--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ে মঙলবাৰে লখিমপুৰ খেৰী ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিন আবেদনৰ ওপৰত পূৰ্বৰ আদেশ বাহাল ৰাখে। লক্ষ্ণৌ বিচাৰপীঠে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি সমাপ্ত কৰাৰ পিছত মিশ্ৰৰ আবেদনৰ ওপৰত আদেশ বাহাল ৰাখিছিল। মিশ্ৰৰ হৈ উপস্থিত থকা অধিবক্তাই আদালতক কয় যে আশীষ মিশ্ৰ নিৰ্দোষী আছিল আৰু কৃষক মহতীয়াই নিয়াৰ ক্ষেত্ৰত মিশ্ৰই উদগনি যোগোৱা কোনো প্ৰমাণ নাই। আবেদনখনৰ বিৰোধিতা কৰি অতিৰিক্ত এডভোকেট জেনেৰেল ভি কে শ্বাহীয়ে কয় যে প্ৰতিবাদী কৃষক মহতীয়াই নিয়াৰ সময়ত আশীষ মিশ্ৰ গাড়ীখনত আছিল। ন্যায়াধীশ ৰাজীৱ সিঙৰ নেতৃত্বাধীন বিচাৰপীঠে শুনানিৰ অন্তত আদালতৰ পূৰ্বৰ আদেশ বাহাল ৰাখে। উল্লেখ্য যে, ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ খেৰী ভ্ৰমণৰ বিৰুদ্ধে কৃষক সকলে প্ৰতিবাদ গঢ়ি তুলিছিল। মন্ত্ৰীৰ কনভয়ে প্ৰতিবাদী কৃষকসলক মহতীয়াই নিয়াৰ ফলত চাৰিজন কৃষক ৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে হিংসাত্মক ৰূপ ধাৰণ কৰা খেৰী কাণ্ডত আন চাৰিজন লোকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত হিচাপে চিনাক্ত ক ৰা হৈছিল। সেয়েহে আজি এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন আবেদনৰ ওপৰত পূৰ্বৰ আদেশ বাহাল ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ