--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছখন ৰাজ্যৰ উপ-নিৰ্বাচনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ উত্থানৰ সময়তে কৰ্ণাটকত বিজেপি-জেডি(এছ) ৰ মিত্ৰতা চূড়ান্ত হৈ পৰিছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই শুকুৰবাৰে নিশ্চিত কৰিছে যে কৰ্ণাটকত  ২০২৪ৰ  লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু জেডি(এছ)য়ে তেওঁলোকৰ মিত্ৰতা নিশ্চিত  কৰিছে। সেইমৰ্মে  চাৰিখন আসনৰ বাবে বিজেপিয়ে জেডি(এছ)ৰ সৈতে বুজাবুজি কৰিবলৈ সন্মত হৈছে।

য়েদিয়ুৰাপ্পাই কয় যে অমিত শ্বাহে জেডি(এছ)ক চাৰিখন লোকসভা আসন এৰি  দিবলৈ সন্মত হৈছে। জেডি(এছ)ৰ সৰ্বোচ্চ নেতা এইচ ডি দেৱগৌড়াই শেহতীয়াকৈ বিজেপিৰ মুৰব্বী জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ।

ইয়েদিয়ুৰাপ্পাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ  বাবে কৰ্ণাটকত বিজেপি-জেডি(এছ) মিত্ৰতা নিশ্চিত কৰিছিল। উল্লেখ্য পূৰ্বে জেডি(এছ) দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা  কৰিছিল আৰু এইচ ডি কুমাৰস্বামীক মুখ্যমন্ত্ৰী হিচাপে লৈ কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল। ক্ষমতালৈ অহাৰ এবছৰ পিছত ২০১৯  চনত আস্থা ভোটত  পৰাজিত হোৱাৰ পিছত কুমাৰস্বামীৰ চৰকাৰ ভংগ হৈছিল।

বাতৰি অনুসৰি জেডিএছে মাণ্ড্য, হাছান, তুমাকুৰু, চিকবাল্লাপুৰ আৰু বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল। বিজেপিয়ে দলটোক চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিবলৈ সন্মত হৈছে। সেই আসন কেইখন হৈছে  কোলাৰ, হাছান, মাণ্ড্য আৰু বেংগালুৰু গ্ৰাম্য।


এসময়ত কংগ্ৰেছৰ সহযোগী আছিল  জেডিএছক বাংগালুৰুত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল। "কিছুমান (কৰ্ণাটক) কংগ্ৰেছ নেতাই মোক বিচৰা নাছিল... বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মোৰ ভাল বন্ধু । যিহেতু কংগ্ৰেছে মোক নিবিচাৰে... মোক মতা হোৱা নাছিল,"  দেৱগৌড়াই কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস