--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ পৰা বলীউডত বাজিছে বহু তাৰকাৰ বিয়াৰ ঘণ্টা। এইবাৰ বিয়াৰ কথা ভাবিছে নেকি অভিনেত্ৰী অনন্যা পাণ্ডেইও? আদিত্য ৰয় কাপুৰৰ সৈতে ৰোমাঞ্চৰ জল্পনা-কল্পনাৰ মাজতে অলপতে অনন্যাই এক সাক্ষাৎকাৰত নিজৰ হৃদয়ৰ কথা শ্বেয়াৰ কৰিছিল।

যোৱা বছৰ অভিনেত্ৰী কৃতি শ্বেননৰ দীপাৱলী বাছত আদিত্যৰ সৈতে অনন্যাক দেখা পোৱাৰ পিছৰে পৰা তেওঁলোকৰ সম্পৰ্কক লৈ উৰাবাতৰি চলিছিল। ইয়াৰ পিছত আদিত্যৰ ঘনিষ্ঠ বন্ধু ৰণবীৰ কাপুৰেও এই সম্পৰ্কত ছীল কৰে- "আদিত্যই এগৰাকী ছোৱালীৰ প্ৰেমত পৰিছে, যাৰ নাম 'ক'ৰে আৰম্ভ হয়।"

ইয়াৰ পূৰ্বে আন দুগৰাকী তাৰকাৰ সম্পৰ্ক আছিল অনন্যাৰ সৈতে। ইয়াৰে এজন হৈছে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান, আনজন হৈছে শ্বাহিদ কাপুৰৰ ভাতৃ ঈশান খট্টৰ।

শেষত অৱশ্যে চুংকি পাণ্ডেৰ কন্যাক আদিত্যৰ লগত আড্ডা দিয়া দেখা যায়। কোনোৱেই সম্পৰ্কৰ কথা জনোৱা নাছিল। অৱশ্যে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে বিবাহৰ কথা ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল।

‘লিগাৰ’ৰ নায়িকা অনন্যাই কয় যে তেওঁৰ বয়স এতিয়াও বিবাহযোগ্য হোৱা নাই। অৱশ্যে বিবাহৰ ক্ষেত্ৰত আপত্তি আছে বুলি এবাৰো কোৱা নাছিল।

অনন্যাৰ ভাষাত "মই এতিয়াও বহুত সৰু। বিয়া পাতিবলৈ মোৰ বয়স হোৱা নাই। এই মুহূৰ্তত বিয়াৰ কোনো পৰিকল্পনা নাই।” 

বৰ্তমান দিল্লীত আছে অনন্যা। আয়ুষমান খুৰানাৰ সৈতে ‘ড্ৰিম গাৰ্ল ২’ৰ কাম চলি আছে। ভিএফএক্সৰ কাম নিখুঁত কৰিবলৈ মেকাৰসকলে সময় লৈছিল। মাজতে ছবিখনৰ কাম বন্ধ হৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক