--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে শুই থাকোতে টোপনিতে বাৰে বাৰে ল’লে ভিনিহিয়েকৰ নাম। পত্নীৰ মুখত ভিনিহিয়েকৰ নাম বাৰে বাৰে শুনি খঙত টিঙিৰি-তুলা হৈ পৰিল স্বামী।

স্বামীয়ে খঙতে পত্নীক প্ৰহাৰ কৰে। পত্নীয়ে কয় যে তেওঁ এটা ভয়ংকৰ সপোন দেখিছিল, যাৰ বাবে তেওঁ হয়তো নিজৰ ভিনিহিয়েকৰ নাম লৈছিল। দুয়োৰে মাজত কাজিয়া বাঢ়ি অহাত বিষয়টো থানা গৈ পায়৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামনগৰত। ছমাহ আগতে তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল। যুৱকজনৰ অভিযোগ যে তেওঁৰ পত্নীয়ে সদায় শুই থকা অৱস্থাত ভিনিহিয়েকৰ নাম লৈ থাকে। দেওবাৰেও স্বামী-স্ত্ৰীয়ে গভীৰ নিশা নিজৰ ঘৰত শুই আছিল। ৰাতি প্ৰায় ১২ বজাত পত্নীয়ে টোপনিতে বাৰে বাৰে ভিনিহিয়েকৰ নাম ল’বলৈ ধৰে।

পত্নীয়ে বাৰে বাৰে ভিনিহিয়েকৰ নাম লৈ থকাত স্বামীয়ে হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে। পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি স্বামীয়ে মাৰপিট কৰে। এই হুলস্থুলৰ বাবে ওচৰৰ ঘৰৰ পৰা বহু লোক সেই স্থানলৈ দৌৰি আহে। পতিয়ে সকলোৰে সমুখত পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনহাতে পত্নীয়ে কৈছিল যে ‘‘মই বহুত ভয়ংকৰ সপোন দেখিছিলোঁ। ভিনদেউৰ নাম চাগে সপোনত লৈছিলোঁ।’’

ইয়াৰ পাছত পুৱা হোৱাৰ লগে লগে স্বামীয়ে পত্নীৰ মাক-দেউতাকক ফোন কৰি অভিযোগ দিয়ে। বিষয়টো গৈ আৰক্ষী থানা পালেগৈ।স্বামী-স্ত্ৰী দুয়োকে থানালৈ মাতি আনে আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে বুজাই দি তেওঁলোকৰ সকলো অভিযোগ নিষ্পত্তি কৰিলে। চুক্তিৰ অন্তত স্বামী-স্ত্ৰী নিজৰ ঘৰলৈ উভতি যায়। 

সপোনত ভিনিহিয়েকৰ নাম লৈ থকা মহিলাগৰাকী এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ