--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ পূৰ্বে কালি বাৰাণসীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ কালি বাৰাণসীত বিজেপি প্ৰাৰ্থীসকলৰ হৈ এক বৃহৎ ৰোড শ্ব’ত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন মুকলি বাহনত থিয় হৈ প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টিৰ অংশ চহৰখনৰ মাজেৰে তিনি কিলোমিটাৰ অতিক্ৰম কৰিছিল। কালি ৰোড শ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পথৰ কাষৰ ষ্টলত চাহ পান কৰা দেখা গ’ল৷ ৰোড শ্ব’ৰ মাজতে কাশী বিশ্বনাথ মন্দিৰত কিছু সময়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ডম্বৰু বজোৱাও পৰিলক্ষিত হ’ল৷ উত্তৰ প্ৰদেশত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ওচৰ চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ৰোড শ্ব’ৰপিছত এখন সৰু চাহৰ দোকানত উপস্থিত হৈছিল, য’ত তেওঁ দলৰ আন সদস্যসকলৰ সৈতে চাহ খোৱা দেখিবলৈ পোৱা গ’ল৷ ৩.৫ কিলোমিটাৰজোৰা ৰোড শ্ব’টো লাহুৰাবীৰ কবিৰ চৌৰা, ময়দাগিন আৰু চাউক অঞ্চলৰ মাজেৰে পাৰ হৈ কাশী বিশ্বনাথ মন্দিৰৰ ওচৰত সমাপ্ত হৈছিল। ৰোড শ্ব’টোৱে কেণ্টনমেণ্ট, বাৰাণসী উত্তৰ আৰু বাৰাণসী দক্ষিণৰ তিনিটা বিধানসভা খণ্ড সামৰি লৈছিল। পূব উত্তৰ প্ৰদেশৰ আঠখন জিলাত আজি সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মাৰ্চত অনুষ্ঠিত হ'ব আৰু ১০ মাৰ্চত ভোটগণনা কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য