--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি ১৩ এপ্ৰিল ২০২৩, বৃহস্পতিবাৰ। আজিৰ দিনটোত কোন ৰাশিৰ কেনে যাব জানি লওক...

মেষ : আজিৰ দিনটোত আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। বন্ধুৰ লগত বিভাজন ঘটিব পাৰে, সেয়েহে বিতৰ্কৰ পৰা আঁতৰি থাকক। যিসকল পেছাত চাকৰিয়াল তেওঁলোকৰ পদোন্নতি যোগা দেখা যায়।

বৃষ : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱাৰ লগতে ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা যায়। সেয়েহে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ’লে উপকৃত হ’ব।

মিথুন : আজি আপুনি ইতিবাচক অনুভৱ কৰিব পাৰিব। পাৰিবাৰিক সম্পৰ্কত মধুৰতা বাঢ়িব। ব্যৱসায়িক কামৰ বাবে দিনটো শুভ হোৱাৰ লগতে পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনা আছে।

কৰ্কট : কৰ্কট ৰাশিৰ লোকসকলৰ ব্যৱসায়ৰ সন্দৰ্ভত আজি কোনো প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ নকৰিব। ঘনিষ্ঠ ব্যক্তিয়ে দিনটোৰ আৰম্ভণিতে প্ৰতাৰণা কৰিব পাৰে গতিকে সজাগ হওক। বিতৰ্ক এৰাই চলক।

সিংহ : সিংহ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো প্ৰতিকূল বুলিব পাৰি। খৰচ বৃদ্ধিৰ বাবে মানসিক চাপত থাকিব। তৰ্ক-বিতৰ্ক এৰাই চলক, পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত থাকিব।

কন্যা : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। পুৰণি বন্ধুক লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সকলোৱে শলাগ ল’ব। পত্নীৰ লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক এৰাই চলক।

তুলা : আজিৰ দিনটোত অপ্ৰয়োজনীয় বিভ্ৰান্তি হ’ব, কামৰ হেঁচাত মনটো গধুৰ হৈ থাকিব। বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। দিনটোৰ শেষত পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে, যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব।

বৃশ্চিক : আজি আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব, কিন্তু অতিৰিক্ত কামৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। আৰ্থিকভাৱে আজিৰ দিনটো ভালেই দেখা যায়। আজি সম্পত্তি ক্ৰয়ৰ শুভ দিন।

ধনু : আজি এই ৰাশিৰ লোকসকলৰ বাবে ভাল দিন। ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, আৰ্থিক দিশত শুভ বুলিব পাৰি।

মকৰ : আজিৰ দিনটোত পুৰণি বিবাদৰ পৰা মুক্তি পাব, নতুন চিন্তাৰে নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। আজিৰ দিনটোত এই ৰাশিৰ লোকৰ দৃষ্টিভংগী ইতিবাচক হ’ব। ব্যস্ততা বাঢ়িব পাৰে।

কুম্ভ : আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক হ’ব। স্বাস্থ্য ভালে থাকিব। আজি আপুনি বহুদিন আবদ্ধ হৈ থকা কামবোৰ সহজেই সম্পূৰ্ণ কৰিব পাৰিব। কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।

মীন : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। পুৰণি পাৰিবাৰিক বিবাদৰ সমাধানত সফল হ’ব পাৰে। আৰ্থিক সাহায্য লাভ কৰিব। আজি আপোনাৰ স্থবিৰ কাম সম্পূৰ্ণ হ'ব পাৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস