--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নাৰী দিৱস৷ এই উপলক্ষে এয়াৰ ইণ্ডিয়াৰ ৯০খন বিমানৰ পৰিচালনাৰ দায়িত্ব মহিলাক প্ৰদান কৰা হৈছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াৰ এই বিমানকেইখনত পাইলটৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীলৈকে সকলো মহিলা থাকিব। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সংশ্লিষ্ট বিমান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এয়াৰ ইণ্ডিয়াই জনাইছে যে ১ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ সেই বিমান পৰিচালনাৰ দায়িত্ব কেৱল মহিলা কৰ্মীসকলক দিয়া হৈছে। ‘ভাৰত ৰত্ন’ জে আৰ ডি টাটাৰ প্ৰথম বাণিজ্যিক বিমান যাত্ৰাৰ ৯০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৯০খন বিমান। কোম্পানীটোৱে এক বিবৃতিত কয় যে এয়াৰ ইণ্ডিয়াৰ ৪০খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ১০খন আন্তঃৰাষ্ট্ৰীয় বিমানত পাইলট হিচাপে কেৱল মহিলা কৰ্মচাৰী আছে। ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন বিমানবন্দৰৰ মাজত যাত্ৰা কৰা এয়াৰ এছিয়াৰ ৪০ খন বিমানতো মহিলাৰ কৰ্মচাৰী আছে।

এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, ইয়াৰ ৪০ শতাংশ কৰ্মশক্তি আৰু ১৫ শতাংশ ককপিটৰ ক্ৰু মহিলা। এয়াৰ ইণ্ডিয়াত ২০০ গৰাকী মহিলা পাইলটে কাম কৰি আছে বুলিও জানিবলৈ দিয়ে। এই সংখ্যা দেশৰ বিমান সংস্থাসমূহৰ ভিতৰত সৰ্বাধিক। ইয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াত ৯৭ গৰাকী মহিলা পাইলট আছে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ চিইঅ’ আলোক সিঙে কয়- ‘‘আমি আমাৰ কৰ্মক্ষেত্ৰত বিশেষকৈ আমাৰ নেতৃত্বৰ পদত মহিলাৰ সমতাপূৰ্ণ প্ৰতিনিধিত্ব লাভ কৰিবলৈ চেষ্টা কৰোঁ। আমি অতি গৌৰৱান্বিত যে সংস্থাটোৰ গুৰুত্বপূৰ্ণ পদত মহিলাসকলৰ বিশেষ ভূমিকা আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক