--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন সামা্য সলনি কৰা হৈছে। অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ বাবে ভোট গণনাৰ তাৰিখ সংশোধন কৰিলে নিৰ্বাচন আয়োগে। কেন্দ্ৰীয়  নিৰ্বাচন আয়োগে দেওবাৰে ঘোষণা কৰা অনুসৰি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ  বিধানসভাৰ ভোট গণনাৰ তাৰিখ পূৰ্বৰ ৪ জুনৰ পৰিৱৰ্তে  ২ জুন হিচাবে  সংশোধন কৰা হৈছে। 

এই ৰাজ্য দুখনত  ভোটদান ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগৰ মতে ভোট গণনাৰ তাৰিখ সংশোধন কৰাৰ সিদ্ধান্ত  এইবাবেই লোৱা হৈছে যে ২ জুন, ২০২৪ তাৰিখে অৰুণাচল প্ৰদেশ আৰু ছিকিম দুয়োখন বিধানসভাৰ   ম্যাদ উকলি যাব। সেইবাবেই ২ জুনতেই দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব।  

 নিৰ্বাচন আয়োগে  কয়, "... অৰুণাচল আৰু ছিকিম  দুয়োখন বিধানসভাৰ সদনৰ কাৰ্যকালৰ  ম্যাদ ২ জুন, ২০২৪  তাৰিখে শেষ হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ  বিধান সভাসমূহৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচীৰ সন্দৰ্ভত তাৰিখৰ  সংশোধন কৰাৰ সিদ্ধান্ত লৈছে।" মন কৰিবলগীয়া যে দুয়োখন ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভণিতে উল্লেখ কৰা ধৰণেই  ৪ জুনতেই অনুষ্ঠিত   হ’ব ৷ 

ইয়াৰ পূৰ্বে, ১৬ মাৰ্চ, শনিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে অৰুণাচল প্ৰদেশত লোকসভা আৰু ৰাজ্যিক বিধানসভা দুয়োটাৰ বাবে ১৯ এপ্ৰিল, ২০২৪ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব৷ অৰুণাচল প্ৰদেশত দুখন লোকসভা আসন আৰু ৬০  টা বিধানসভা সমষ্টি আছে। ইয়াৰে ৫৩  খন অনুসূচীত জনজাতি (এছটি) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু বাকীবোৰ সাধাৰণ শ্ৰেণীৰ আসন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু