--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ জন্ম কিয় হৈছে? উপভোগ কৰিবলৈ নে কাম কৰিবলৈ? এই প্ৰশ্নৰ উত্তৰ আজি  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে নিজেই দিলে। মোদীয়ে কয় যে তেওঁৰ জন্ম আনন্দ কৰিবলৈ   নহয়, দেশৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবেহে তেওঁৰ জন্ম হৈছে। তেওঁ লগতে কয় যে তেওঁৰ সংকল্প হৈছে জনসাধাৰণৰ সপোন পূৰণ কৰা। 

ৰাজস্থানৰ কোটপুটলীত বিজয় শংখনাদ ৰেলীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোদীৰ জন্ম আনন্দ বা উপভোগ কৰিবলৈ হোৱা নাছিল। মোদীয়ে কঠোৰ পৰিশ্ৰম কৰিবলৈহে জন্মগ্ৰহণ কৰিছে। বহুতো কাম কৰিব লাগিব, কিন্তু যোৱা দহ বছৰত যি কৰা হৈছে  সেয়া কেৱল এটা ট্ৰেইলাৰ..." । কংগ্ৰেছৰ শাসন আৰু তেওঁৰ দহ বছৰীয়া কাৰ্যকালৰ মাজৰ পাৰ্থক্যৰ তালিকা দাঙি ধৰি  প্ৰধানমন্ত্ৰীয়ে কয়, "এই নিৰ্বাচন 'আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ কৰাৰ বাবে'... মোদীয়ে পূৰ্বৰ চৰকাৰবোৰে যিবোৰ  বিষয় এৰাই চলিছিল সেয়া বৰ্তমানৰ চৰকাৰে কৰিছে বুলিও কয়।  মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ৰাজস্থানৰ ৮৫ লাখৰো অধিক কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা  প্ৰেৰণ কৰা বুলিও উল্লেখ কৰে। মোদীয়ে কয়  যে কংগ্ৰেছ দেশৰ প্ৰতিটো ৰোগৰ মূল কাৰণ আৰু ইণ্ডি মিত্ৰজোঁটৰ সদস্যসকলে দেশৰ বাবে নহয়,  নিজৰ বাবেহে নিৰ্বাচনত যুঁজি আছে। 

দেশৰ ৰাজনীতি দুটা শিবিৰত বিভক্ত বুলি উল্লেখ কৰি মোদীয়ে কয় যে   এফালে বিজেপি আছে, যি নেশ্যন ফাৰ্ষ্টৰ পক্ষত আছে আৰু আনফালে, কংগ্ৰেছ আছে, যিয়ে দেশক লুণ্ঠন কৰাৰ সুযোগ বিচাৰি আছে। এফালে  বিজেপি আছে যিয়ে দেশখনক নিজৰ পৰিয়াল হিচাপে গণ্য কৰে আৰু আনফালে কংগ্ৰেছ আছে যিয়ে নিজৰ পৰিয়ালক দেশতকৈ ডাঙৰ বুলি বিবেচনা কৰে। বিজেপিয়ে দেশৰ গৌৰৱ বৃদ্ধি কৰিছে আনহাতে কংগ্ৰেছে বিদেশলৈ যোৱাৰ সময়ত দেশক গালি-গালাজ কৰি আহিছে।  মোদীয়ে লগতে কয় যে  দেশত বিজেপিৰ অৰ্থ হৈছে উন্নয়ন আৰু সমাধান, কিন্তু কংগ্ৰেছ মানে দেশৰ প্ৰতিটো ৰোগৰ মূল। আজি দেশৰ সমস্যা যিয়েই নহওঁক, কংগ্ৰেছ দল ইয়াৰ মূলতে থকা দেখা যাব। স্বাধীনতাৰ পিছত, কংগ্ৰেছৰ বাবে সাত দশক ধৰি দেশত দৰিদ্ৰতা বৰ্তি আছিল। তেওঁলোকে কেতিয়াও আমাৰ সেনাক আত্মনিৰ্ভৰশীল হ'বলৈ দিয়া নাছিল।এই নিৰ্বাচন 'বিকশিত ভাৰত' আৰু 'বিকশিত ৰাজস্থান'ৰ নিৰ্বাচন বুলিও মোদীয়ে কয়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু