--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ ঢৌ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ চলাইছে ব্যাপক কুচকাৱাজ৷ ১৪টা সংসদীয় সমষ্টি দখলৰ বাবে এতিয়া দলসমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা৷ 

১৬ মাৰ্চত আনুষ্ঠানিকভাৱে ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে। দেশত ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন। এইবছৰ দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন।

উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ'ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। 

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাঁৱত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে'ত।

১৯৫২ চনৰ ১৭ এপ্ৰিলত দেশত প্ৰথম লোকসভা গঠন হোৱাৰ পিচৰে পৰা বৰ্তমানলৈকে, এই সুদীৰ্ঘ সময়ছোৱাত অসমৰ পৰা বহু সাংসদ লোকসভালৈ নিৰ্বাচিত হৈছে৷ কিন্তু এই সময়ছোৱাত আঙুলিৰ মূৰত গণিব পৰা মহিলা সাংসদ‌হে লোকসভালৈ নিৰ্বাচিত হৈছে৷ 

এইবাৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা মাত্ৰ তিনিগৰাকী মহিলা প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছে দুগৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ বিপৰীতে শক্তিশালী ৰাজনৈতিক দল বিজেপিয়ে মাত্ৰ এগৰাকী মহিলা প্ৰাৰ্থীকহে প্ৰক্ষেপ কৰিছে। ইয়াৰ বিপৰীতে অগপ, এআইইউডিএফ আৰু অন্য আঞ্চলিক দলসমূহত মহিলাৰ প্ৰাৰ্থীৰ সংখ্যা শূন্য।

কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী মীৰা বৰঠাকুৰে গুৱাহাটী সমষ্টিৰ পৰা আৰু ৰজলীনা তিৰ্কীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে বিজেপিৰ মহিলা প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। গুৱাহাটীৰ পূৰ্বৰ সাংসদ কুইন ওজাৰ স্থানত নতুন মুখ বিজুলী কলিতা মেধিক প্ৰক্ষেপ কৰিলে বিজেপিয়ে।

এই সংখ্যাই ইয়াকে প্ৰতিপন্ন কৰে যে অসমত মহিলা ৰাজনীতিকৰ অভাৱ। সততে নাৰী সবলীকৰণৰ কথা কৈ থকা ৰাজনৈতিক দলসমূহেই সমষ্টিসমূহত প্ৰক্ষেপ কৰিব পৰা নাই মহিলা প্ৰাৰ্থী। 

আধুনিক বিশ্বত নাৰী আৰু পুৰুষ সমান৷ পুৰুষৰ সমানে নাৰী আগবাঢ়ি আছে৷ সামাজিকৰ পৰা অর্থনৈতিক, ক্রীড়াৰ পৰা ৰাজনৈতিক ক্ষেত্রখনলৈ পুৰুষৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে নাৰী৷ বিশ্বজুৰি ৰাজনৈতিক সিদ্ধান্ত গ্রহণকাৰী পদবীতো অনেক মহিলা অধিষ্ঠিত হৈ আছে৷ পুৰুষৰ সমানে নাৰী ৰাজনীতিতো ক্ষমতাশালী হৈ আছে৷ ইয়াৰ মাজতো পুৰুষতকৈ নাৰী কিছুক্ষেত্রত পিছ পৰি থকা কথাটো সমষ্টিসমূহত মহিলা প্ৰাৰ্থীৰ অভাৱে সত্য প্ৰতিপন্ন কৰে। অর্থাৎ লিংগ বৈষম্য বিষয়টো যেন এতিয়াও বৰ্তি আছে।

কিছুমান ৰাজনৈতিক দলে মহিলাৰ বাবে আসন সংৰক্ষণত গুৰুত্ব আৰোপ নকৰে। প্ৰকৃততে ৰাজনৈতিক দলবোৰে মহিলাসকলক ৰাজনীতিলৈ অনাৰ লগতে আসন সংৰক্ষণত দায়বদ্ধতা পালন কৰা উচিত। অৱশ্যে কিছু সংখ্যক ৰাজনৈতিক দলে লোকসভাত ৩৩% আসন সংৰক্ষণৰ ওপৰত গুৰুত্ব দি আহিছে। ইয়াৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলক নিজাববীয়াকৈ ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিছে। দুৰ্ভাগ্যবশতঃ কোনো ৰাজনৈতিক দলেই এই পৰামৰ্শ এতিয়ালৈকে পালন কৰা নাই। ৰাজনৈতিক দলবিলাকে নিৰ্বাচনী আয়োগৰ এই পৰামৰ্শ গ্ৰহণ কৰা হলে মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণৰ পথ সুন্দৰকৈ প্ৰসস্ত হ’লহেঁতেন।

এই নিৰ্বাচনে পুনৰ প্ৰমাণ কৰিলে যে ৰাজনীতিত পুৰুষতান্ত্ৰিক ব্যৱস্থা অব্যাহত আছে। মহিলাসকলেও নিজকে পাছ পেলাই নথৈ নিজ অস্তিত্ব এনেকুৱাকে শক্তিশালী কৰিব লাগে যাতে নিৰ্বাচনত যোগ্য প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ ৰাজনৈতিক দলসমূহ বাধ্য হৈ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু