--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ললিত মোদী আৰু সুস্মিতা সেনৰ প্ৰেম কাহিনী শেষ হোৱাৰ পথত। ললিত মোদীয়ে যেন সেই ইংগিতেই বহন কৰিলে। তেওঁলোকৰ সম্পৰ্ক শেষ হোৱা বুলি চৰ্চা আৰম্ভ হৈছে। ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্ট চাই মানুহে এই সন্দেহ প্ৰকাশ কৰিছে। 

এমাহ নৌহওঁতেই এই দম্পতীয়ে সম্পৰ্কৰ কথা ঘোষণা কৰিছিল আৰু এতিয়া তেওঁলোকৰ সম্পৰ্ক ভাঙি যোৱাৰ খবৰ আহিবলৈ আৰম্ভ কৰিছে।  

খবৰ বিয়পি পৰা অনুসৰি তেওঁলোকৰ বিচ্ছেদৰ কাৰণ হৈছে সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক ৰোহমান শ্বল।


সুস্মিতা সেন আৰু ললিত মোদীয়ে এতিয়ালৈকে ব্ৰেকআপৰ বিষয়ে কোনো কথা সদৰী কৰা নাই।  নতুবা দুয়োজনে এই বিষয়ে কোনো পোষ্ট শ্বেয়াৰ কৰা নাই।
 
ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ডাঙৰ পৰিৱৰ্তন দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ধাৰণা কৰিছে যে ললিত আৰু সুস্মিতাৰ সম্পৰ্ক ঠিকে চলি থকা নাই। 

ললিতে ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা সুস্মিতাৰ নাম আঁতৰাই দিছে।  সুস্মিতাৰ সৈতে থকা তেওঁৰ প্ৰফাইল পিকচাৰও সলনি কৰিছে মোদীয়ে।


উল্লেখ্য যে ললিত মোদীয়ে কিছুদিন পূৰ্বে ইনষ্টাগ্ৰাম আৰু টুইটাৰত সুস্মিতা সেনৰ সৈতে ফটো শ্বেয়াৰ কৰি নিজৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল।  এই সময়ত ললিতে সুস্মিতাৰ সৈতে তোলা ফটোখন নিজৰ প্ৰফাইল পিকচাৰ কৰি লৈছিল।  ইনষ্টাগ্ৰাম প্ৰফাইলৰ বায়’ত তেওঁ সুস্মিতাক নিজৰ জীৱনৰ প্ৰেম বুলি অভিহিত কৰিছে।  তেওঁ লিখিছিল, ‘মই মোৰ সংগীৰ সৈতে নতুন জীৱন আৰম্ভ কৰিছো।  মোৰ প্ৰেম সুস্মিতা সেন।'

এতিয়া ললিত মোদীয়ে কেৱল প্ৰফাইল পিকচাৰ সলনি কৰাই নহয়, বায়’ৰ পৰা সুস্মিতাৰ নামো আঁতৰাই পেলাইছে।  এতিয়া তেওঁৰ বায়’ত কেৱল আই পি এলৰ প্ৰতিষ্ঠাপক আৰু মুন বুলি লিখা আছে।  এই কথা দেখি নেটিজেনসকল যথেষ্ট স্তম্ভিত হৈ পৰিছে।

সুস্মিতাই এতিয়াও প্ৰাক্তন প্ৰেমিক ৰোহমন শ্বলৰ সৈতে সময় অতিবাহিত কৰি আছে। বিভিন্ন স্থানত দুয়োকে একেলগে দেখা পোৱা গৈছে। আমিৰ খানৰ 'লাল সিং চদ্দা' ছবিৰ প্ৰিমিয়াৰত ৰহমান আৰু সুস্মিতাক একেলগে দেখা পোৱা গৈছিল। তাৰোপৰি সুস্মিতাৰ কন্যাৰ জন্মদিনৰ পাৰ্টীতো একেলগে দেখা গৈছিল ৰোহমন আৰু সুস্মিতাক।

এই কথাৰ বাবেই ললিত আৰু সুস্মিতাৰ সম্পৰ্কত ফাঁট মেলা বুলি চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ