--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ আগশাৰীৰ নেতা সঞ্জয় ৰাউটৰ কাৰাগাৰৰ ম্যাদ। আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰাউটক পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ লগে লগে অহা ১৯ ছেপ্টেম্বৰলৈকে মুকলি আকাশৰ তললৈ অহাৰ পথ বন্ধ হৈছে সঞ্জয় ৰাউটৰ।

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

আজি শুনানিৰ সময়ত গোচৰটোৰ তদন্ত কৰি থকা কেন্দ্ৰীয় তদন্ত সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ন্যায়িক জিম্মাৰ সম্প্ৰসাৰণ বিচাৰি আদালতক আবেদন জনায়। শিৱসেনা নেতাগৰাকীৰ অধিবক্তায়ো আদালতৰ মজিয়াত জামিনৰ বাবে আবেদন দাখিল কৰা নাই বুলি জানিবলৈ দিয়াৰ পিছতে আদালতে পুনৰ জিম্মাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লয়।

এমাহ ধৰি কাৰাগাৰত আৱদ্ধ থকাৰ বাবে আদালতে সাংসদ গৰাকীক কিছু সংসদীয় নথিপত্ৰত স্বাক্ষৰ কৰিবলৈ অনুমতি দিয়ে। অৱশ্যে এই নথিপত্ৰ সমূহৰ প্ৰতিলিপি আদালতৰ লগতে গোচৰৰ তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ হাতত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠে।

উল্লেখ্য যে ১ আগষ্টত ৰাউটক গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংসদগৰাকী প্ৰথম আঠ দিন এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল। তাৰ পিছত তেওঁক ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ১৪ দিনৰ জিম্মা শেষ হোৱাৰ পিছত যোৱা ২২ আগষ্টত পুনৰ ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল আদালতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু