--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৯ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত সমগ্ৰ কাশ্মীৰ উপত্যকা অশান্ত হৈ পৰিছিল। সন্ত্ৰাসবাদেও পুনৰ মূৰ দাঙি উঠিছিল কাশ্মীৰ উপত্যকাত। বৰ্তমানেও জম্মু–কাশ্মীৰত অব্যাহত আছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ কূটাঘাত। এনে পৰিস্থিতিৰ মাজতে শ্ৰীনগৰত কেইবাহাজাৰ কাশ্মীৰবাসীক সম্বোধন কৰে মোদীয়ে। 

কাশ্মীৰত এইবাৰ বিকাশৰ মন্ত্ৰৰে জনতাৰ হৃদয় জিনিবলৈ চেষ্টা কৰিছে মোদীয়ে। আজি কেইবাহাজাৰ কোটি টকাৰ বিকাশমূলক প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰীনগৰৰ বক্সী ষ্টেডিয়ামত অনুষ্ঠিত জনসভাতে বিকাশ প্ৰকল্পসমূহ জনতালৈ অৰ্পণ কৰে মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৫ হাজাৰ কোটি টকাৰ কৃষি উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰে। পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে ১৪শ কোটি টকাৰ প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাশ্মীৰৰ পৱিত্ৰ তীৰ্থভূমি হজৰতবালৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰে মোদীয়ে। জনসভাত জম্মু–কাশ্মীৰৰ বিৰোধী ৰাজনৈতিক দলসমূহক তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰীয়ে। নেচনেল কনফাৰেন্স আৰু PDPক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীয়ে।

এনে ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ দুৰ্নীতিয়ে কাশ্মীৰৰ উন্নয়ন ব্যাহত কৰিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। জনসভাত অনুচ্ছেদ ৩৭০ বাতিলৰ সুফলসমূহ ব্যাখ্যা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ বাহাল থকা অৱস্থাত দেশৰ অন্য অংশত ৰূপায়িত জনকল্যাণকামী আঁচনি জম্মু–কাশ্মীৰত ৰূপায়ণ কৰিব পৰা হোৱা নাছিল। কিন্তু এই অনুচ্ছেদ বাতিল হোৱাৰ পাছত সৰ্বাভাৰতীয় উন্নয়নৰ আঁচনিসমূহ কাশ্মীৰত বাহাল হৈছে বুলি কয় মোদীয়ে। 

জনসভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ বাতিলক লৈ কংগ্ৰেছে দেশবাসীক বিপথে পৰিচালিত কৰিছিল বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। 

শীঘ্ৰেই জম্মু–কাশ্মীৰৰ সফলতাৰ কাহিনীয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি জনসভাত আশা প্ৰকাশ কৰে মোদীয়ে। মোদীৰ আজিৰ কাশ্মীৰ ভ্ৰমণক লৈ উপত্যকাটোত সৃষ্টি হয় উৎসাহজনক পৰিৱেশৰ। বিশেষকৈ শিক্ষিত কাশ্মীৰী যুৱপ্ৰজন্ম উৎফুল্লিত হৈ পৰে মোদীৰ ভ্ৰমণত। তেনে এজন যুৱকে মোদীক লৈ ৰচনা কৰে বিশেষ গীতো। ইমৰান আজিজ নামৰ যুৱশিল্পীগৰাকীয়ে ৰচনা কৰা ‘মোদী আয়েংগে’ গীতো হৈ পৰে জনসমাদৃত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement