--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা আৰু নাথাকিব আম আদমী পাৰ্টিৰ। অৰবিন্দ কেজৰিৱালৰ দলে কয় যে ‘ইণ্ডিয়া’ কেৱল লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে সৃষ্টি কৰা হৈছে। বিধানসভা নিৰ্বাচনত আপে পূৰ্ণ শক্তিৰে ৰাজধানীত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে কেজৰিৱালৰ ঘৰত আপৰ বিধায়ক আৰু শীৰ্ষ নেতাৰ এক বৈঠক অনুষ্ঠিত হয়। তাৰ পৰা ওলাই আহি মন্ত্ৰী গোপাল ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ মিত্ৰতা কৰিব নিবিচাৰে। অকলে যুঁজিব বিচাৰে। তেওঁ কয়, ‘বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ লোকসভা নিৰ্বাচনত যুঁজিবলৈ গঠন কৰা হৈছিল। সেই মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বহু দলে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আপো তাৰ এটা অংশ আছিল। কিন্তু এতিয়াৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনত আপ কোনো মিত্ৰতাত নাই।’’

সম্প্ৰতি কাৰাগাৰত আছে আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী। লোকসভা নিৰ্বাচনত তেওঁলোকে ‘বিৰূপ’ পৰিস্থিতিত যুঁজিবলগীয়া হোৱা বুলি দাবী কৰে গোপালে। তেওঁ ক’লে, আমাৰ নেতা জেলত আছে। আমি এক কঠিন পৰিস্থিতিত পৰিছো। কেজৰীক গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে দলীয় কৰ্মী আৰু সমৰ্থক। কিন্তু ইয়াৰ পিছতো আমি একত্ৰিত হৈ থাকিলোঁ। দিল্লীত বিজেপিৰ প্ৰাৰ্থীৰ বিজয়ৰ ব্যৱধান যথেষ্ট হ্ৰাস পাইছে।

দিল্লীৰ লোকসভা নিৰ্বাচনত আপে ভাল ফলাফল দেখুৱাব পৰা নাছিল। কংগ্ৰেছৰ সৈতে মিত্ৰতাই কোনো সহায় কৰা নাছিল। ৰাজধানীৰ ৭খন আসনৰ আটাইকেইখন আসন দখল কৰিছে বিজেপিয়ে। তাত আপ-কংগ্ৰেছ মিত্ৰতা শূন্য। কেৱল দিল্লীতে নহয়, সমগ্ৰ দেশতে কেজৰিৰ দলে মাত্ৰ তিনিখন আসনহে পালে। তিনিওজনেই পঞ্জাৱৰ। এনে পৰিস্থিতিত তেওঁলোকে অকলে বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু