--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটি দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৰ্তমান লণ্ডনত তেওঁলোকৰ বন্ধ উপভোগ কৰি আছে। অনুষ্কাই তেওঁৰ  ছ'চিয়েল মিডিয়া হেণ্ডেলত   ক্ৰিকেটাৰ স্বামীৰ সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে৷  যাৰ শিৰোনাম আছিল, "সম্পূৰ্ণ এনজয়।"

চেলফিখনত বিৰাটক এক ভিন্ন ৰূপত  দেখা গৈছে। ধূসৰ ৰঙৰ চাৰ্ট পিন্ধি থকা অৱস্থাত তেওঁক অতি সুন্দৰ লাগিছে, আনহাতে, অনুষ্কাক বগা চাৰ্ট পিন্ধা দেখা গৈছে। তেওঁ তেনেই কম মেক-আপ কৰা স্বত্বেও অতি ধুনীয়া দেখাইছে বুলি নেটিজেনসকলে মন্তব্য কৰিছে৷দুয়োকে অলপতে কৃষ্ণ দাসৰ এটা কীৰ্তনৰ অনুষ্ঠানত  দেখা গৈছিল৷ কৃষ্ণ দাস হৈছে  এজন প্ৰখ্যাত আমেৰিকান কণ্ঠশিল্পী৷ তেওঁ  হিন্দু ভক্তিমূলক গীতৰ বাবে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত ৷ 
ভক্তিমূলক অনুষ্ঠানটোৰ কেইবাখনো ছবি আৰু ভিডিঅ' ভাইৰেল হৈছিল য'ত বিৰুষ্কাই সভক্তিৰে সেই ভজন শুনি আছিল৷
বিৰাট আৰু অনুষ্কাই ১১ ডিচেম্বৰত ইটালীত বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোক এতিয়া দেশৰ  আটাইতকৈ জনপ্ৰিয়  চেলিব্ৰিটি দম্পতিসকলৰ মাজৰে এহাল। ২০২১ চনৰ ১১ জানুৱাৰীত তেওঁলোকৰ পৰিয়াললৈ আহিছিল ভামিকা৷

বিৰাট লণ্ডনৰ ওভালত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ বাবে লণ্ডনলৈ গৈছিল৷ অৱশ্যে খেল খনত ভাৰত পৰাজিত হয়৷ পৰাজয়ৰ পিছতো হতাশ হোৱা নাই বিৰাট৷ পত্নীৰ সৈতে তেওঁ লণ্ডনৰ সৌন্দৰ্য উপভোগত ব্যস্ত হৈ পৰিছে৷ 

ভাৰতে পৰৱৰ্তী ১২ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ সৈতে অল ফৰ্মেট শৃংখলাত খেলিব। শৃংখলাটোত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আছে। টেষ্ট আৰু এদিনীয়াৰ এই শৃংখলাৰ সময়ত বিৰাটক অধিক শক্তিশালী ৰূপত দেখা যাব বুলি বহুতে আশা কৰিছে৷ 

আনহাতে, অনুষ্কাক পৰৱৰ্তী সময়ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনৰ ওপৰত আধাৰিত আৰু নেটফ্লিক্সত প্ৰচাৰিত হ'বলগীয়া য়া ক্ৰীড়া জীৱনীমূলক ছবি 'চাকদা এক্সপ্ৰেছ'ত দেখা যাব। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও অৱশ্যে ঘোষণা কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক