--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোহিত সাগৰত এইবাৰ আক্ৰমণৰ বলি হ’ল  ভাৰতৰ এখন তেল পৰিবাহী জাহাজ। জাহাজ খনত বিদ্ৰোহীয়ে ড্ৰোন আক্ৰমণ চলায়।   ড্ৰোন আক্ৰমণৰ আঁৰত  য়েমেনৰ হুথি বিদ্ৰোহী জড়িত থকাৰ কথা নিশ্চিত হৈছে।  বিদ্ৰোহীয়ে  খাৰুৱা তেল কঢ়িওৱা টেংকাৰখনত আক্ৰমণ কৰে। এম ভি চাইবাবা নামৰ টেংকাৰখনত কেইবাজনো ভাৰতীয় নাবিক আছিল।

 তেওঁলোক বৰ্তমান সুৰক্ষিত অৱস্থাত থকা বুলি  জনা গৈছে। ন’ৰৱেৰ পতাকাযুক্ত এমভি ব্লামমেনেন নামৰ জাহাজ খনতো  একে সময়তে আক্ৰমণ কৰা হৈছিল। সেই সময়তে এখন আমেৰিকান জাহাজে জাহাজ দুখনক সহায় কৰিছিল। ইজৰাইল-হামাছ যুদ্ধৰ মাজতেসংঘটিত  এই আক্ৰমণৰ বিশেষ কোনো উদ্দেশ্য থাকিব পাৰে বুলি ধাৰাণা কৰা হৈছে। 
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে কৈছে যে দুয়োখন  জাহাজৰ নাবিকেই আমেৰিকান টহলদাৰী জাহাজৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। ন’ৰৱেৰ পতাকাযুক্ত জাহাজখনত ৰাসায়নিক পদাৰ্থ আছিল। ভাৰতীয় জাহাজখনে   খাৰুৱা তেল কঢ়িয়াই নিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে দাবী কৰিছে যে আক্ৰমণটো  ইৰাণৰ সহায়ত বিদ্ৰোহীয়ে সংঘটিত কৰিছে।  ইৰানে হুথিসকলক সহায় কৰি  থকা বুলি অভিযোগ উঠি আহিছে। হুথিসকলে পূৰ্বে কৈছিল যে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত সংগঠনটো  হামাছৰ পক্ষত আছে। 

ইজৰাইল-হামাছ যুদ্ধৰ পিছৰে পৰা লোহিত সাগৰত ড্ৰোন আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। ভাৰতীয় জাহাজৰ ওপৰত হোৱা এই আক্ৰমণে বু দিশৰ উন্মেষ ঘটাইছে। মোদী চৰকাৰে যুদ্ধৰ বিৰোধিতা কৰি আহিছে কিন্তু ৰাজহুৱাভাৱে ইজৰাইলৰ পক্ষ লৈছে। সেয়ে বিদ্ৰোহীয়ে ভাৰতীয় জাহাজক আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে।

 শনিবাৰে, গুজৰাটৰ ওচৰত এখন ইজৰাইলী ব্যৱসায়িক জাহাজতো ড্ৰোন আক্ৰমণ হৈছিল। আৰৱ সাগৰত ড্ৰোনখনৰ জাহাজখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বিস্ফোৰণ সংঘটিত হৈছিল। জাহাজখন ক্ষতিগ্ৰস্ত হৈছিল, কিন্তু কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে লগে লগে  উদ্ধাৰ অভিযান চলাইছিল। জাহাজখন চৌদি আৰৱৰ পৰা মাংগালোৰলৈ গৈ আছিল। তাত ২০ জন ভাৰতীয় নাবিকো আছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাৰিত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বিশাল প্রতিবাদী সমদল
আমগুৰিত অসমীয়া যুৱ মঞ্চৰ মিঞাৰ বিৰুদ্ধে হুংকাৰ
কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ কৰি আমেৰিকাৰ সৈতে চুক্তি নকৰোঁঃ মোদী
মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান! ড্ৰাগছসহ দুই লাখ টকা আৰু বাহন জব্দ, গ্ৰেপ্তাৰ ১
চিয়া ছিডছ ছালৰ বাবে অতি উপকাৰী? ইয়াৰ উপকাৰিতা জনাৰ পাছত আপুনিও খাবলৈ আৰম্ভ কৰিব
'শিক্ষাসেতু' এপত ২৫ সহস্রাধিক শিক্ষকৰ অনুপস্থিতি কেনেকৈ সম্ভৱ?
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'