--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়ে আছে মণিপুৰ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছতে চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হৈছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰে মণিপুৰত কুকি উগ্ৰপন্থীয়ে দুঘণ্টা ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।


মণিপুৰৰ নৰসেনা অঞ্চলত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হয়। লগতে চাৰিজন জোৱান আহত হয়৷ উল্লেখ কৰা প্ৰয়োজন যে জোৱান কেইজন উক্ত অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ সদস্য আছিল। ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত নিয়োজিত আছিল চিআৰপিএফৰ ১২৮ বেটেলিয়নৰ এই জোৱানসকল। আৰক্ষীয়ে উল্লেখ কৰে যে মাজনিশাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ পুৱা ২:১৫ বজালৈকে অব্যাহত থাকে।

সশস্ত্ৰ সংগঠনে নিক্ষেপ কৰা বোমাটো নাৰায়ণসেনাস্থিত বি/১২৮ বিএন চিআৰপিএফৰ আউটপোষ্টৰ ভিতৰত পৰি বিস্ফোৰণ ঘটে। এই আক্ৰমণতে দুজন জোৱান নিহত আৰু চাৰিজন জোৱান আহত হয়৷ পৰিদৰ্শক/জিডি জাদৱ দাস, এছআই/জিডি এন সৰকাৰ, এইচচি/জিডি অৰূপ ছেইনী, আৰু চিটি/জিডি আফতাব হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এছআই/জিডি এন ছাকাৰ আৰু এইচচি/জিডি অৰূপ ছেইনীৰ মৃত্যু হয়।

উক্ত ঘটনাৰ বাবে প্ৰশাসনে তদন্তৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক অনুৰোধ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ