--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খনীয়া মেচৰ টি-২০ শৃংখলাত বিজয় সাব্যস্ত কৰাৰ পিছত আজিৰ পৰা দলটোৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। ৰোহিত শৰ্মা, কোহলীসহ কেইবাগৰাকীও নিয়মীয়া খেলুৱৈৰ অনুপস্থিতিত শৃংখলাটোত যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় দলে প্ৰত্যাহ্বান আগবঢ়াব ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাক। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা আৰু সহ-অধিনায়ক লোকেশ ৰাহুলৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়ক আৰু সহ-অধিনায়কৰ দায়িত্বত আছে ক্ৰমে জেষ্ঠ তাৰকা শিখৰ ধাৱান আৰু মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ। 

ইতিমধ্যে টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ মূল দল অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ বাবে দ্বিতীয় শাৰীৰ এটা দলেৰেই শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। উল্লেখ্য যে জেষ্ঠ খেলুৱৈসকল দলত নথকাৰ সুবাদত তিনিখনীয়া মেচৰ এই শৃংখলাটোৰ বাবে ভাৰতীয় দললৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ লাভ কৰিছে দুই নৱোদিত খেলুৱৈ বেটাৰ ৰজত পাটিদাৰ আৰু পেচাৰ মুকেশ কুমাৰে। 

এই দুই নৱাগত খেলুৱৈৰ লগতে  আন এগৰাকী আনকেপড খেলুৱৈ ৰাহুল ত্ৰিপাঠী আৰু শ্বাহবাজ আহমেদেও দলত স্থান লাভ কৰিছে। ইফালে ধাৰাবাহিক উন্নত প্ৰদৰ্শনৰ পিছতো ভাৰতীয় দলত স্থান লাভৰ পৰা বঞ্চিত হোৱা সঞ্জু চেমছনে পুনৰ এবাৰ নিজক প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। মেচখনত অধিনায়ক ধাৱান আৰু শুভমন গিলে দলৰ ইনিংছ আৰম্ভ কৰাটো প্ৰায় নিশ্চিত। শেহতীয়া দুই এদিনীয়া শৃংখলাত গিলে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি অপেনাৰ হিচাপে স্থান সুৰক্ষিত কৰিছিল। সেয়ে দলত ৰুতুৰাজ গায়কোৱাড বাদ পৰিব পাৰে।

আনহাতে মিডল অৰ্ডাৰত সহ-অধিনায়ক শ্ৰেয়স আয়াৰৰ লগতে চেমছন আৰু ঈষাণ কিষণ দায়িত্ব চম্ভালিব। চাৰি আনকেপড খেলুৱৈৰ ভিতৰত ৰাহুল ত্ৰিপাঠী আৰু শ্বাহবাজ আহমেদৰ মাজৰ কোনো এগৰাকীয়ে আজি অভিষেক ঘটোৱাৰ যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে পাটিদাৰ আৰু মুকেশ কুমাৰ প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা কম। 

সেইদৰে বলিং বিভাগৰ নেতৃত্ব বহন কৰিব পেচাৰ দীপক চাহাৰে। চাহাৰৰ লগত আজিৰ মেচখনত শ্বাৰ্দুল ঠাকুৰ আৰু মহম্মদ চিৰাজক মেনেজমেণ্টে খেলপথাৰত নমাব পাৰে। আনহাতে স্পীন বিভাগত কুলদীপ যাদৱ আৰু লেগ স্পিনাৰ ৰবি বিষ্ণৈ দলত থকাটো প্ৰায় নিশ্চিত। 

উল্লেখ্য যে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখন ১.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও বতৰৰ বিঘিনিৰ বাবে আধাঘণ্টা পিছুৱাই দিয়া হয়। নতুন সময়সূচী অনুসৰি এতিয়া মেচখন ২ বজাৰ পৰা আৰম্ভ হ’ব। 

শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলঃ শিখৰ ধাৱান (অধিনায়ক), শুভমন গিল, শ্ৰেয়স আয়াৰ (সহ-অধিনায়ক), ৰজত পাটিদাৰ, ঈশান কিষণ, সঞ্জু চেমছন, শ্বাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, কুলদীপ যাদৱ, আভেশ খান, মহম্মদ চিৰাজ, ৰাহুল ত্ৰিপাঠী, মুকেশ কুমাৰ, ৰুতুৰাজ গায়কোৱাড, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণৈ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ