--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক টি-২০ বিশ্বকাপৰ বাবে আজি অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল। দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ অবিহনেই ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে মুম্বাইৰ পৰা অষ্ট্ৰেলিয়ালৈ উৰা মাৰে। টি-২০ বিশ্বকাপৰ উদ্বোধনী বৰ্ষৰ খিতাপ জয়ৰ পাছত দ্বিতীয়টো খিতাপৰ সন্ধানত থকা ভাৰতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত ঘৰুৱা শৃংখলা জয়েৰে প্ৰস্তুতিৰ উমান দি খিতাপ জয়ৰ লক্ষ্যৰেই অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে। অৱশ্যে আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুমৰাহৰ অনুপস্থিতি স্বাভাৱিকতেই অনুভৱ কৰিব ভাৰতীয় দলটোৱে। 

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচৰ পূৰ্বে পিঠিৰ আঘাতৰ সমস্যাত ভুগিছিল বুমৰাহ। সেই একেই আঘাতৰ বাবে তাৰকা পেচাৰগৰাকী এছিয়া কাপৰ পৰাও বাহিৰ হৈছিল। এইবাৰ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছৰে পৰা টুইটাৰত একাংশ লোকে বুমৰাহক নেতিবাচক মন্তব্যৰে ট্ৰলৰ লক্ষ্য কৰি লৈছিল। প্ৰধানত: প্ৰয়োজনীয় সময়ত ভাৰতীয় দলত উপলব্ধ নোহোৱা বুমৰাহ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিজ ফ্ৰেঞ্চাইজী মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰতিখন মেচতে উপলব্ধ থাকে বুলি একাংশ লোকে বুমৰাহক ট্ৰল কৰে। 

এনে ট্ৰল আৰু সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত বুমৰাহে বুধবাৰে সমালোচকসকলক বিদ্ৰুপ কৰি এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী পোষ্ট কৰে। এই পোষ্টটোত বুমৰাহে ব্যৱহাৰ কৰে উইনষ্টন চাৰ্চিলৰ এক বিখ্যাত উদ্ধৃতি। চাৰ্চিলৰ ফটো সম্বলিত এই ষ্ট’ৰীটোত লিখা আছে, "আপুনি যদি যাত্ৰাপথত ৰৈ আপোনাক লক্ষ্য কৰি ভুকি থকা প্ৰতিটো কুকুৰলৈ শিল দলিওৱাত লাগে, আপুনি কেতিয়াও গন্তব্যস্থানত উপনীত হ'ব নোৱাৰে।" ষ্ট’ৰীটো শ্বেয়াৰ কৰাৰ পাছতে সামাজিক মাধ্যমত এই পোষ্টটো সন্দৰ্ভত তীব্ৰ চৰ্চা আৰম্ভ হয়।

উল্লেখ্য যে বিচিচিআইয়ে যশপ্ৰীত বুমৰাহ আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে বুলি ঘোষণা কৰাৰ পিছতে তাৰকা পেচাৰগৰাকীয়ে এক টুইট যোগে দলৰ পৰা বাদ পৰাৰ বাবে তেওঁ হতাশ হৈ পৰিছে বুলি উল্লেখ কৰিছিল। অৱশ্যে দলত নাথাকিলেও অষ্ট্ৰেলিয়াত ভাৰতীয় দলৰ বিশ্বকাপ অভিযানৰ সময়ত উৎসাহিত কৰি যাব বুলি বুমৰাহে লগতে উল্লেখ কৰে।

বুমৰাহ দলৰ পৰা বাহিৰ হোৱাৰ পিছত তেওঁৰ স্থানত কোনগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হ’ব, সেই লৈ যথেষ্ট চৰ্চা চলি আছে। এই ক্ষেত্ৰত সৰ্বাধিক চৰ্চিত হৈছে অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ নাম। আন এগৰাকী পেচাৰ দীপক চাহাৰৰ নামো বিকল্প খেলুৱৈৰ তালিকাত আছে। উল্লেখ্য যে ইতিপূৰ্বে ঘোষিত ভাৰতীয় দলত ছামি আৰু চাহাৰ ষ্টেণ্ডবাই খেলুৱৈ হিচাপে আছে। অৱশ্যে বিচিচিআই- এই এইপৰ্যন্ত কোনো খেলুৱৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই আৰু দলৰ ১৫ সংখ্যক সদস্য গৰাকীৰ অবিহনেই আজি অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক