--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; অসমত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টোৱে সৃষ্টি কৰা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ বিগত বৰ্ষৰ শেষ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ৷ অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া অযুক্তিকৰ আৰু অসম তথা অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী এক অপচয়মূলক সিদ্ধান্ত বুলি ইতিমধ্যে অভিহিত কৰিছে ৰাজ্যৰ বিৰোধী দল তথা একাংশ জাতীয় সংগঠনে৷ 

পূৰ্বে বিজেপিসহ অসমৰ সকলো দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ চূড়ান্ত নোহোৱাকৈ অসমত সমষ্টি পুনৰ্নিদ্ধাৰণ হ’ব নালাগে বুলি ঐক্যমত পোষণ কৰিছিল। তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চূড়ান্ত নোহোৱাকৈ বৰ্তমান কি ভিত্তিত চৰকাৰে সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে সিদ্ধান্ত লৈছে সেয়া ৰহস্যজনক। 

তাৰোপৰি ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণ কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়াও অবিবেচকী আৰু অদূৰদৰ্শী সিদ্ধান্ত বুলি মন্তব্য কৰিছে ৰাজ্যৰ বিৰোধী দল-সংগঠনে৷ আৰু অসমত বাদানুবাদ চলি থকাৰ মাজতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় পালেগৈ উচ্চতম ন্যায়ালয়৷ নিৰ্বাচন আয়োগৰ জাননীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল হ'ল ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন৷

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আবেদন৷ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে জাৰি কৰিছিল জাননী৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ জাননী জাৰিৰ সময়ত প্ৰচলিত আইন উলংঘাৰ অভিযোগ কৰিছে আবেদনকাৰীয়ে৷ আজি উচ্চতম ন্যায়ালয়ে এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ পৰৱৰ্তী সময়ত সংশ্লিষ্ট PILৰ ওপৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি৷ এতিয়া সমগ্ৰ বিষয়টোৰ গতিবিধি উচ্চতম ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক