--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়ে আছে মণিপুৰ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছতে চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হৈছে হিংসাত্মক কাৰ্যকলাপ। শনিবাৰে মণিপুৰত কুকি উগ্ৰপন্থীয়ে দুঘণ্টা ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।


মণিপুৰৰ নৰসেনা অঞ্চলত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হয়। লগতে চাৰিজন জোৱান আহত হয়৷ উল্লেখ কৰা প্ৰয়োজন যে জোৱান কেইজন উক্ত অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ সদস্য আছিল। ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত নিয়োজিত আছিল চিআৰপিএফৰ ১২৮ বেটেলিয়নৰ এই জোৱানসকল। আৰক্ষীয়ে উল্লেখ কৰে যে মাজনিশাৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ পুৱা ২:১৫ বজালৈকে অব্যাহত থাকে।

সশস্ত্ৰ সংগঠনে নিক্ষেপ কৰা বোমাটো নাৰায়ণসেনাস্থিত বি/১২৮ বিএন চিআৰপিএফৰ আউটপোষ্টৰ ভিতৰত পৰি বিস্ফোৰণ ঘটে। এই আক্ৰমণতে দুজন জোৱান নিহত আৰু চাৰিজন জোৱান আহত হয়৷ পৰিদৰ্শক/জিডি জাদৱ দাস, এছআই/জিডি এন সৰকাৰ, এইচচি/জিডি অৰূপ ছেইনী, আৰু চিটি/জিডি আফতাব হুছেইন আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এছআই/জিডি এন ছাকাৰ আৰু এইচচি/জিডি অৰূপ ছেইনীৰ মৃত্যু হয়।

উক্ত ঘটনাৰ বাবে প্ৰশাসনে তদন্তৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক অনুৰোধ জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু