--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱতীগৰাকীয়ে ভিডিঅ’ বনাই কয় যে বিবাহৰ প্ৰতিশ্ৰুতিৰে বাৰে বাৰে তেওঁক কনিষ্টবলজনে যৌন নিৰ্যাতন চলাইছিল আৰু পাছত তেওঁৰ পৰা আঁতৰি আহিছিল।

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ আগ্ৰাত উন্মোচিত হৈছে ভগ্ন সম্পৰ্ক আৰু ভাঙি যোৱা বিশ্বাসৰ এক কৰুণ কাহিনী। তাজগঞ্জ আৰক্ষী থানা এলেকাত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল, য’ত তেওঁ এজন আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছত এই বিষয়টোৱে চৰ্চা লাভ কৰে আৰু তদন্তত নামে আৰক্ষী।


খবৰ অনুসৰি যুৱতীগৰাকীয়ে আগ্ৰাত নিয়োজিত এজন আৰক্ষী কনিষ্টবলৰ সৈতে লিভ ইন ৰিলেচনত বাস কৰিছিল। অভিযুক্ত কনিষ্টবলজনৰ নাম জে বি গৌতম। খবৰ অনুসৰি দুয়োৰে মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু যুৱতীগৰাকীয়ে অভিযোগ কৰে যে কনিষ্টবলজনে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল।


যুৱতীগৰাকীয়ে ভিডিঅ’ বনাই কয় যে বিবাহৰ প্ৰতিশ্ৰুতিৰে বাৰে বাৰে তেওঁক কনিষ্টবলজনে যৌন নিৰ্যাতন চলাইছিল আৰু পাছত তেওঁৰ পৰা আঁতৰি আহিছিল।


তেওঁ কয়, "জে বি গৌতমে মোক চাৰি বছৰ ধৰি পত্নী হিচাপে ৰাখিছিল আৰু এতিয়া মোক পৰিত্যাগ কৰিলে। মই যেতিয়া তেওঁক বিয়া কৰাবলৈ কওঁ তেতিয়া তেওঁ কয় যে তেওঁৰ পৰিয়াল এই বিয়াৰ বাবে মান্তি নহ'ব। তেওঁৰ ভায়েকেও আন এগৰাকী ছোৱালীৰ লগত একে কাম কৰি আছে। তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ'ব কাৰণ তেওঁ এজন আৰক্ষী। জে বি গৌতম আৰু তেওঁৰ পৰিয়াল মোৰ মৃত্যুৰ কাৰণ হ'ব। মই জীয়াই থকাৰ সময়ত ন্যায় নাপালোঁ, কিন্তু মৃত্যুৰ পাছত মোক ন্যায় লাগিব।"


ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে বিষয়টো আৰক্ষীৰ কাষ চাপিল। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত কনিষ্টবলজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ডিচিপি চিটি আলী আব্বাছে তাৎক্ষণিকভাৱে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে অভিযুক্ত কনিষ্টবল জে বি গৌতমক নিলম্বন কৰা হয়।


তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ হোৱাৰ পিছত জে’ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ বিষয়টোৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু ভাইৰেল ভিডিঅ’কে ধৰি অন্যান্য প্ৰমাণ তদন্তত অন্তৰ্ভুক্ত কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। এই গোচৰত উত্থাপিত তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী বিষয়াসকলে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ