম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস