--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কাম পত্নীয়ে কৰিব, স্বামীৰ এয়া আশা অন্যায় নহয়। পত্নীক ঘৰৰ কাম কৰিবলৈ কোৱাৰ অৰ্থ এইটো নহয় যে স্বামী ‘নিষ্ঠুৰ’। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰ সন্দৰ্ভত এই মন্তব্য কৰিছে। পত্নীৰ নিষ্ঠুৰতাৰ দোহাই দি যুৱকজনক বিবাহ বিচ্ছেদ কৰিবলৈও অনুমতি প্ৰদান কৰে আদালতে।

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠৰ সন্মুখত বিবাহ বিচ্ছেদৰ গোচৰটো উত্থাপন কৰা হয়।বিবাহিত যুৱকজনে নিম্ন আদালতত পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ দাখিল কৰি বিবাহ বিচ্ছেদৰ অনুমতি বিচাৰিছিল। তাত ব্যক্তিজনো আবেদন নাকচ কৰা হৈছিল। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই যুৱকজনে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। যুৱকজনে অভিযোগ কৰে যে তেওঁৰ পত্নীয়ে ঘৰৰ কোনো কাম নকৰে। স্বামীৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালন নকৰে। শহুৰেকক এৰি থৈ গৈছে। অভিযোগ অনুসৰি স্বামীৰ বিৰুদ্ধেও মিছা অপৰাধৰ গোচৰ ৰুজু কৰিছিল। আনকি পত্নী আৰু পৰিয়ালে যুৱকজনক পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়াৰো অভিযোগ উত্থাপন হৈছিল। গতিকে পত্নীৰ পৰা পুৰুষজনে বিবাহ বিচ্ছেদ বিচাৰে।

আদালতে পৰিস্থিতি পৰ্যবেক্ষণ কৰি কয় যে, পত্নীৰ পৰা যুৱকজনৰ আশাক নিষ্ঠুৰতা বুলি ক’ব নোৱাৰি। কাৰণ, যিকোনো বৈবাহিক সম্পৰ্কত সাধাৰণতে স্বামীয়ে আৰ্থিক বোজা লয় আৰু পত্নীয়ে ঘৰখন পৰিচালনা কৰে। বিবাহত এই দায়িত্ববোৰ ভাগ-বতৰা কৰা হয়। সেই পৰিয়ালটোৰ প্ৰতি পত্নীৰ মৰম আৰু সন্মানৰ প্ৰতিফলন এয়া। পত্নীৰ কামক দাসীৰ কামৰ লগত তুলনা কৰাটোও অনুচিত।

একে সময়তে আদালতে কয় যে স্বামীক নিজৰ পৰিয়াল এৰি আন ঠাইত থাকিবলৈ বাধ্য কৰাটো পত্নীৰ নিষ্ঠুৰতা। কাৰণ যিকোনো বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি পুত্ৰৰ আইনী আৰু নৈতিক দায়িত্ব থাকে। ন্যায়াধীশগৰাকীয়ে কয় যে সন্তানটিয়ে পিতৃ-মাতৃক এৰি পত্নীৰ সৈতে আন ঠাইত থাকিবলৈ কোৱাটো হিন্দু সংস্কৃতিত আশা কৰা নহয়। দুটা গোচৰত আদালতে যুৱকজনৰ পত্নীক বিবাহ বিচ্ছেদৰ বাবে জগৰীয়া কৰিছিল। এটা, মহিলাই স্বামীক ঘৰৰ বাহিৰত থাকিবলৈ বাধ্য কৰোৱা। দুই, বিয়াৰ বাধ্যবাধকতা মানি নোলোৱাকৈ তেওঁ নিজে শহুৰেকৰ ঘৰত থকাতকৈ মাক-দেউতাকৰ লগত থাকিল। এই দুটা কাৰণত আদালতে যুৱকজনক বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী