--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এইবাৰ বহু বৃহৎ নেতাই পৰাজয়ৰ সন্মুখীন হৈছে। মোডী চৰকাৰৰ বহু মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ আৰু অন্যান্য দলৰ বৃহৎ নেতালৈকে নিৰ্বাচনত পৰাস্ত হৈছে। কিন্তু এই নিৰ্বাচনত একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে বৃহৎ ব্যৱধানত জয়ী হৈ সকলোকে আচৰিত কৰি তুলিছে। এইবাৰ সংসদত উপনীত হৈছে কমেও ৭ জন নিৰ্দলীয় প্ৰাৰ্থী, যিটো পূৰ্বৰ নিৰ্বাচনতকৈ অধিক। এইবাৰ ডাঙৰ বিজয় পঞ্জীয়ন কৰা সেই নিৰ্দলীয় প্ৰাৰ্থীসকলৰ বিষয়ে জানক:

১) মহম্মদ হানিফা (লাডাখ): নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ হানিফাই কংগ্ৰেছ প্ৰাৰ্থী চেৰিং নামগ্যালক ২৭,৮৬২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

২) ইঞ্জিনিয়াৰ ৰছিদ (বাৰামুল্লা): ইঞ্জিনিয়াৰ আব্দুল ৰছিদ শ্বেইখে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু পিপলছ কনফাৰেন্সৰ ছাজ্জাদ গণি ল’নক পৰাস্ত কৰে। দুই লাখৰো অধিক ভোটৰ ব্যৱধানত ওমৰ আব্দুল্লাক পৰাস্ত কৰে ৰছিদে।

৩) অমৃতপল সিং (খাদুৰ চাহাব): খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাব ডি অৰ্গেনাইজেশ্যনৰ মুৰব্বী অমৃতপল সিঙে কংগ্ৰেছৰ কুলবিৰ সিং জিৰাক ১.৯৭ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

৪) উমেশভাই বাবুভাই পেটেল (দমন আৰু দিউ): উমেশভাই বাবুভাই পেটেলে বিজেপিৰ লালুভাই বাবুভাই পেটেলক ৬,২২৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ১৫ বছৰৰ পাছত বিজেপি পৰাজয়ৰ সূচনা কৰে।

৫) বিশাল প্ৰকাশবাবু পাটিল (ছাংলী): বিশাল (দাদা) প্ৰকাশবাবু পাটিলে বিজেপিৰ সঞ্জয় কাকা পাটিলক এক লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিশাল পাটিলে লাভ কৰে ৫.৭১ লাখৰো অধিক ভোট।

৬) সৰবজিৎ সিং খালছা (ফৰিদকোট): আম আদমি পাৰ্টিৰ কৰমজিৎ সিং আনমোলক ৭০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে সৰবজিৎ সিং খালছাই। সৰবজিৎ সিং খালছা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰী বন্ত সিঙৰ পুত্ৰ।

৭) ৰাজেশ ৰঞ্জন ওৰফে পাপ্পু যাদৱ (পুৰ্ণিয়া): পাপ্পু যাদৱে ৫৬.৭৫ লাখ ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বীক ২৩,৮৪৭ ভোটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বেও দুবাৰকৈ নিৰ্দলীয় সাংসদ হিচাপে পৰিগণিত হোৱা পাপ্পু যাদৱ দুয়োবাৰেই পূৰ্ণীয়াৰ পৰা নিৰ্বাচনত জয়ী হৈছিল।

১৯৫৭ চনৰ নিৰ্বাচনত সৰ্বাধিক ৪২ জন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছিল। ১৯৫২ চনত ৩৭ জন নিৰ্দলীয় প্ৰাৰ্থী, ১৯৬২ চনত ২০ জন, ১৯৬৭ চনত ৩৫ জন, ১৯৭১ চনত ১৪ জন আৰু ১৯৮৯ চনত ১২ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। একে সময়তে ১৯৯১ চনৰ নিৰ্বাচনত মাত্ৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়েহে জয়লাভ কৰিছিল। এইবাৰৰ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে যে নিৰ্দলীয় প্ৰাৰ্থীয়েও বৃহৎ ৰাজনৈতিক দলৰ সন্মুখত কঠিন প্ৰত্যাহ্বান দাঙি ধৰি জনসাধাৰণৰ আস্থা লাভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement