--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নাৰী দিৱস৷ এই উপলক্ষে এয়াৰ ইণ্ডিয়াৰ ৯০খন বিমানৰ পৰিচালনাৰ দায়িত্ব মহিলাক প্ৰদান কৰা হৈছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াৰ এই বিমানকেইখনত পাইলটৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীলৈকে সকলো মহিলা থাকিব। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সংশ্লিষ্ট বিমান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এয়াৰ ইণ্ডিয়াই জনাইছে যে ১ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ সেই বিমান পৰিচালনাৰ দায়িত্ব কেৱল মহিলা কৰ্মীসকলক দিয়া হৈছে। ‘ভাৰত ৰত্ন’ জে আৰ ডি টাটাৰ প্ৰথম বাণিজ্যিক বিমান যাত্ৰাৰ ৯০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৯০খন বিমান। কোম্পানীটোৱে এক বিবৃতিত কয় যে এয়াৰ ইণ্ডিয়াৰ ৪০খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ১০খন আন্তঃৰাষ্ট্ৰীয় বিমানত পাইলট হিচাপে কেৱল মহিলা কৰ্মচাৰী আছে। ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন বিমানবন্দৰৰ মাজত যাত্ৰা কৰা এয়াৰ এছিয়াৰ ৪০ খন বিমানতো মহিলাৰ কৰ্মচাৰী আছে।

এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, ইয়াৰ ৪০ শতাংশ কৰ্মশক্তি আৰু ১৫ শতাংশ ককপিটৰ ক্ৰু মহিলা। এয়াৰ ইণ্ডিয়াত ২০০ গৰাকী মহিলা পাইলটে কাম কৰি আছে বুলিও জানিবলৈ দিয়ে। এই সংখ্যা দেশৰ বিমান সংস্থাসমূহৰ ভিতৰত সৰ্বাধিক। ইয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াত ৯৭ গৰাকী মহিলা পাইলট আছে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ চিইঅ’ আলোক সিঙে কয়- ‘‘আমি আমাৰ কৰ্মক্ষেত্ৰত বিশেষকৈ আমাৰ নেতৃত্বৰ পদত মহিলাৰ সমতাপূৰ্ণ প্ৰতিনিধিত্ব লাভ কৰিবলৈ চেষ্টা কৰোঁ। আমি অতি গৌৰৱান্বিত যে সংস্থাটোৰ গুৰুত্বপূৰ্ণ পদত মহিলাসকলৰ বিশেষ ভূমিকা আছে।''
FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই