--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৯ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত সমগ্ৰ কাশ্মীৰ উপত্যকা অশান্ত হৈ পৰিছিল। সন্ত্ৰাসবাদেও পুনৰ মূৰ দাঙি উঠিছিল কাশ্মীৰ উপত্যকাত। বৰ্তমানেও জম্মু–কাশ্মীৰত অব্যাহত আছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ কূটাঘাত। এনে পৰিস্থিতিৰ মাজতে শ্ৰীনগৰত কেইবাহাজাৰ কাশ্মীৰবাসীক সম্বোধন কৰে মোদীয়ে। 

কাশ্মীৰত এইবাৰ বিকাশৰ মন্ত্ৰৰে জনতাৰ হৃদয় জিনিবলৈ চেষ্টা কৰিছে মোদীয়ে। আজি কেইবাহাজাৰ কোটি টকাৰ বিকাশমূলক প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰীনগৰৰ বক্সী ষ্টেডিয়ামত অনুষ্ঠিত জনসভাতে বিকাশ প্ৰকল্পসমূহ জনতালৈ অৰ্পণ কৰে মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৫ হাজাৰ কোটি টকাৰ কৃষি উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰে। পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে ১৪শ কোটি টকাৰ প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাশ্মীৰৰ পৱিত্ৰ তীৰ্থভূমি হজৰতবালৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰে মোদীয়ে। জনসভাত জম্মু–কাশ্মীৰৰ বিৰোধী ৰাজনৈতিক দলসমূহক তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰীয়ে। নেচনেল কনফাৰেন্স আৰু PDPক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীয়ে।

এনে ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ দুৰ্নীতিয়ে কাশ্মীৰৰ উন্নয়ন ব্যাহত কৰিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। জনসভাত অনুচ্ছেদ ৩৭০ বাতিলৰ সুফলসমূহ ব্যাখ্যা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ বাহাল থকা অৱস্থাত দেশৰ অন্য অংশত ৰূপায়িত জনকল্যাণকামী আঁচনি জম্মু–কাশ্মীৰত ৰূপায়ণ কৰিব পৰা হোৱা নাছিল। কিন্তু এই অনুচ্ছেদ বাতিল হোৱাৰ পাছত সৰ্বাভাৰতীয় উন্নয়নৰ আঁচনিসমূহ কাশ্মীৰত বাহাল হৈছে বুলি কয় মোদীয়ে। 

জনসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ বাতিলক লৈ কংগ্ৰেছে দেশবাসীক বিপথে পৰিচালিত কৰিছিল বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। 

শীঘ্ৰেই জম্মু–কাশ্মীৰৰ সফলতাৰ কাহিনীয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি জনসভাত আশা প্ৰকাশ কৰে মোদীয়ে। মোদীৰ আজিৰ কাশ্মীৰ ভ্ৰমণক লৈ উপত্যকাটোত সৃষ্টি হয় উৎসাহজনক পৰিৱেশৰ। বিশেষকৈ শিক্ষিত কাশ্মীৰী যুৱপ্ৰজন্ম উৎফুল্লিত হৈ পৰে মোদীৰ ভ্ৰমণত। তেনে এজন যুৱকে মোদীক লৈ ৰচনা কৰে বিশেষ গীতো। ইমৰান আজিজ নামৰ যুৱশিল্পীগৰাকীয়ে ৰচনা কৰা ‘মোদী আয়েংগে’ গীতো হৈ পৰে জনসমাদৃত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু