--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ লণ্ডন ভ্ৰমণ বহু কাৰণত বিতৰ্কৰ চক্ৰবেহুত সোমাই পৰিছে৷  বিশেষকৈ তেওঁ ভাৰতীয় গণতন্ত্ৰ, ন্যায়পালিকা আৰু ভাব প্ৰকাশৰ স্বাধীনতাকলৈ কৰা মন্তব্যই বিজেপিৰ বহুতকে বিতুষ্ট কৰি তুলিছে৷ এনে সময়তে  লণ্ডনত থকা এটা কোম্পানীৰ  মুখ্য কাৰ্যবাহী বিষয়া মালিনী মেহৰাৰাহুল গান্ধীৰ সৈতে লণ্ডত কৰা  বাৰ্তালাপৰ বিষয়টোৱে নতুনকৈ চৰ্চাৰ মাজলৈ আহিছে৷এগৰাকী আৰ এছ এছ নেতাৰ কন্যা মালিনীয়ে  ৰাহুল গান্ধীক সোধা এটা প্ৰশ্নৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে৷  প্ৰশ্নটোৰ বাবে মালিনীয়ে প্ৰশংসা আৰু ককৰ্থনা  দুয়োটাই লাভ কৰিছে। 



মালিনীয়ে কয় "মই মোৰ দেশৰ অৱস্থাৰ বিষয়ে দুৰ্ভাগ্যজনক ছবি এখন  অনুভৱ কৰিছো। মোৰ দেউতা এজন আৰ এছ এছৰ মানুহ আছিল, গৌৰৱেৰে তেওঁ দেশৰ কথা ক’ব পৰা নাছিল, । আমি কেনেকৈ  আমাৰ গণতন্ত্ৰক পুনৰ শক্তিশালী কৰিব পাৰোঁ?" ৷ মালিনী মেহৰাই ৰাহুল গান্ধীক নিজকে এজন ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দি কয় যে তেওঁ লাখ লাখ লোকৰ মাজৰে এগৰাকী লোক,  যিয়ে তেওঁলোকৰ জন্ম আৰু ডাঙৰ দীঘল হোৱা দেশখনক স্বীকৃতি নিদিয়ে। এয়া  ভাল কথা  নে বেয়া কথা?" মালিনীয়ে   ৰাহুল গান্ধীক কৈছিল "আপুনি কি ভাবে? মই আজি ইয়াত কিয় আছোঁ? মই পৰিস্তিবোৰ দুৰ্ভাগ্যজনক অনুভৱ কৰিছো..." ।ৰাহুল গান্ধীয়ে কৈছিল " যেতিয়া আপুনি নিজৰ মনৰ কথা  প্ৰকাশ কৰিছে, আপুনি আপোনাৰ দেউতাক আৰ এছ এছত থকাৰ বিষয়ে কৈছে  আৰু তেওঁ দেশক স্বীকৃতি নিদিয়াৰ বিষয়েও কৈছে, এই কথোপকথন নিজেই এক অতি শক্তিশালী বাৰ্তা। কিয়নো আপুনি এইটো কোৱাৰ আঁৰত  এক বেলেগ প্ৰভাৱ আছে," । মালিনী মেহৰাৰ   সৈতে হোৱা   বাৰ্তালাপৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে: "... আপুনি যি মূল্যবোধৰ বাবে থিয় দিছে, যিবোৰ মূল্যবোধ ভাৰতীয় আৰু ভাৰতে সেই মূল্যবোধলৈ ঘূৰি যোৱা প্ৰয়োজন... গতিকে ধন্যবাদ। এয়া প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য, বিশ্বৰ সকলো ঠাইতে, ভাৰতৰ মূল মূল্যবোধৰ হৈ মাত মাতিবলৈ আৰু আমাৰ প্ৰিয় গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ," 

ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে, ইনফোচিছৰ প্ৰাক্তন সঞ্চালক টিভি মোহনদাস পাইয়ে মালিনী মেহৰাক 'অৰ্থনৈতিক শৰণাৰ্থী' বুলি অভিহিত কৰিছে। তেওঁ কয় "আৱৰ্জনা! এই অৰ্থনৈতিক শৰণাৰ্থীসকলে বহু বছৰ আগতে ভাৰত ত্যাগ কৰিছিল, আমি থাকিছিলো, কঠোৰ পৰিশ্ৰম কৰিছিলো, কৰ পৰিশোধ কৰিছিলো আৰু আমাৰ দেশ নিৰ্মাণ কৰিছিলো! এতিয়া তেওঁলোকে বাজে কথা কয়। ভাৰতক দুৰ্ব্যৱহাৰ কৰিবলৈ আমাক তেওঁলোকৰ প্ৰয়োজন নাই। তেওঁলোকক আঁতৰাই ৰখা হৈছে, আপোনাৰ অবিহনেই আমি ভালে আছো! কেৱল এই অপ প্ৰচাৰবোৰ বন্ধ কৰক," । এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে মালিনী মেহৰাৰ দেউতাক ড০ মাধৱ মেহৰা এজন আইএএছ বিষয়া আছিল যিয়ে ইনষ্টিটিউট অৱ ডাইৰেক্টৰ প্ৰতিষ্ঠা কৰিছিল৷ কিন্তু আৰ এছ এছৰ সৈতে তেওঁৰ কোনো 'জ্ঞাত সংযোগ' নাছিল। মালিনী মেহৰাৰ জীৱনী অনুসৰি তেওঁ সমগ্ৰ বিশ্বতে কাম কৰিছে আৰু বাস কৰিছে আৰু এতিয়া লণ্ডনত থাকে।  তেওঁ লণ্ডন ক্লাইমেট একচন উইকৰো  এম্বেচেডৰ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক