--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ জন্ম কিয় হৈছে? উপভোগ কৰিবলৈ নে কাম কৰিবলৈ? এই প্ৰশ্নৰ উত্তৰ আজি  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে নিজেই দিলে। মোদীয়ে কয় যে তেওঁৰ জন্ম আনন্দ কৰিবলৈ   নহয়, দেশৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবেহে তেওঁৰ জন্ম হৈছে। তেওঁ লগতে কয় যে তেওঁৰ সংকল্প হৈছে জনসাধাৰণৰ সপোন পূৰণ কৰা। 

ৰাজস্থানৰ কোটপুটলীত বিজয় শংখনাদ ৰেলীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোদীৰ জন্ম আনন্দ বা উপভোগ কৰিবলৈ হোৱা নাছিল। মোদীয়ে কঠোৰ পৰিশ্ৰম কৰিবলৈহে জন্মগ্ৰহণ কৰিছে। বহুতো কাম কৰিব লাগিব, কিন্তু যোৱা দহ বছৰত যি কৰা হৈছে  সেয়া কেৱল এটা ট্ৰেইলাৰ..." । কংগ্ৰেছৰ শাসন আৰু তেওঁৰ দহ বছৰীয়া কাৰ্যকালৰ মাজৰ পাৰ্থক্যৰ তালিকা দাঙি ধৰি  প্ৰধানমন্ত্ৰীয়ে কয়, "এই নিৰ্বাচন 'আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ কৰাৰ বাবে'... মোদীয়ে পূৰ্বৰ চৰকাৰবোৰে যিবোৰ  বিষয় এৰাই চলিছিল সেয়া বৰ্তমানৰ চৰকাৰে কৰিছে বুলিও কয়।  মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ৰাজস্থানৰ ৮৫ লাখৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা  প্ৰেৰণ কৰা বুলিও উল্লেখ কৰে। মোদীয়ে কয়  যে কংগ্ৰেছ দেশৰ প্ৰতিটো ৰোগৰ মূল কাৰণ আৰু ইণ্ডি মিত্ৰজোঁটৰ সদস্যসকলে দেশৰ বাবে নহয়,  নিজৰ বাবেহে নিৰ্বাচনত যুঁজি আছে। 

দেশৰ ৰাজনীতি দুটা শিবিৰত বিভক্ত বুলি উল্লেখ কৰি মোদীয়ে কয় যে   এফালে বিজেপি আছে, যি নেশ্যন ফাৰ্ষ্টৰ পক্ষত আছে আৰু আনফালে, কংগ্ৰেছ আছে, যিয়ে দেশক লুণ্ঠন কৰাৰ সুযোগ বিচাৰি আছে। এফালে  বিজেপি আছে যিয়ে দেশখনক নিজৰ পৰিয়াল হিচাপে গণ্য কৰে আৰু আনফালে কংগ্ৰেছ আছে যিয়ে নিজৰ পৰিয়ালক দেশতকৈ ডাঙৰ বুলি বিবেচনা কৰে। বিজেপিয়ে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে আনহাতে কংগ্ৰেছে বিদেশলৈ যোৱাৰ সময়ত দেশক গালি-গালাজ কৰি আহিছে।  মোদীয়ে লগতে কয় যে  দেশত বিজেপিৰ অৰ্থ হৈছে উন্নয়ন আৰু সমাধান, কিন্তু কংগ্ৰেছ মানে দেশৰ প্ৰতিটো ৰোগৰ মূল। আজি দেশৰ সমস্যা যিয়েই নহওঁক, কংগ্ৰেছ দল ইয়াৰ মূলতে থকা দেখা যাব। স্বাধীনতাৰ পিছত, কংগ্ৰেছৰ বাবে সাত দশক ধৰি দেশত দৰিদ্ৰতা বৰ্তি আছিল। তেওঁলোকে কেতিয়াও আমাৰ সেনাক আত্মনিৰ্ভৰশীল হ'বলৈ দিয়া নাছিল।এই নিৰ্বাচন 'বিকশিত ভাৰত' আৰু 'বিকশিত ৰাজস্থান'ৰ নিৰ্বাচন বুলিও মোদীয়ে কয়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ