--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ললিত মোদী আৰু সুস্মিতা সেনৰ প্ৰেম কাহিনী শেষ হোৱাৰ পথত। ললিত মোদীয়ে যেন সেই ইংগিতেই বহন কৰিলে। তেওঁলোকৰ সম্পৰ্ক শেষ হোৱা বুলি চৰ্চা আৰম্ভ হৈছে। ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্ট চাই মানুহে এই সন্দেহ প্ৰকাশ কৰিছে। 

এমাহ নৌহওঁতেই এই দম্পতীয়ে সম্পৰ্কৰ কথা ঘোষণা কৰিছিল আৰু এতিয়া তেওঁলোকৰ সম্পৰ্ক ভাঙি যোৱাৰ খবৰ আহিবলৈ আৰম্ভ কৰিছে।  

খবৰ বিয়পি পৰা অনুসৰি তেওঁলোকৰ বিচ্ছেদৰ কাৰণ হৈছে সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক ৰোহমান শ্বল।


সুস্মিতা সেন আৰু ললিত মোদীয়ে এতিয়ালৈকে ব্ৰেকআপৰ বিষয়ে কোনো কথা সদৰী কৰা নাই।  নতুবা দুয়োজনে এই বিষয়ে কোনো পোষ্ট শ্বেয়াৰ কৰা নাই।
 
ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ডাঙৰ পৰিৱৰ্তন দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰণা কৰিছে যে ললিত আৰু সুস্মিতাৰ সম্পৰ্ক ঠিকে চলি থকা নাই। 

ললিতে ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা সুস্মিতাৰ নাম আঁতৰাই দিছে।  সুস্মিতাৰ সৈতে থকা তেওঁৰ প্ৰফাইল পিকচাৰও সলনি কৰিছে মোদীয়ে।


উল্লেখ্য যে ললিত মোদীয়ে কিছুদিন পূৰ্বে ইনষ্টাগ্ৰাম আৰু টুইটাৰত সুস্মিতা সেনৰ সৈতে ফটো শ্বেয়াৰ কৰি নিজৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল।  এই সময়ত ললিতে সুস্মিতাৰ সৈতে তোলা ফটোখন নিজৰ প্ৰফাইল পিকচাৰ কৰি লৈছিল।  ইনষ্টাগ্ৰাম প্ৰফাইলৰ বায়’ত তেওঁ সুস্মিতাক নিজৰ জীৱনৰ প্ৰেম বুলি অভিহিত কৰিছে।  তেওঁ লিখিছিল, ‘মই মোৰ সংগীৰ সৈতে নতুন জীৱন আৰম্ভ কৰিছো।  মোৰ প্ৰেম সুস্মিতা সেন।'

এতিয়া ললিত মোদীয়ে কেৱল প্ৰফাইল পিকচাৰ সলনি কৰাই নহয়, বায়’ৰ পৰা সুস্মিতাৰ নামো আঁতৰাই পেলাইছে।  এতিয়া তেওঁৰ বায়’ত কেৱল আই পি এলৰ প্ৰতিষ্ঠাপক আৰু মুন বুলি লিখা আছে।  এই কথা দেখি নেটিজেনসকল যথেষ্ট স্তম্ভিত হৈ পৰিছে।

সুস্মিতাই এতিয়াও প্ৰাক্তন প্ৰেমিক ৰোহমন শ্বলৰ সৈতে সময় অতিবাহিত কৰি আছে। বিভিন্ন স্থানত দুয়োকে একেলগে দেখা পোৱা গৈছে। আমিৰ খানৰ 'লাল সিং চদ্দা' ছবিৰ প্ৰিমিয়াৰত ৰহমান আৰু সুস্মিতাক একেলগে দেখা পোৱা গৈছিল। তাৰোপৰি সুস্মিতাৰ কন্যাৰ জন্মদিনৰ পাৰ্টীতো একেলগে দেখা গৈছিল ৰোহমন আৰু সুস্মিতাক।

এই কথাৰ বাবেই ললিত আৰু সুস্মিতাৰ সম্পৰ্কত ফাঁট মেলা বুলি চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু