--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ সকলো বিখ্যাত স্থাপত্য ঐতিহাসিক লোকসকলৰ নামৰ লগত জড়িত। কিন্তু মহিলাৰ বাবে এনেধৰণৰ কোনো কীৰ্তিস্থল নাই বুলিবই পাৰি। কিন্তু মোগলৰ আমোলত ইয়াৰ ব্যতিক্ৰমো দেখা গৈছিল৷ একবিংশ শতিকাত নাৰীৰ অধিকাৰৰ বাবে নাৰী দিৱস পালন কৰা হয়৷

এই নাৰী দিৱস উপলক্ষেই মোগল যুগৰ তিনিগৰাকী মহিলাৰ কথা ক’বলৈ লোৱা হৈছে৷ তেওঁলোকে সেই যুগতে নিজৰ দায়িত্বত নিজৰ স্থাপত্য নিৰ্মাণ কৰি লৈছিল। দিল্লী চহৰৰ সেই তিনিটা কীৰ্তিচিহ্নই এতিয়াও নিজৰ ইতিহাস কঢ়িয়াই লৈ ফুৰিছে।

দিল্লীৰ কোনবোৰ কীৰ্তিচিহ্নৰ লগত নাৰী জড়িত?

১) খাইৰুল মঞ্জিলঃ ষোড়শ শতিকাত হুমায়ুন আৰু শ্বেৰ শ্বাহ ছুৰীৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল দিল্লীৰ বিখ্যাত ‘পুৰাণা কিলা’। খাইৰুল মঞ্জিল নামৰ স্থাপত্যটো ইয়াৰ ঠিক কাষতে আছে। ১৫৬১ চনত মোগল যুগৰ এগৰাকী বিদূষী মহিলা মহাম আংগাই এই মছজিদ নিৰ্মাণ কৰিছিল। অৱশ্যে তেওঁৰ আন এক পৰিচয় আছে। সম্ৰাট আকবৰৰ পত্নী আছিল তেওঁ৷

২) মুবাৰক মছজিদঃ মোগল যুগৰ এগৰাকী নৃত্যশিল্পীৰ নামেৰে এই মছজিদৰ নামকৰণ কৰা হৈছিল। সেই সময়ত স্থানীয় লোকে ইয়াক ‘ৰণ্ডি-কি-মছজিদ’ বুলি জনা গৈছিল। সেই সময়ত ইংৰাজৰ প্ৰতিনিধি হিচাপে দেশলৈ আহিছিল ডেভিদ অচটাৰলনি। তেওঁৰ ১৩ গৰাকী পত্নীৰ ভিতৰত এগৰাকী মুবাৰক বেগম। আচলতে তেওঁ আছিল এগৰাকী নৃত্যশিল্পী। হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ কন্যা হৈও মোবাৰকে সেই সময়ত ধৰ্মান্তৰিত হোৱাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ নিজৰ তত্বাৱধানত আৰু নিজৰ উপাৰ্জনেৰে এই মছজিদটো নিৰ্মাণ কৰিছিল।

৩) কুডছিয়া বাগঃ এই ৰাজপ্ৰসাদ ১৭৪৮ চনত সম্ৰাট আহমেদ শ্বাহ বাহাদুৰৰ মাতৃ কুদচিয়া বেগমৰ নামত নিৰ্মাণ কৰা হৈছিল। প্ৰায় ২০ একৰ এলেকাত নিৰ্মিত এই বিশাল বাগিচাৰ ঘৰটো তেওঁ নিজেই নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰিছিল। কিন্তু ত্ৰয়োদশ শতিকাত মহম্মদ শ্বাহৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ আগতে কুদছিয়াও আছিল যৌন দাস। ১৭৪৮ চনৰ পৰা ১৭৫৪ চনলৈকে স্বামীৰ শাসন কালত কুদছিয়াই দিল্লী মছনাদত বহু ক্ষমতা দখল কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক