--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ সকলো বিখ্যাত স্থাপত্য ঐতিহাসিক লোকসকলৰ নামৰ লগত জড়িত। কিন্তু মহিলাৰ বাবে এনেধৰণৰ কোনো কীৰ্তিস্থল নাই বুলিবই পাৰি। কিন্তু মোগলৰ আমোলত ইয়াৰ ব্যতিক্ৰমো দেখা গৈছিল৷ একবিংশ শতিকাত নাৰীৰ অধিকাৰৰ বাবে নাৰী দিৱস পালন কৰা হয়৷

এই নাৰী দিৱস উপলক্ষেই মোগল যুগৰ তিনিগৰাকী মহিলাৰ কথা ক’বলৈ লোৱা হৈছে৷ তেওঁলোকে সেই যুগতে নিজৰ দায়িত্বত নিজৰ স্থাপত্য নিৰ্মাণ কৰি লৈছিল। দিল্লী চহৰৰ সেই তিনিটা কীৰ্তিচিহ্নই এতিয়াও নিজৰ ইতিহাস কঢ়িয়াই লৈ ফুৰিছে।

দিল্লীৰ কোনবোৰ কীৰ্তিচিহ্নৰ লগত নাৰী জড়িত?

১) খাইৰুল মঞ্জিলঃ ষোড়শ শতিকাত হুমায়ুন আৰু শ্বেৰ শ্বাহ ছুৰীৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল দিল্লীৰ বিখ্যাত ‘পুৰাণা কিলা’। খাইৰুল মঞ্জিল নামৰ স্থাপত্যটো ইয়াৰ ঠিক কাষতে আছে। ১৫৬১ চনত মোগল যুগৰ এগৰাকী বিদূষী মহিলা মহাম আংগাই এই মছজিদ নিৰ্মাণ কৰিছিল। অৱশ্যে তেওঁৰ আন এক পৰিচয় আছে। সম্ৰাট আকবৰৰ পত্নী আছিল তেওঁ৷

২) মুবাৰক মছজিদঃ মোগল যুগৰ এগৰাকী নৃত্যশিল্পীৰ নামেৰে এই মছজিদৰ নামকৰণ কৰা হৈছিল। সেই সময়ত স্থানীয় লোকে ইয়াক ‘ৰণ্ডি-কি-মছজিদ’ বুলি জনা গৈছিল। সেই সময়ত ইংৰাজৰ প্ৰতিনিধি হিচাপে দেশলৈ আহিছিল ডেভিদ অচটাৰলনি। তেওঁৰ ১৩ গৰাকী পত্নীৰ ভিতৰত এগৰাকী মুবাৰক বেগম। আচলতে তেওঁ আছিল এগৰাকী নৃত্যশিল্পী। হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ কন্যা হৈও মোবাৰকে সেই সময়ত ধৰ্মান্তৰিত হোৱাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ নিজৰ তত্বাৱধানত আৰু নিজৰ উপাৰ্জনেৰে এই মছজিদটো নিৰ্মাণ কৰিছিল।

৩) কুডছিয়া বাগঃ এই ৰাজপ্ৰসাদ ১৭৪৮ চনত সম্ৰাট আহমেদ শ্বাহ বাহাদুৰৰ মাতৃ কুদচিয়া বেগমৰ নামত নিৰ্মাণ কৰা হৈছিল। প্ৰায় ২০ একৰ এলেকাত নিৰ্মিত এই বিশাল বাগিচাৰ ঘৰটো তেওঁ নিজেই নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰিছিল। কিন্তু ত্ৰয়োদশ শতিকাত মহম্মদ শ্বাহৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ আগতে কুদছিয়াও আছিল যৌন দাস। ১৭৪৮ চনৰ পৰা ১৭৫৪ চনলৈকে স্বামীৰ শাসন কালত কুদছিয়াই দিল্লী মছনাদত বহু ক্ষমতা দখল কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই