--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কাম পত্নীয়ে কৰিব, স্বামীৰ এয়া আশা অন্যায় নহয়। পত্নীক ঘৰৰ কাম কৰিবলৈ কোৱাৰ অৰ্থ এইটো নহয় যে স্বামী ‘নিষ্ঠুৰ’। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰ সন্দৰ্ভত এই মন্তব্য কৰিছে। পত্নীৰ নিষ্ঠুৰতাৰ দোহাই দি যুৱকজনক বিবাহ বিচ্ছেদ কৰিবলৈও অনুমতি প্ৰদান কৰে আদালতে।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠৰ সন্মুখত বিবাহ বিচ্ছেদৰ গোচৰটো উত্থাপন কৰা হয়।বিবাহিত যুৱকজনে নিম্ন আদালতত পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ দাখিল কৰি বিবাহ বিচ্ছেদৰ অনুমতি বিচাৰিছিল। তাত ব্যক্তিজনো আবেদন নাকচ কৰা হৈছিল। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই যুৱকজনে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। যুৱকজনে অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে ঘৰৰ কোনো কাম নকৰে। স্বামীৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালন নকৰে। শহুৰেকক এৰি থৈ গৈছে। অভিযোগ অনুসৰি স্বামীৰ বিৰুদ্ধেও মিছা অপৰাধৰ গোচৰ ৰুজু কৰিছিল। আনকি পত্নী আৰু পৰিয়ালে যুৱকজনক পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়াৰো অভিযোগ উত্থাপন হৈছিল। গতিকে পত্নীৰ পৰা পুৰুষজনে বিবাহ বিচ্ছেদ বিচাৰে।

আদালতে পৰিস্থিতি পৰ্যবেক্ষণ কৰি কয় যে, পত্নীৰ পৰা যুৱকজনৰ আশাক নিষ্ঠুৰতা বুলি ক’ব নোৱাৰি। কাৰণ, যিকোনো বৈবাহিক সম্পৰ্কত সাধাৰণতে স্বামীয়ে আৰ্থিক বোজা লয় আৰু পত্নীয়ে ঘৰখন পৰিচালনা কৰে। বিবাহত এই দায়িত্ববোৰ ভাগ-বতৰা কৰা হয়। সেই পৰিয়ালটোৰ প্ৰতি পত্নীৰ মৰম আৰু সন্মানৰ প্ৰতিফলন এয়া। পত্নীৰ কামক দাসীৰ কামৰ লগত তুলনা কৰাটোও অনুচিত।

একে সময়তে আদালতে কয় যে স্বামীক নিজৰ পৰিয়াল এৰি আন ঠাইত থাকিবলৈ বাধ্য কৰাটো পত্নীৰ নিষ্ঠুৰতা। কাৰণ যিকোনো বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি পুত্ৰৰ আইনী আৰু নৈতিক দায়িত্ব থাকে। ন্যায়াধীশগৰাকীয়ে কয় যে সন্তানটিয়ে পিতৃ-মাতৃক এৰি পত্নীৰ সৈতে আন ঠাইত থাকিবলৈ কোৱাটো হিন্দু সংস্কৃতিত আশা কৰা নহয়। দুটা গোচৰত আদালতে যুৱকজনৰ পত্নীক বিবাহ বিচ্ছেদৰ বাবে জগৰীয়া কৰিছিল। এটা, মহিলাই স্বামীক ঘৰৰ বাহিৰত থাকিবলৈ বাধ্য কৰোৱা। দুই, বিয়াৰ বাধ্যবাধকতা মানি নোলোৱাকৈ তেওঁ নিজে শহুৰেকৰ ঘৰত থকাতকৈ মাক-দেউতাকৰ লগত থাকিল। এই দুটা কাৰণত আদালতে যুৱকজনক বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু