--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোহিত সাগৰত এইবাৰ আক্ৰমণৰ বলি হ’ল  ভাৰতৰ এখন তেল পৰিবাহী জাহাজ। জাহাজ খনত বিদ্ৰোহীয়ে ড্ৰোন আক্ৰমণ চলায়।   ড্ৰোন আক্ৰমণৰ আঁৰত  য়েমেনৰ হুথি বিদ্ৰোহী জড়িত থকাৰ কথা নিশ্চিত হৈছে।  বিদ্ৰোহীয়ে  খাৰুৱা তেল কঢ়িওৱা টেংকাৰখনত আক্ৰমণ কৰে। এম ভি চাইবাবা নামৰ টেংকাৰখনত কেইবাজনো ভাৰতীয় নাবিক আছিল।

 তেওঁলোক বৰ্তমান সুৰক্ষিত অৱস্থাত থকা বুলি  জনা গৈছে। ন’ৰৱেৰ পতাকাযুক্ত এমভি ব্লামমেনেন নামৰ জাহাজ খনতো  একে সময়তে আক্ৰমণ কৰা হৈছিল। সেই সময়তে এখন আমেৰিকান জাহাজে জাহাজ দুখনক সহায় কৰিছিল। ইজৰাইল-হামাছ যুদ্ধৰ মাজতেসংঘটিত  এই আক্ৰমণৰ বিশেষ কোনো উদ্দেশ্য থাকিব পাৰে বুলি ধাৰাণা কৰা হৈছে। 
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কৈছে যে দুয়োখন  জাহাজৰ নাবিকেই আমেৰিকান টহলদাৰী জাহাজৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। ন’ৰৱেৰ পতাকাযুক্ত জাহাজখনত ৰাসায়নিক পদাৰ্থ আছিল। ভাৰতীয় জাহাজখনে   খাৰুৱা তেল কঢ়িয়াই নিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে দাবী কৰিছে যে আক্ৰমণটো  ইৰাণৰ সহায়ত বিদ্ৰোহীয়ে সংঘটিত কৰিছে।  ইৰানে হুথিসকলক সহায় কৰি  থকা বুলি অভিযোগ উঠি আহিছে। হুথিসকলে পূৰ্বে কৈছিল যে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত সংগঠনটো  হামাছৰ পক্ষত আছে। 

ইজৰাইল-হামাছ যুদ্ধৰ পিছৰে পৰা লোহিত সাগৰত ড্ৰোন আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। ভাৰতীয় জাহাজৰ ওপৰত হোৱা এই আক্ৰমণে বু দিশৰ উন্মেষ ঘটাইছে। মোদী চৰকাৰে যুদ্ধৰ বিৰোধিতা কৰি আহিছে কিন্তু ৰাজহুৱাভাৱে ইজৰাইলৰ পক্ষ লৈছে। সেয়ে বিদ্ৰোহীয়ে ভাৰতীয় জাহাজক আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে।

 শনিবাৰে, গুজৰাটৰ ওচৰত এখন ইজৰাইলী ব্যৱসায়িক জাহাজতো ড্ৰোন আক্ৰমণ হৈছিল। আৰৱ সাগৰত ড্ৰোনখনৰ জাহাজখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বিস্ফোৰণ সংঘটিত হৈছিল। জাহাজখন ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে লগে লগে  উদ্ধাৰ অভিযান চলাইছিল। জাহাজখন চৌদি আৰৱৰ পৰা মাংগালোৰলৈ গৈ আছিল। তাত ২০ জন ভাৰতীয় নাবিকো আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ