--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন সামা্য সলনি কৰা হৈছে। অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ বাবে ভোট গণনাৰ তাৰিখ সংশোধন কৰিলে নিৰ্বাচন আয়োগে। কেন্দ্ৰীয়  নিৰ্বাচন আয়োগে দেওবাৰে ঘোষণা কৰা অনুসৰি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ  বিধানসভাৰ ভোট গণনাৰ তাৰিখ পূৰ্বৰ ৪ জুনৰ পৰিৱৰ্তে  ২ জুন হিচাবে  সংশোধন কৰা হৈছে। 

এই ৰাজ্য দুখনত  ভোটদান ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগৰ মতে ভোট গণনাৰ তাৰিখ সংশোধন কৰাৰ সিদ্ধান্ত  এইবাবেই লোৱা হৈছে যে ২ জুন, ২০২৪ তাৰিখে অৰুণাচল প্ৰদেশ আৰু ছিকিম দুয়োখন বিধানসভাৰ   ম্যাদ উকলি যাব। সেইবাবেই ২ জুনতেই দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব।  

 নিৰ্বাচন আয়োগে  কয়, "... অৰুণাচল আৰু ছিকিম  দুয়োখন বিধানসভাৰ সদনৰ কাৰ্যকালৰ  ম্যাদ ২ জুন, ২০২৪  তাৰিখে শেষ হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ  বিধান সভাসমূহৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচীৰ সন্দৰ্ভত তাৰিখৰ  সংশোধন কৰাৰ সিদ্ধান্ত লৈছে।" মন কৰিবলগীয়া যে দুয়োখন ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভণিতে উল্লেখ কৰা ধৰণেই  ৪ জুনতেই অনুষ্ঠিত   হ’ব ৷ 

ইয়াৰ পূৰ্বে, ১৬ মাৰ্চ, শনিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে অৰুণাচল প্ৰদেশত লোকসভা আৰু ৰাজ্যিক বিধানসভা দুয়োটাৰ বাবে ১৯ এপ্ৰিল, ২০২৪ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব৷ অৰুণাচল প্ৰদেশত দুখন লোকসভা আসন আৰু ৬০  টা বিধানসভা সমষ্টি আছে। ইয়াৰে ৫৩  খন অনুসূচীত জনজাতি (এছটি) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু বাকীবোৰ সাধাৰণ শ্ৰেণীৰ আসন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ