--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবি জগতত তেওঁৰ বেছ নাম আছে। শেহতীয়াকৈ তেওঁ চৰ্চালৈ আহিছিল   এগৰাকী সুন্দৰী  অভিনেত্ৰীক বিয়া কৰোৱাৰ বাবে। নিজৰ সৈতে চেহেৰাৰ কোনো মিল নথকা এইগৰাকী প্ৰযোজকে দক্ষিণ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক বিয়া পাতিছিল। কিন্তু বিয়াৰ পিছতে এইবাৰ প্ৰযোজকগৰাকী আৰক্ষীৰ জালত পৰিছে।  বিয়া পতা বাবে নহয়, তামিল প্ৰযোজক ৰবীন্দ্ৰ চন্দ্ৰশেখৰণক  আন এটা কাৰণতহে  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 তেওঁক প্ৰায় ১৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।তামিল চলচ্চিত্ৰ উদ্যোগত ৰবীন্দ্ৰৰ বেছ  নাম আছে। তেওঁ নিজৰ প্ৰযোজনা কোম্পানীৰ বেনাৰৰ অধীনত কেইবাখনো হিট ছবি নিৰ্মাণ কৰিছে। এই বছৰৰ আৰম্ভণিতে, তেওঁ তামিল অভিনেত্ৰী মহালক্ষ্মীক বিয়া কৰাইছিল। 

এই বিয়াখনকলৈ  লৈ বহু আলোচনা হৈছিল। কাৰণ দুয়োগৰাকীৰে  শাৰীৰিক অৱয়বৰ  যথেষ্ট পাৰ্থক্য আছে। 'শকত দৰাৰ সুন্দৰী পত্নী', 'অভিনেত্ৰীগৰাকীয়ে পইচাৰ লোভত বিবাহপাশত আৱদ্ধ হৈছে', আদি কথাবোৰ নেটিজেনৰ মাজত বাগৰি ফুৰিছিল।চেন্নাইৰ কেন্দ্ৰীয় অপৰাধ শাখাত ৰবীন্দ্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।২০২০ চনত ৰবীন্দ্ৰৰ কোম্পানীয়ে পৌৰ নিগমৰ আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ কামটো  গ্ৰহণ কৰিছিল। আন দুজন বিনিয়োগকাৰীও কামটোত জড়িত আছিল। তেওঁলোকৰ পৰা ১৫.৮৩ কোটি টকা লোৱা হৈছিল।

অভিযোগ কৰা হৈছে যে ৰবীন্দ্ৰৰ কোম্পানীয়ে টকা লোৱাৰ পিছতো কাম আৰম্ভ কৰা নাছিল। তেওঁ কাকো আনকি টকা ঘূৰাই দিয়া নাছিল।ফলত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। শেষত আৰক্ষীয়ে তামিল ছবিৰ প্ৰযোজকগৰাকীক  গ্ৰেপ্তাৰ কৰে ।  তেওঁৰ আকস্মিক গ্ৰেপ্তাৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।  জানিব পৰা গৈছে যে ৰবীন্দ্ৰই আৰক্ষীৰ জেৰাৰ সময়ত বহু  ভুৱা নথিপত্ৰ দেখুৱাইছিল। ই সমস্যাটো অধিক  জটিল কৰি তুলিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ