--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে শুই থাকোতে টোপনিতে বাৰে বাৰে ল’লে ভিনিহিয়েকৰ নাম। পত্নীৰ মুখত ভিনিহিয়েকৰ নাম বাৰে বাৰে শুনি খঙত টিঙিৰি-তুলা হৈ পৰিল স্বামী।

স্বামীয়ে খঙতে পত্নীক প্ৰহাৰ কৰে। পত্নীয়ে কয় যে তেওঁ এটা ভয়ংকৰ সপোন দেখিছিল, যাৰ বাবে তেওঁ হয়তো নিজৰ ভিনিহিয়েকৰ নাম লৈছিল। দুয়োৰে মাজত কাজিয়া বাঢ়ি অহাত বিষয়টো থানা গৈ পায়৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামনগৰত। ছমাহ আগতে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল। যুৱকজনৰ অভিযোগ যে তেওঁৰ পত্নীয়ে সদায় শুই থকা অৱস্থাত ভিনিহিয়েকৰ নাম লৈ থাকে। দেওবাৰেও স্বামী-স্ত্ৰীয়ে গভীৰ নিশা নিজৰ ঘৰত শুই আছিল। ৰাতি প্ৰায় ১২ বজাত পত্নীয়ে টোপনিতে বাৰে বাৰে ভিনিহিয়েকৰ নাম ল’বলৈ ধৰে।

পত্নীয়ে বাৰে বাৰে ভিনিহিয়েকৰ নাম লৈ থকাত স্বামীয়ে হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে। পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি স্বামীয়ে মাৰপিট কৰে। এই হুলস্থুলৰ বাবে ওচৰৰ ঘৰৰ পৰা বহু লোক সেই স্থানলৈ দৌৰি আহে। পতিয়ে সকলোৰে সমুখত পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনহাতে পত্নীয়ে কৈছিল যে ‘‘মই বহুত ভয়ংকৰ সপোন দেখিছিলোঁ। ভিনদেউৰ নাম চাগে সপোনত লৈছিলোঁ।’’

ইয়াৰ পাছত পুৱা হোৱাৰ লগে লগে স্বামীয়ে পত্নীৰ মাক-দেউতাকক ফোন কৰি অভিযোগ দিয়ে। বিষয়টো গৈ আৰক্ষী থানা পালেগৈ।স্বামী-স্ত্ৰী দুয়োকে থানালৈ মাতি আনে আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে বুজাই দি তেওঁলোকৰ সকলো অভিযোগ নিষ্পত্তি কৰিলে। চুক্তিৰ অন্তত স্বামী-স্ত্ৰী নিজৰ ঘৰলৈ উভতি যায়। 

সপোনত ভিনিহিয়েকৰ নাম লৈ থকা মহিলাগৰাকী এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু