--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে  পুনৰ উজ্জ্বলা যোজনাৰ অধীনত যোগান ধৰা গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিলে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছৰ মূল্য পুনৰ ১০০ টকা হ্ৰাস কৰা হৈছে বুলি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠকত সিদ্ধান্তটোত অনুমোদন দিয়া হয়। 


আগষ্ট মাহৰ শেষৰ পিনে  নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ২০০  টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল। একে সময়তে উজ্জ্বলা যোজনাৰ অধীনত গেছৰ চিলিণ্ডাৰত ২০০ টকাৰ অতিৰিক্ত ৰেহাই দিয়াৰ কথা ঘোষণা কৰা হৈছিল। এতিয়া, কেন্দ্ৰই উজ্জ্বলাৰ বাবে অতিৰিক্ত ৰেহাই বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে কয়  যে উজ্জ্বলা যোজনাৰ বাবে অতিৰিক্ত ৰেহাই ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। 

দৰাচলতে কোভিড লকডাউনৰ আৰম্ভণিৰ পৰা ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাই গৈছিল। ৰাজসাহায্যৰ পৰিমাণ হ্ৰাস কৰা হৈছিল। পৰিস্থিতি এনে  হৈছিল যে ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীয়ে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছিল। ৰন্ধন গেছৰ আকাশলংঘী মূল্য  পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত  কেন্দ্ৰৰ বাবে  মূৰৰ বিষৰ কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰিয়েই হয়তো এনেদৰে গেছ চিলিণ্ডাৰৰ দাম কমোৱা হৈছে।

১ মাৰ্চলৈকে, দেশত উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৯ কোটি গ্ৰাহক আছিল। যদি কেন্দ্ৰই এই অতিৰিক্ত ৰাজসাহায্য দিয়ে তেন্তে বৃহৎ সংখ্যক গ্ৰাহক উপকৃত হ'ব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ