--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজয়া দশমী দিনা ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। কিন্তু ভাৰতত এনে বহু ঠাইত ৰাৱণ পূজা কৰা হয়। ৰাৱণ দহন উপলক্ষে ইয়াত শোক পালন কৰা হয়।

নৱৰাত্ৰিৰ অন্ত পৰাৰ লগে লগে চলিত বৰ্ষৰ ৫ অক্টোবৰ তাৰিখে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ’ব বিজয়া দশমী। হিন্দু ধৰ্মীয় গ্ৰন্থ অনুসৰি বিজয়া দশমী দিনা শ্ৰীৰামে লংকা ৰজা ৰাৱনক হত্যা কৰিছিল। লংকাৰ ৰজা হোৱাৰ উপৰিও ৰাৱণ আছিল ভোলেনাথৰ এজন মহান ভক্ত। আনহাতে ৰাৱণক মহান পণ্ডিত বুলিও কোৱা হয়।

মাতৃ সীতাৰ অপহৰণৰ পাছত এই পণ্ডিতক অধাৰ্মিক বুলি কোৱা হৈছিল। প্ৰাচীন কালৰে পৰা ৰাৱণৰ প্ৰতিমূৰ্তি দশেৰা অৰ্থাৎ বিজয়া দশমী  দিনা দাহ কৰা হয়। এনেদৰে অধাৰ্মিকতা আৰু অসত্যৰ ওপৰত সত্যৰ বিজয় প্ৰদৰ্শন কৰা হয়, কিন্তু আপুনি জানেনে যে আমাৰ দেশত এনে বহুতো মন্দিৰ আছে য’ত বিজয়দশমী উপলক্ষে ৰাৱণকহে পূজা কৰা হয়। জানো আহক দেশত অৱস্থিত কিছুমান ৰাৱণ মন্দিৰৰ বিষয়ে য'ত দিনা বিজয়া দশমীত শোক আৰু মৌনতা বিৰাজ কৰে।

লংকেশ্বৰ উৎসৱ
কৰ্ণাটকৰ কোলাৰ জিলাত অনুষ্ঠিত হয় লংকেশ্বৰ উৎসৱ। ইয়াত ৰাৱণৰ পূজা কৰা হৈছিল। ইয়াৰ পাছত ৰাৱণৰ লগতে শিৱৰ মূৰ্তিকো শোভাযাত্ৰাত উলিয়াই অনা হয়। আপোনালোকক কওঁ যে শিৱৰ ভক্ত হোৱাৰ বাবে ইয়াত ৰাৱণৰ পূজা কৰা হয়।

বিদিশা
মধ্যপ্ৰদেশত অৱস্থিত বিদিশা লংকাপতিৰ প্ৰিয় পত্নী মন্দোদৰীৰ জন্মস্থান।  বিদিশাত ১০ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু বিজয়া দশমী দিনা ইয়াত ৰাৱণৰ পূজা কৰা হয়।

মন্দসৌৰ
মধ্যপ্ৰদেশৰ মন্দসৌৰত দেশৰ প্ৰথমটো লংকনৰেশৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ইয়াত ৰুন্দী নামৰ ৰাৱণৰ এটা বিশাল প্ৰতিমূৰ্তি আছে, যাক পূজা কৰা হয়। এই মূৰ্তিৰ সন্মুখত মহিলাসকলে ওৰণি লৈ যায়। বিশ্বাস অনুযায়ী এইজন মন্দোদৰীৰ জন্মভূমি। আৰু ইয়াত থকা মহিলাসকলে জোঁৱাইৰ সন্মুখত ওৰণি নোলোৱাকৈ নাযায়।

বৈজনাথ
হিমাচল প্ৰদেশৰ বৈজনাথতো ৰাৱণ পূজা কৰা হয়। ইয়াত ৰাৱণে ভোলেনাথক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰিছিল বুলি বিশ্বাস কৰা হয়। সেইবাবেই ইয়াত মন্দিৰ নাথাকিলেও ৰাৱণৰ পূজা কৰা হয়। 

কানপুৰ
উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ ৰাৱণৰ মন্দিৰ বছৰত এবাৰ খোলা হয়। দশেৰাৰ দিনা শিৱলা অঞ্চলৰ দশনন মন্দিৰত স্থাপন কৰা ৰাৱণৰ মূৰ্তিক শোভা বঢ়াই আৰতি কৰা হয়। ইয়াত প্ৰদীপ জ্বলাই যদি কিবা মনোকামনা অৱগত কৰিলে সেয়া নিশ্চিতভাৱে পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক