--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডুমডুমা চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিজিটেল ডেস্কঃ অসমত বসবাস কৰা গোৰ্খা, কোচ ৰাজবংশী আৰু হিন্দু বাঙালীৰ বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ গোৰ্খা আৰু কোচ ৰাজবংশীক প্ৰত্যাহাৰ কৰাৰ বিপৰীতে হিন্দু বাঙালীক এই গোচৰ প্ৰত্যাহাৰ নকৰাৰ প্ৰতিবাদত আজি ডুমডুমাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে ।


ডুমডুমা চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।


বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰা, ডি ভোটাৰৰ নটিছ দিয়া বন্ধ কৰা, ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা হিন্দু সকলক বিনাচৰ্তে মুক্তি দিয়া, হিন্দু বাঙালীক মাটি পট্টা প্ৰদান কৰা আৰু অসম চুক্তি অনুসৰি অসমত বাস কৰা হিন্দু বাঙালীক সম অধিকাৰ, সম মৰ্যদা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ।


সমাগত ২৬ৰ নিৰ্বাচনৰ আগত হিন্দু বাঙালী সকলৰ সমস্যাসমূহ সমাধান নকৰিলে বিজেপি চৰকাৰ তথা বিজেপি দলৰ বিৰুদ্ধে অৱস্থান কৰিব বুলি স্পষ্ট কৰি দিয়ে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু