--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাৰ্থী। লোকসভা নিৰ্বাচনৰ তেওঁ বিজেপি দলৰ প্ৰাৰ্থী।  সাধাৰণতে  ৰাজকীয় পৰিয়ালৰ  সৈতে জড়িত লোকসকল অগাধ সম্পত্তিৰ গৰাকী হয়।  অপৰিসীম সম্পদ, বিলাসী গাড়ী আৰু বিশাল সম্পত্তিৰ মালিক হয় তেওঁলোক । অৱশ্যে এনে ধাৰণাক ভুল প্ৰতিপন্ন কৰিছে   মহীশূৰ প্ৰাক্তন ৰাজপৰিয়ালৰ মুৰব্বী যদুবীৰ কৃষ্ণৰাজ দত্ত ৱাদিয়াৰে।

 যুৱৰাজ যদুবীৰৰ নাই  কোনো ভূমি, তেওঁৰ নিজা ঘৰ বা বাহন এখনো নাই। তেওঁ মহীশূৰ লোকসভা আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে।  নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা নিৰ্বাচনী শপতনামাত যদুবীৰে তেওঁৰ মাটি বা ঘৰ আৰু বাহন নথকাৰ কথা   ঘোষণা কৰিছে। গাড়ী-ঘৰ নাথাকিলেও শপতনামাখনত অৱশ্যে  'যুৱৰাজ' যদুবীৰে ৯  কোটি টকাৰ সম্পত্তি থকাৰ কথাও ঘোষণা কৰিছে। 'যুৱৰাজ'ৰ দ্বাৰা ঘোষিত ৯ কোটি টকাৰ  সম্পত্তিৰ ভিতৰত আছে শ্বেয়াৰ হোল্ডিং আৰু অন্যান্য মূল্যৱান সামগ্ৰী। 

শপতনামা অনুসৰি তেওঁৰ নামত কোনো  বাহন পঞ্জীয়ন কৰা হোৱা নাই। তেওঁৰ পত্নী ত্ৰিশিকা কুমাৰী ৱাদিয়াৰৰ ১ কোটি টকাৰ সম্পত্তি আছে, আৰু তেওঁৰ পুত্ৰ আদ্যবীৰৰ ৩.৬ কোটি টকাৰ সম্পত্তি আছে। যদুবীৰৰ ওচৰত ৩.৪ কোটি টকাৰ সোণ আৰু ৰূপ আছে, আনহাতে ত্ৰিশিকাৰ ওচৰত ১ কোটি টকাৰ গহনা আছে।

যদুবীৰ আৰু ত্ৰিশিকাই লিটল বানিয়ান্স প্ৰাইভেট লিমিটেড আৰু ভীৰুন্দা ফাউণ্ডেচনকে ধৰি কেইবাটাও কোম্পানীৰ  পৰিচালনাৰ দায়িত্ব পালন কৰি আহিছে। ৩২ বছৰীয়া 'যুৱৰাজ' যদুবীৰে কংগ্ৰেছ প্ৰাৰ্থী এম লক্ষ্মণৰ বিৰুদ্ধে মহীশূৰ লোকসভা আসনত  প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে, মাণ্ড্যৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ভেংকটৰমন গৌদা ওৰফে ষ্টাৰ চান্দ্ৰুৱে নিৰ্বাচনী শপতনামাত ৬২২ কোটি টকাৰ সম্পত্তি থকাৰ কথা ঘোষণা কৰিছে। তেওঁৰ সম্পত্তিৰ ভিতৰত আছে মুখ্যতঃ ভূমি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ