--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ সম্পদ লুণ্ঠন কৰি বিদেশত গৈ আশ্ৰয় লোৱা বিজয় মালিয়াৰ দেৰ প্ৰবঞ্চক এতিয়া কিদৰে আছে? বিজয় মালিয়াৰ দৰে প্ৰবঞ্চকৰ বিৰুদ্ধে বছৰৰ পাছত বছৰ গোচৰ চলিছে যদিও একো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাত চৰকাৰ কিয় ব্যৰ্থ হৈছে? তেওঁলোকে লুণ্ঠন কৰা ধন-সম্পদৰ কিমানখিনি চৰকাৰে ঘূৰাই পাবলৈ সক্ষম হৈছে আৰু এই সম্পদৰ জৰিয়তে সাধাৰণ লোকসকলৰ দুৰৱস্থা দূৰ কৰাৰ কিবা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছেনে? এইবোৰ একো একোটা উত্তৰ বিহীন প্ৰশ্ন হৈ ৰৈছে। কিয়নো এইসকল পতালক অৰ্থনৈতিক অপৰাধীৰ নিজৰে এতিয়া স্থিতি শূন্য অৱস্থা। লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে নীৰৱ মোদী, লুকাই-চুৰলৈ ঘূৰি ফুৰিবলগীয়া অৱস্থা মেহুল ছোকছীৰ। আনহাতে এসময়ত দেশৰ সুৰা সাম্ৰাজ্যত দপদপাই থকা বিজয় মালিয়াৰো অৱস্থা এতিয়া শোচনীয়। ভাৰতৰ পৰা পলাই গৈ লণ্ডনত আশ্ৰয় লৈ থকা বিজয় মালিয়াৰ লণ্ডনৰ বিলাসী আবাসো এতিয়া হাতৰ পৰা যাওঁ যাওঁ অৱস্থা হৈছে। মালিয়াৰ লণ্ডনত থকা বিলাসী ঘৰো তেওঁৰ পৰা কাঢ়ি লোৱাৰ আশংকা গাঢ় হৈ পৰিছে। ব্ৰিটেইনৰ আদালতে মঙলবাৰে তেওঁৰ লণ্ডনৰ ঘৰৰ পৰা তেওঁক বাহিৰ কৰাৰ আদেশত স্থগিতাদেশ জাৰিৰ বাবে কৰা আবেদন খাৰিজ কৰি দিয়ে। ছুইছ বেংক ইউবিএছৰ সৈতে চলি থকা দীঘলীয়া আইনী বিবাদৰ পাথত মালিয়াক এই ঘৰটো খালী কৰি দিয়াৰ আদেশ দিয়া হৈছিল। মালিয়াই এই আদেশ কাৰ্যকৰী কৰাত বাধা আৰোপ কৰাৰ বাবে আবেদন জনাইছিল যদিও তেওঁৰ আবেদন খাৰিজ হয়। এতিয়া যিকোণো মুহূৰ্ততে মালিয়াই তেওঁৰ লণ্ডনৰ ঘৰ খালী কৰিবলগীয়া হ’ব পাৰে। লণ্ডন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মেথিউ মাৰ্শ্বে মালিয়া পৰিয়ালক তেওঁলোকৰ দেয় ৰাশি আদায় দিয়াৰ বাবে অতিৰিক্ত সময় দিয়াৰ কোনো আধাৰ নাই বুলি ৰায় দিয়ে। উল্লেখ্য যে, মালিয়াই ছুইছ বেংকক ২.৪কোটি পাউণ্ডৰ ঋণ ঘূৰাই দিবলৈ বাকী আছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ লণ্ডনৰ ঘৰৰ পৰাও বেঘৰ হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। কিন্তু কথা হ’ল এই সমগ্ৰ প্ৰক্ৰিয়াত আটাইতকৈ ক্ষতিগ্ৰস্ত কোন হৈছে? বিজয় মালিয়া, মেহুল ছোকছী বা নীৰৱ মোদীৰ দৰে পলাতক অৰ্থনৈতিক অপৰাধীয়ে যি ক্ষতি দেশৰ অৰ্থনীতিত কৰিলে সেই অৰ্থনৈতিক ক্ষতিৰ জোৰা মৰাৰ বাবে ভাৰতৰ চৰকাৰে সৰ্বসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিছে। হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ বিদেশলৈ পলায়ন কৰা এইসকল অৰ্থনৈতিক অপৰাধীয়ে দেশৰ বেংক ব্যবস্থাক একপ্ৰকাৰ বিধ্বস্ত অৱস্থালৈ ঠেলি দিছে। বহু বেংক হৈ পৰিছে দেউলীয়া। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অৰ্থনীতিত। ইয়াৰ দুৰ্ভোগ পৰোক্ষভাৱে হ’লেও ভুগিবলগীয়া হৈছে দেশৰ জনগণে। এনে অৰ্থনৈতিক অপৰাধীয়ে এতিয়া দেশক দিব পৰা, বা দিবলগীয়া একোৱেই নাই, তেওঁলোক নিজেই দেউলীয়া। কিন্তু দেশৰ জনগণে যি ক্ষতিৰ সন্মুখীন তেওঁলোকৰ পৰা হ’বলগীয়া হ’ল সেয়া সহজে যে পূৰণ নহ’ব সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি