--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ দেশৰ মুক্ত সাংবাদিকতাক নিয়ন্ত্ৰণৰ চেষ্টা চলিছে সংগোপনে৷ ৰাষ্ট্ৰব্যৱস্থাই গণমুখী সাংবাদিকতাক নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ 

কোৱাবাহুল্য মাথোঁ যে দেশত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ক্ৰমাৎ অৱনমিত হৈছে সংবাদ স্বাধীনতাৰ পৰিমাপত ভাৰতৰ মান৷ ভাৰতত এতিয়া সাংবাদিকৰ স্বাধীনতাত কৌশলগতভাৱে হস্তক্ষেপ কৰা হৈছে৷ আৰু দেশৰ আগশাৰীৰ সাংবাদিক, বুদ্ধিজীৱীসকলে ক’ব খোজে যে ‘নিউজক্লিক’ৰ ওপৰত চলা আক্ৰমণ তেনে অনুশীলনৰে অংশবিশেষ৷ 

কি এই ‘নিউজক্লিক’ ?
নিউজক্লিক হৈছে ইংৰাজী ভাষাৰ এটা নিউজ ৱেবছাইট আৰু আৰু দেশৰ প্ৰগতিশীল আন্দোলনক তুলি ধৰা এটা স্বতন্ত্ৰ আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। ২০০৯ চনত প্ৰবীৰ পুৰকায়স্থই এই সংবাদ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল৷ এইগৰাকীয়ে সেইগৰাকী প্ৰবীৰ পুৰকায়স্থ, যাক ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।

নিউজক্লিকত ইডিৰ অভিযান নতুন কথা নহয়৷ ২০২১তো প্ৰৱৰ্তন সঞ্চালকালয়ে বিদেশী পুঁজি সম্পৰ্কীয় ধন ৰপ্তানিৰ অভিযোগত নিউজক্লিকৰ কাৰ্যালয় আৰু পুৰকায়স্থৰ বাসগৃহত অভিযান চলাইছিল৷ সেই সময়ছোৱাত এই নিউজ পৰ্টেলটোৱে কৃষক আন্দোলন সম্পৰ্কে এলানি প্ৰতিবেদন প্ৰকাশ কৰিছিল।

ভাৰতীয় সাংবাদিকসকলক কিয় তদন্ত কৰা হৈছে ?

এক বিবৃতিত আৰক্ষীয়ে কয় যে নিউজক্লিক কাৰ্যালয়টোৰে জড়িত  
৩৭গৰাকী পুৰুষ আৰু ৯গৰাকী মহিলা সংবাদকৰ্মীক তেওঁলোকৰ বাসগৃহত সোধা-পোছা কৰা হৈছিল। আনকি, অভিযানৰ কাৰণৰ বাবে অধিক বিৱৰণ নিদিয়াকৈ তেওঁলোকৰ ডিজিটেল সঁজুলি আৰু নথিপত্ৰ জব্দ কৰা হৈছিল। আৰক্ষীয়ে কৈছিল যে এই অভিযানবোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত চলোৱা হৈছিল ৷





সমস্ত ঘটনা-পৰিঘটনাৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজক্লিকে:

এটা প্ৰেছ বিজ্ঞপ্তিযোগে নিউজক্লিকে কয়,

‘আজি ২০২৩‌চনৰ ৩ অক্টোবৰ তাৰিখে দিল্লী আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰা নিউজক্লিক (NewsClick)ৰ কাৰ্যালয় আৰু নিউজক্লিকৰ সৈতে জড়িত সাংবাদিক আৰু কৰ্মচাৰীৰ বাসগৃহকে ধৰি বিভিন্ন স্থানত তালাচী অভিযান চলোৱা হয়।

কেইবাজনো ব্যক্তিক সোধা-পোছা কৰা হয় আৰু এতিয়ালৈকে আমাৰ সঞ্চালক প্ৰবীৰ পুৰকায়স্থ আৰু আমাৰ সৈতে সম্পৰ্কিত অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে।

আমাক এফ আই আৰৰ কপি দিয়া হোৱা নাই বা আমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা অপৰাধৰ সঠিক বিৱৰণৰ বিষয়ে অৱগত কৰা হোৱা নাই। নিউজক্লিক চৌহদ আৰু কৰ্মচাৰীৰ ঘৰৰ পৰা ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰা হৈছে, কোনো ধৰণৰ যথাযথ প্ৰক্ৰিয়া যেনে জব্দ কৰাৰ মেমো, জব্দ কৰা ডাটাৰ Hash value, আনকি তথ্যৰ কপি আদি প্ৰদান কৰা নাই। আমাৰ ৰিপ’ৰ্টিং ব্যাহত কৰিবলৈ নিউজক্লিকৰ কাৰ্যালয়টোও ছীল কৰাৰ নিকৃষ্ট পন্থা অৱলম্বন কৰিছে। আমি যিখিনি তথ্য সংগ্ৰহ কৰিব পাৰিছোঁ সেই অনুসৰি নিজৰ ৱেবছাইটত চীনৰ ভাষ্য (Propaganda) প্ৰচাৰ কৰাৰ অভিযোগ আনি নিউজক্লিকক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনৰ অপৰাধত অভিযুক্ত কৰা হৈছে ।

সাংবাদিকতাৰ স্বাধীনতাক সন্মান কৰিবলৈ অস্বীকাৰ কৰা আৰু সমালোচনাক দেশদ্ৰোহ বা ‘জাতীয় বিৰোধী’ অপপ্ৰচাৰ হিচাপে গণ্য কৰা চৰকাৰৰ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।

২০২১ৰ পৰা ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাই নিউজক্লিকক ধাৰাবাহিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইয়াৰ কাৰ্যালয় আৰু বিষয়াসকলৰ বাসগৃহত বলবৎকাৰী সঞ্চালকালয় (ED), দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখা( Economic Offences Wing) আৰু আয়কৰ বিভাগে অভিযান চলাইছে।

বিগত সময়ত সকলো ডিভাইচ, লেপটপ, গেজেট, ফোন আদি জব্দ কৰা হৈছে। সকলো ইমেইল আৰু যোগাযোগ তন্নতন্নকৈ বিশ্লেষণ কৰা হৈছে। বিগত কেইবাবছৰত নিউজক্লিকে লাভ কৰা সকলো বেংক ষ্টেটমেণ্ট, চালান, ব্যয়, ধনৰ উৎসসমূহ চৰকাৰৰ বিভিন্ন সংস্থাই সময়ে সময়ে তদাৰক কৰি আহিছে। বিভিন্ন পৰিচালক আৰু ইয়াৰ সৈতে যুক্ত ব্যক্তিসকলে কেইবাবাৰো এই চৰকাৰী সংস্থাসমূহৰ জেৰাত অগণন ঘন্টা সময় অতিবাহিত কৰিছে।

তথাপি যোৱা দুটা বছৰতকৈ বেছি সময় বলৱৎকাৰী সঞ্চালকালয়ে নিউজক্লিকক ধন সৰবৰাহৰ বিষয় উত্থাপন কৰি লিখিত অভিযোগ দাখিল কৰিব পৰা নাই। ভাৰতীয় দণ্ডবিধিৰ অধীনত হোৱা অপৰাধৰ ভিত্তিত নিউজক্লিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পৰা নাই দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। আয়কৰ বিভাগে আদালতৰ সন্মুখত নিজৰ এই কাৰ্যক সঠিক বুলি তুলি ধৰিব পৰা নাই।

যোৱা কেইবামাহো ধৰি প্ৰবীৰ পুৰকায়স্থক এইবোৰৰ কোনো এটা সংস্থাই জেৰাৰ বাবেও মাতিব পৰা নাই।

নিউজক্লিকৰ সকলো তথ্য, নথিপত্ৰ আৰু যোগাযোগৰ তথ্য  চৰকাৰৰ হাতত থকাৰ পাছতো অভিযোগসমূহৰ প্ৰমাণ দিব নোৱাৰা চৰকাৰখনে প্ৰকৃত ভাৰতৰ বাস্তৱ কাহিনী চিত্ৰিত কৰা স্বাধীন আৰু কৃষক, শ্ৰমিক আৰু সমাজৰ অন্যান্য সততে উপেক্ষা কৰা শ্ৰেণীসমূহৰ নিৰ্ভীক কণ্ঠ নিউজক্লিকক স্তব্ধ কৰিবলৈ ইউ এ পি এ দৰে ভয়ংকৰ আইন ব্যৱহাৰ কৰিছে৷ আৰু এই আইন ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হ'ল নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা উদ্দেশ্যপ্ৰণোদিত আৰু ভুৱা প্ৰবন্ধৰ।

আমি কেইটামান বিষয় স্পষ্ট কৰিব বিচাৰো:
* নিউজক্লিক এটা স্বতন্ত্ৰ সংবাদ ৱেবছাইট

* আমাৰ সাংবাদিকতাৰ বিষয়বস্তু বৃত্তিটোৰ উচ্চতম মান ৰক্ষা কৰি প্ৰস্তুত কৰা হয়

* নিউজক্লিকে চীনৰ কোনো সত্তা বা কৰ্তৃপক্ষৰ নিৰ্দেশত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো বাতৰি বা তথ্য প্ৰকাশ নকৰে

* নিউজক্লিকে নিজৰ ৱেবছাইটত চীনৰ প্ৰপাগেণ্ডা প্ৰচাৰ নকৰে

* নিউজক্লিকে নিজৰ ৱেবছাইটত প্ৰকাশিত বিষয়বস্তুৰ সন্দৰ্ভত নেভিল ৰয় সিংহামৰ পৰা নিৰ্দেশনা গ্ৰহণ নকৰে

* নিউজক্লিকে লাভ কৰা সকলো ধনৰ লেনদেন সুনিৰ্দিষ্ট বেংকিং চেনেলৰ জৰিয়তে কৰা হৈছে আৰু আইনৰ প্ৰয়োজন অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা হৈছে আৰু এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ সন্মুখত চলি থকা কাৰ্যবিধিত প্ৰমাণ কৰিছে

নিউজক্লিক ৱেবছাইটত এতিয়ালৈকে প্ৰকাশিত সকলো সাংবাদিকতামূলক বিষয়বস্তু ইণ্টাৰনেটত উপলব্ধ আৰু যিকোনো ব্যক্তিয়েই চাব পাৰে। দিল্লী আৰক্ষীৰ বিশেষ কোষে এটা লেখা বা ভিডিঅ’কো চীনৰ প্ৰপাগেণ্ডা বুলি গণ্য কৰা বুলি উল্লেখ কৰা নাই। বাস্তৱত দিল্লী আৰক্ষীৰ বিশেষ গোটে উত্থাপন কৰা প্ৰশ্নসমূহৰ বিষয় আছিল – দিল্লী সংঘৰ্ষ, কৃষকৰ প্ৰতিবাদ আদিৰ ৰিপ’ৰ্টৰ সন্দৰ্ভতহে। ইয়াৰ পৰাই এই কাৰ্যকলাপৰ আঁৰৰ নিকৃষ্ট উদ্দেশ্য আৰু কু-অভিপ্ৰায় ওলাই কৰে।

আদালত আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতৰ সংবিধান অনুসৰি আমি আমাৰ সাংবাদিকতাৰ স্বাধীনতা আৰু আমাৰ জীৱনৰ বাবে যুঁজ দি যাম।’
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে