--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জি ১৩ এপ্ৰিল ২০২৩, বৃহস্পতিবাৰ আজিৰ দিনটোত কোন ৰাশিৰ কেনে যাব জানি লওক...

মেষ : আজিৰ দিনটোত আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। বন্ধুৰ লগত বিভাজন ঘটিব পাৰে, সেয়েহে বিতৰ্কৰ পৰা আঁতৰি থাকক। যিসকল পেছাত চাকৰিয়াল তেওঁলোকৰ পদোন্নতি যোগা দেখা যায়।

বৃষ : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱাৰ লগতে ব্যৱসায়ত লাভৰ সম্ভাৱনা দেখা যায় সেয়েহে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ’লে উপকৃত হ’ব।

মিথুন : আজি আপুনি ইতিবাচক অনুভৱ কৰিব পাৰিব। পাৰিবাৰিক সম্পৰ্কত মধুৰতা বাঢ়িব। ব্যৱসায়িক কামৰ বাবে দিনটো শুভ হোৱাৰ লগতে পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনা আছে।

কৰ্কট : কৰ্কট ৰাশিৰ লোকসকলৰ ব্যৱসায়ৰ সন্দৰ্ভত আজি কোনো প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ নকৰিব। ঘনিষ্ঠ ব্যক্তিয়ে দিনটোৰ আৰম্ভণিতে প্ৰতাৰণা কৰিব পাৰে গতিকে সজাগ হওক। বিতৰ্ক এৰাই চলক।

সিংহ : সিংহ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো প্ৰতিকূল বুলিব পাৰি। খৰচ বৃদ্ধিৰ বাবে মানসিক চাপত থাকিব। তৰ্ক-বিতৰ্ক এৰাই চলক, পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত থাকিব

কন্যা : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ। পুৰণি বন্ধুক লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সকলোৱে শলাগ লব। পত্নীৰ লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক এৰাই চলক।

তুলা : আজিৰ দিনটোত অপ্ৰয়োজনীয় বিভ্ৰান্তি হ’ব, কামৰ হেঁচাত মনটো গধুৰ হৈ থাকিব। বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। দিনটোৰ শেষত পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে, যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব।

বৃশ্চিক : আজি আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব, কিন্তু অতিৰিক্ত কামৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। আৰ্থিকভাৱে আজিৰ দিনটো ভালেই দেখা যায়। আজি সম্পত্তি ক্ৰয়ৰ শুভ দিন।

ধনু : আজি এই ৰাশিৰ লোকসকলৰ বাবে ভাল দিন ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, আৰ্থিক দিশত শুভ বুলিব পাৰি।

মকৰ : আজিৰ দিনটোত পুৰণি বিবাদৰ পৰা মুক্তি পাব, নতুন চিন্তাৰে নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। আজিৰ দিনটোত এই ৰাশিৰ লোকৰ দৃষ্টিভংগী ইতিবাচক হ’ব। ব্যস্ততা বাঢ়িব পাৰে।

কুম্ভ : আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক হ’ব। স্বাস্থ্য ভালে থাকিব। আজি আপুনি বহুদিন আবদ্ধ হৈ থকা কামবোৰ সহজেই সম্পূৰ্ণ কৰিব পাৰিব। কামৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।

মীন : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। পুৰণি পাৰিবাৰিক বিবাদৰ সমাধানত সফল হ’ব পাৰে। আৰ্থিক সাহায্য লাভ কৰিব। আজি আপোনাৰ স্থবিৰ কাম সম্পূৰ্ণ হ'ব পাৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন