--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাৰ্থী। লোকসভা নিৰ্বাচনৰ তেওঁ বিজেপি দলৰ প্ৰাৰ্থী।  সাধাৰণতে  ৰাজকীয় পৰিয়ালৰ  সৈতে জড়িত লোকসকল অগাধ সম্পত্তিৰ গৰাকী হয়।  অপৰিসীম সম্পদ, বিলাসী গাড়ী আৰু বিশাল সম্পত্তিৰ মালিক হয় তেওঁলোক । অৱশ্যে এনে ধাৰণাক ভুল প্ৰতিপন্ন কৰিছে   মহীশূৰ প্ৰাক্তন ৰাজপৰিয়ালৰ মুৰব্বী যদুবীৰ কৃষ্ণৰাজ দত্ত ৱাদিয়াৰে।

 যুৱৰাজ যদুবীৰৰ নাই  কোনো ভূমি, তেওঁৰ নিজা ঘৰ বা বাহন এখনো নাই। তেওঁ মহীশূৰ লোকসভা আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে।  নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা নিৰ্বাচনী শপতনামাত যদুবীৰে তেওঁৰ মাটি বা ঘৰ আৰু বাহন নথকাৰ কথা   ঘোষণা কৰিছে। গাড়ী-ঘৰ নাথাকিলেও শপতনামাখনত অৱশ্যে  'যুৱৰাজ' যদুবীৰে ৯  কোটি টকাৰ সম্পত্তি থকাৰ কথাও ঘোষণা কৰিছে। 'যুৱৰাজ'ৰ দ্বাৰা ঘোষিত ৯ কোটি টকাৰ  সম্পত্তিৰ ভিতৰত আছে শ্বেয়াৰ হোল্ডিং আৰু অন্যান্য মূল্যৱান সামগ্ৰী। 

শপতনামা অনুসৰি তেওঁৰ নামত কোনো  বাহন পঞ্জীয়ন কৰা হোৱা নাই। তেওঁৰ পত্নী ত্ৰিশিকা কুমাৰী ৱাদিয়াৰৰ ১ কোটি টকাৰ সম্পত্তি আছে, আৰু তেওঁৰ পুত্ৰ আদ্যবীৰৰ ৩.৬ কোটি টকাৰ সম্পত্তি আছে। যদুবীৰৰ ওচৰত ৩.৪ কোটি টকাৰ সোণ আৰু ৰূপ আছে, আনহাতে ত্ৰিশিকাৰ ওচৰত ১ কোটি টকাৰ গহনা আছে।

যদুবীৰ আৰু ত্ৰিশিকাই লিটল বানিয়ান্স প্ৰাইভেট লিমিটেড আৰু ভীৰুন্দা ফাউণ্ডেচনকে ধৰি কেইবাটাও কোম্পানীৰ  পৰিচালনাৰ দায়িত্ব পালন কৰি আহিছে। ৩২ বছৰীয়া 'যুৱৰাজ' যদুবীৰে কংগ্ৰেছ প্ৰাৰ্থী এম লক্ষ্মণৰ বিৰুদ্ধে মহীশূৰ লোকসভা আসনত  প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে, মাণ্ড্যৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ভেংকটৰমন গৌদা ওৰফে ষ্টাৰ চান্দ্ৰুৱে নিৰ্বাচনী শপতনামাত ৬২২ কোটি টকাৰ সম্পত্তি থকাৰ কথা ঘোষণা কৰিছে। তেওঁৰ সম্পত্তিৰ ভিতৰত আছে মুখ্যতঃ ভূমি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু