--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে  পুনৰ উজ্জ্বলা যোজনাৰ অধীনত যোগান ধৰা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিলে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছৰ মূল্য পুনৰ ১০০ টকা হ্ৰাস কৰা হৈছে বুলি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠকত সিদ্ধান্তটোত অনুমোদন দিয়া হয়। 


আগষ্ট মাহৰ শেষৰ পিনে  নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২০০  টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। একে সময়তে উজ্জ্বলা যোজনাৰ অধীনত গেছৰ চিলিণ্ডাৰত ২০০ টকাৰ অতিৰিক্ত ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছিল। এতিয়া, কেন্দ্ৰই উজ্জ্বলাৰ বাবে অতিৰিক্ত ৰেহাই বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কয়  যে উজ্জ্বলা যোজনাৰ বাবে অতিৰিক্ত ৰেহাই ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। 

দৰাচলতে কোভিড লকডাউনৰ আৰম্ভণিৰ পৰা ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাই গৈছিল। ৰাজসাহায্যৰ পৰিমাণ হ্ৰাস কৰা হৈছিল। পৰিস্থিতি এনে  হৈছিল যে ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীয়ে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছিল। ৰন্ধন গেছৰ আকাশলংঘী মূল্য  পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত  কেন্দ্ৰৰ বাবে  মূৰৰ বিষৰ কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰিয়েই হয়তো এনেদৰে গেছ চিলিণ্ডাৰৰ দাম কমোৱা হৈছে।

১ মাৰ্চলৈকে, দেশত উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৯ কোটি গ্ৰাহক আছিল। যদি কেন্দ্ৰই এই অতিৰিক্ত ৰাজসাহায্য দিয়ে তেন্তে বৃহৎ সংখ্যক গ্ৰাহক উপকৃত হ'ব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু