--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ পূৰ্বে কালি বাৰাণসীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ কালি বাৰাণসীত বিজেপি প্ৰাৰ্থীসকলৰ হৈ এক বৃহৎ ৰোড শ্ব’ত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন মুকলি বাহনত থিয় হৈ প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অংশ চহৰখনৰ মাজেৰে তিনি কিলোমিটাৰ অতিক্ৰম কৰিছিল। কালি ৰোড শ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পথৰ কাষৰ ষ্টলত চাহ পান কৰা দেখা গ’ল৷ ৰোড শ্ব’ৰ মাজতে কাশী বিশ্বনাথ মন্দিৰত কিছু সময়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ডম্বৰু বজোৱাও পৰিলক্ষিত হ’ল৷ উত্তৰ প্ৰদেশত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ৰোড শ্ব’ৰপিছত এখন সৰু চাহৰ দোকানত উপস্থিত হৈছিল, য’ত তেওঁ দলৰ আন সদস্যসকলৰ সৈতে চাহ খোৱা দেখিবলৈ পোৱা গ’ল৷ ৩.৫ কিলোমিটাৰজোৰা ৰোড শ্ব’টো লাহুৰাবীৰ কবিৰ চৌৰা, ময়দাগিন আৰু চাউক অঞ্চলৰ মাজেৰে পাৰ হৈ কাশী বিশ্বনাথ মন্দিৰৰ ওচৰত সমাপ্ত হৈছিল। ৰোড শ্ব’টোৱে কেণ্টনমেণ্ট, বাৰাণসী উত্তৰ আৰু বাৰাণসী দক্ষিণৰ তিনিটা বিধানসভা খণ্ড সামৰি লৈছিল। পূব উত্তৰ প্ৰদেশৰ আঠখন জিলাত আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মাৰ্চত অনুষ্ঠিত হ'ব আৰু ১০ মাৰ্চত ভোটগণনা কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক