--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি পুৱা ৭ বজাত আৰম্ভ হোৱা লোকসভা  নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৭ বজাত ৮৮ টা সমষ্টিত  ভোটদানৰ হাৰ হৈছে ৬০.৯৬% ৷ ১৩ খন ৰাজ্যৰ  ভোটাৰে গৰমৰ মাজতো  ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ উৎসাহেৰে অংশগ্ৰহণ কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।   আজি  ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিং কৰা হয়। গৰমৰ বাবে  ভোটাৰসকলক সকাহ দিবলৈ  বিহাৰৰ বাংকা, মাধেপুৰা, খাগাৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হয়। একেদৰে শান্তিপূৰ্ণভাবে অন্ত  পৰিল  অসমৰ পাঁচ লোকসভা সমষ্টিত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

 অসমৰ ৫টা সমষ্টি ক্ৰমে  ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত আজি অনুষ্ঠিত হয়  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আবেলি ৫ বজালৈ অসমৰ ৫ সমষ্টিত সাব্যস্ত হোৱা ভোটদানৰ হাৰ এনেধৰণৰ- দৰং-ওদালগুৰিঃ ৭২.৯৯ শতাংশ,নগাঁওঃ ৭১.৮৪ শতাংশ,ডিফুঃ ৬৯.৬২ শতাংশ,কৰিমগঞ্জঃ ৭১.১২ শতাংশ,শিলচৰঃ  ৬৫.৫৭ শতাংশ। অসমত বিয়লি ৫ বজালৈকে সামগ্ৰীক ভোটদানৰ হাৰ ৭০.৬৬।  

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সমষ্টিত কংগ্ৰেছৰ  প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰাকে ধৰি মুঠ ১৩ গৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে ।দৰং-ওদালগুৰিত বিজেপিৰ  দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সেইদৰে ডিফু সমষ্টিত প্রাক্তন বিধায়ক জয়ৰাম ইংলেং, স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটচন বে', অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰ, বিজেপিৰ হৈ অমৰ সিং টিছ'কে ধৰি ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত আছে। শিলচৰ সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী আছে। তেওঁলোকৰ ভিতৰত মন্ত্ৰী  বিজেপিৰ পৰিমল শুক্লবৈদ্য, ৰাধেশ্যাম বিশ্বাস( তৃণমূল কংগ্ৰেছ) কংগ্ৰেছৰ পৰা সূর্যকান্ত সৰকাৰ আদি আছে।কৰিমগঞ্জ সমষ্টিত বিজেপিৰ  কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী আদিকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থী আছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ