--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছখন ৰাজ্যৰ উপ-নিৰ্বাচনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ উত্থানৰ সময়তে কৰ্ণাটকত বিজেপি-জেডি(এছ) ৰ মিত্ৰতা চূড়ান্ত হৈ পৰিছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই শুকুৰবাৰে নিশ্চিত কৰিছে যে কৰ্ণাটকত  ২০২৪ৰ  লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু জেডি(এছ)য়ে তেওঁলোকৰ মিত্ৰতা নিশ্চিত  কৰিছে। সেইমৰ্মে  চাৰিখন আসনৰ বাবে বিজেপিয়ে জেডি(এছ)ৰ সৈতে বুজাবুজি কৰিবলৈ সন্মত হৈছে।

য়েদিয়ুৰাপ্পাই কয় যে অমিত শ্বাহে জেডি(এছ)ক চাৰিখন লোকসভা আসন এৰি  দিবলৈ সন্মত হৈছে। জেডি(এছ)ৰ সৰ্বোচ্চ নেতা এইচ ডি দেৱগৌড়াই শেহতীয়াকৈ বিজেপিৰ মুৰব্বী জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ।

ইয়েদিয়ুৰাপ্পাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ  বাবে কৰ্ণাটকত বিজেপি-জেডি(এছ) মিত্ৰতা নিশ্চিত কৰিছিল। উল্লেখ্য পূৰ্বে জেডি(এছ) দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা  কৰিছিল আৰু এইচ ডি কুমাৰস্বামীক মুখ্যমন্ত্ৰী হিচাপে লৈ কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল। ক্ষমতালৈ অহাৰ এবছৰ পিছত ২০১৯  চনত আস্থা ভোটত  পৰাজিত হোৱাৰ পিছত কুমাৰস্বামীৰ চৰকাৰ ভংগ হৈছিল।

বাতৰি অনুসৰি জেডিএছে মাণ্ড্য, হাছান, তুমাকুৰু, চিকবাল্লাপুৰ আৰু বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল। বিজেপিয়ে দলটোক চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিবলৈ সন্মত হৈছে। সেই আসন কেইখন হৈছে  কোলাৰ, হাছান, মাণ্ড্য আৰু বেংগালুৰু গ্ৰাম্য।


এসময়ত কংগ্ৰেছৰ সহযোগী আছিল  জেডিএছক বাংগালুৰুত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল। "কিছুমান (কৰ্ণাটক) কংগ্ৰেছ নেতাই মোক বিচৰা নাছিল... বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মোৰ ভাল বন্ধু । যিহেতু কংগ্ৰেছে মোক নিবিচাৰে... মোক মতা হোৱা নাছিল,"  দেৱগৌড়াই কয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ