--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে দেশত জাৰি হৈ গৈছে নিৰ্বাচনী আচৰণ বিধি। এনে সময়তে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে বিল গেটছক দিলে এটা সম্পূৰ্ণ অৰাজনৈতিক সাক্ষাৎকাৰ।  প্ৰধানমন্ত্ৰীৰ বাসভৱনত উদ্যোগপতিগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে আধুনিক প্ৰযুক্তি আৰু ভাৰতত এআইৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰে। অৱশ্যে, বিৰোধীয়ে এই সাক্ষাৎকাৰকলৈ  কৈছে যে মোদীয়ে নিৰ্বাচনৰ পূৰ্বে চৰ্চাত থকাৰ বাবেই এনে সাক্ষাৎকাৰৰ আয়োজন কৰিছে।  

২০১৯ বৰ্ষৰ  লোকসভা নিৰ্বাচনৰ পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  এক অৰাজনৈতিক সাক্ষাৎকাৰদিছিল । সেই সময়ত সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰে । অক্ষয় কুমাৰে  ৰাজনীতিৰ বাহিৰলৈ গৈ নৰেন্দ্ৰ মোদী ব্যক্তিজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। অৱশ্যে সেইসময়তো  বিৰোধীয়ে কৈছিল যে অক্ষয়ৰ সৈতে মোদীৰ অৰাজনৈতিক সাক্ষাৎকাৰ  ভোটৰ বজাৰত মোদীৰ দাম বঢ়োৱাৰ এক কৌশল আছিল। 

লোকসভা নিৰ্বাচন ২০২৪ দুৱাৰমুখত আছে। আকৌ এবাৰ প্ৰধানমন্ত্ৰীয়ে এক অৰাজনৈতিক সাক্ষাৎকাৰ দিছে। এইবাৰ অৱশ্যে সাক্ষাৎ গ্ৰহণ কৰোতা  কোনো চলচ্চিত্ৰ তাৰকা নহয়। প্ৰধানমন্ত্ৰী মোদীৰ মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে সাক্ষাৎকাৰ গ্ৰহণ কৰে । অৱশ্যে, গেটছৰ সৈতে মোদীৰ আলোচনা একেবাৰে ব্যক্তিগত নাছিল। ইয়াৰ পৰিৱৰ্তে  ই অধিক যুক্তিসঙ্গত আৰু অধিক প্ৰযুক্তি-নিৰ্ভৰশীল আছিল। সাক্ষাৎকাৰটোত মোদীয়ে গেটছৰ সৈতে আধুনিক প্ৰযুক্তি আৰু এআইৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে।  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত আধুনিক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতে কিমান অগ্ৰগতি লাভ কৰিছে সেই বিষয়ে  আলোকপাত কৰে।

গেটছৰ সৈতে হোৱা বাৰ্তালাপত মোদীয়ে ধেমেলীয়াকৈ কয় যে আজিৰ ভাৰত ইমানেই বিকশিত হৈছে যে দেশৰ শিশুসকলে 'আই' (মাতৃ) কোৱাৰ আগতে 'এআই' বুলিহে কয়। মোদীয়ে গেটছক কয়  যে তেওঁ নিজেই এআই ব্যৱহাৰ কৰাত এতিয়া অভ্যস্ত হৈ পৰিছে। তেওঁ জি-২০ সন্মিলনত আন নেতাসকলৰ ভাষা বুজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈছিল । আনকি এআই এপৰ জৰিয়তে বিদেশী অতিথিৰ সৈতে সমন্বয় সাধিন কৰাত ভাৰতৰ আন বহুতেই সফল হৈছে। মোদীয়ে কয়  যে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত ভাৰত বহু  দেশতকৈ আগবাঢ়ি আছে। অৱশ্যে, বিৰোধীয়ে দাবী কৰিছে যে এই সকলোবোৰ নিৰ্বাচনৰ সময়ত  চৰ্চাত থকাৰ এক কৌশল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু