--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি পুৱা ৭ বজাত আৰম্ভ হোৱা লোকসভা  নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৭ বজাত ৮৮ টা সমষ্টিত  ভোটদানৰ হাৰ হৈছে ৬০.৯৬% ৷ ১৩ খন ৰাজ্যৰ  ভোটাৰে গৰমৰ মাজতো  ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ উৎসাহেৰে অংশগ্ৰহণ কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।   আজি  ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিং কৰা হয়। গৰমৰ বাবে  ভোটাৰসকলক সকাহ দিবলৈ  বিহাৰৰ বাংকা, মাধেপুৰা, খাগাৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হয়। একেদৰে শান্তিপূৰ্ণভাবে অন্ত  পৰিল  অসমৰ পাঁচ লোকসভা সমষ্টিত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

 অসমৰ ৫টা সমষ্টি ক্ৰমে  ডিফু, নগাঁও, দৰং-ওদালগুৰি, শিলচৰ আৰু কৰিমগঞ্জত আজি অনুষ্ঠিত হয়  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আবেলি ৫ বজালৈ অসমৰ ৫ সমষ্টিত সাব্যস্ত হোৱা ভোটদানৰ হাৰ এনেধৰণৰ- দৰং-ওদালগুৰিঃ ৭২.৯৯ শতাংশ,নগাঁওঃ ৭১.৮৪ শতাংশ,ডিফুঃ ৬৯.৬২ শতাংশ,কৰিমগঞ্জঃ ৭১.১২ শতাংশ,শিলচৰঃ  ৬৫.৫৭ শতাংশ। অসমত বিয়লি ৫ বজালৈকে সামগ্ৰীক ভোটদানৰ হাৰ ৭০.৬৬।  

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সমষ্টিত কংগ্ৰেছৰ  প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰাকে ধৰি মুঠ ১৩ গৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিছে ।দৰং-ওদালগুৰিত বিজেপিৰ  দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সেইদৰে ডিফু সমষ্টিত প্রাক্তন বিধায়ক জয়ৰাম ইংলেং, স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটচন বে', অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰ, বিজেপিৰ হৈ অমৰ সিং টিছ'কে ধৰি ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত আছে। শিলচৰ সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী আছে। তেওঁলোকৰ ভিতৰত মন্ত্ৰী  বিজেপিৰ পৰিমল শুক্লবৈদ্য, ৰাধেশ্যাম বিশ্বাস( তৃণমূল কংগ্ৰেছ) কংগ্ৰেছৰ পৰা সূর্যকান্ত সৰকাৰ আদি আছে।কৰিমগঞ্জ সমষ্টিত বিজেপিৰ  কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী আদিকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থী আছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু