--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবি জগতত তেওঁৰ বেছ নাম আছে। শেহতীয়াকৈ তেওঁ চৰ্চালৈ আহিছিল   এগৰাকী সুন্দৰী  অভিনেত্ৰীক বিয়া কৰোৱাৰ বাবে। নিজৰ সৈতে চেহেৰাৰ কোনো মিল নথকা এইগৰাকী প্ৰযোজকে দক্ষিণ ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক বিয়া পাতিছিল। কিন্তু বিয়াৰ পিছতে এইবাৰ প্ৰযোজকগৰাকী আৰক্ষীৰ জালত পৰিছে।  বিয়া পতা বাবে নহয়, তামিল প্ৰযোজক ৰবীন্দ্ৰ চন্দ্ৰশেখৰণক  আন এটা কাৰণতহে  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 তেওঁক প্ৰায় ১৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।তামিল চলচ্চিত্ৰ উদ্যোগত ৰবীন্দ্ৰৰ বেছ  নাম আছে। তেওঁ নিজৰ প্ৰযোজনা কোম্পানীৰ বেনাৰৰ অধীনত কেইবাখনো হিট ছবি নিৰ্মাণ কৰিছে। এই বছৰৰ আৰম্ভণিতে, তেওঁ তামিল অভিনেত্ৰী মহালক্ষ্মীক বিয়া কৰাইছিল। 

এই বিয়াখনকলৈ  লৈ বহু আলোচনা হৈছিল। কাৰণ দুয়োগৰাকীৰে  শাৰীৰিক অৱয়বৰ  যথেষ্ট পাৰ্থক্য আছে। 'শকত দৰাৰ সুন্দৰী পত্নী', 'অভিনেত্ৰীগৰাকীয়ে পইচাৰ লোভত বিবাহপাশত আৱদ্ধ হৈছে', আদি কথাবোৰ নেটিজেনৰ মাজত বাগৰি ফুৰিছিল।চেন্নাইৰ কেন্দ্ৰীয় অপৰাধ শাখাত ৰবীন্দ্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।২০২০ চনত ৰবীন্দ্ৰৰ কোম্পানীয়ে পৌৰ নিগমৰ আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ কামটো  গ্ৰহণ কৰিছিল। আন দুজন বিনিয়োগকাৰীও কামটোত জড়িত আছিল। তেওঁলোকৰ পৰা ১৫.৮৩ কোটি টকা লোৱা হৈছিল।

অভিযোগ কৰা হৈছে যে ৰবীন্দ্ৰৰ কোম্পানীয়ে টকা লোৱাৰ পিছতো কাম আৰম্ভ কৰা নাছিল। তেওঁ কাকো আনকি টকা ঘূৰাই দিয়া নাছিল।ফলত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। শেষত আৰক্ষীয়ে তামিল ছবিৰ প্ৰযোজকগৰাকীক  গ্ৰেপ্তাৰ কৰে ।  তেওঁৰ আকস্মিক গ্ৰেপ্তাৰে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।  জানিব পৰা গৈছে যে ৰবীন্দ্ৰই আৰক্ষীৰ জেৰাৰ সময়ত বহু  ভুৱা নথিপত্ৰ দেখুৱাইছিল। ই সমস্যাটো অধিক  জটিল কৰি তুলিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক