--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটি দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৰ্তমান লণ্ডনত তেওঁলোকৰ বন্ধ উপভোগ কৰি আছে। অনুষ্কাই তেওঁৰ  ছ'চিয়েল মিডিয়া হেণ্ডেলত   ক্ৰিকেটাৰ স্বামীৰ সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে৷  যাৰ শিৰোনাম আছিল, "সম্পূৰ্ণ এনজয়।"

চেলফিখনত বিৰাটক এক ভিন্ন ৰূপত  দেখা গৈছে। ধূসৰ ৰঙৰ চাৰ্ট পিন্ধি থকা অৱস্থাত তেওঁক অতি সুন্দৰ লাগিছে, আনহাতে, অনুষ্কাক বগা চাৰ্ট পিন্ধা দেখা গৈছে। তেওঁ তেনেই কম মেক-আপ কৰা স্বত্বেও অতি ধুনীয়া দেখাইছে বুলি নেটিজেনসকলে মন্তব্য কৰিছে৷দুয়োকে অলপতে কৃষ্ণ দাসৰ এটা কীৰ্তনৰ অনুষ্ঠানত  দেখা গৈছিল৷ কৃষ্ণ দাস হৈছে  এজন প্ৰখ্যাত আমেৰিকান কণ্ঠশিল্পী৷ তেওঁ  হিন্দু ভক্তিমূলক গীতৰ বাবে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত ৷ 
ভক্তিমূলক অনুষ্ঠানটোৰ কেইবাখনো ছবি আৰু ভিডিঅ' ভাইৰেল হৈছিল য'ত বিৰুষ্কাই সভক্তিৰে সেই ভজন শুনি আছিল৷
বিৰাট আৰু অনুষ্কাই ১১ ডিচেম্বৰত ইটালীত বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোক এতিয়া দেশৰ  আটাইতকৈ জনপ্ৰিয়  চেলিব্ৰিটি দম্পতিসকলৰ মাজৰে এহাল। ২০২১ চনৰ ১১ জানুৱাৰীত তেওঁলোকৰ পৰিয়াললৈ আহিছিল ভামিকা৷

বিৰাট লণ্ডনৰ ওভালত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ বাবে লণ্ডনলৈ গৈছিল৷ অৱশ্যে খেল খনত ভাৰত পৰাজিত হয়৷ পৰাজয়ৰ পিছতো হতাশ হোৱা নাই বিৰাট৷ পত্নীৰ সৈতে তেওঁ লণ্ডনৰ সৌন্দৰ্য উপভোগত ব্যস্ত হৈ পৰিছে৷ 

ভাৰতে পৰৱৰ্তী ১২ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ সৈতে অল ফৰ্মেট শৃংখলাত খেলিব। শৃংখলাটোত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আছে। টেষ্ট আৰু এদিনীয়াৰ এই শৃংখলাৰ সময়ত বিৰাটক অধিক শক্তিশালী ৰূপত দেখা যাব বুলি বহুতে আশা কৰিছে৷ 

আনহাতে, অনুষ্কাক পৰৱৰ্তী সময়ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনৰ ওপৰত আধাৰিত আৰু নেটফ্লিক্সত প্ৰচাৰিত হ'বলগীয়া য়া ক্ৰীড়া জীৱনীমূলক ছবি 'চাকদা এক্সপ্ৰেছ'ত দেখা যাব। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও অৱশ্যে ঘোষণা কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু