--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; অসমত সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টোৱে সৃষ্টি কৰা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ বিগত বৰ্ষৰ শেষ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ৷ অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া অযুক্তিকৰ আৰু অসম তথা অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী এক অপচয়মূলক সিদ্ধান্ত বুলি ইতিমধ্যে অভিহিত কৰিছে ৰাজ্যৰ বিৰোধী দল তথা একাংশ জাতীয় সংগঠনে৷ 

পূৰ্বে বিজেপিসহ অসমৰ সকলো দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ চূড়ান্ত নোহোৱাকৈ অসমত সমষ্টি পুনৰ্নিদ্ধাৰণ হ’ব নালাগে বুলি ঐক্যমত পোষণ কৰিছিল। তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চূড়ান্ত নোহোৱাকৈ বৰ্তমান কি ভিত্তিত চৰকাৰে সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে সিদ্ধান্ত লৈছে সেয়া ৰহস্যজনক। 

তাৰোপৰি ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত সমষ্টিসমূহৰ সীমা পুনৰ্নিদ্ধাৰণ কৰিবলৈ চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়াও অবিবেচকী আৰু অদূৰদৰ্শী সিদ্ধান্ত বুলি মন্তব্য কৰিছে ৰাজ্যৰ বিৰোধী দল-সংগঠনে৷ আৰু অসমত বাদানুবাদ চলি থকাৰ মাজতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয় পালেগৈ উচ্চতম ন্যায়ালয়৷ নিৰ্বাচন আয়োগৰ জাননীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল হ'ল ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন৷

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আবেদন৷ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে জাৰি কৰিছিল জাননী৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ জাননী জাৰিৰ সময়ত প্ৰচলিত আইন উলংঘাৰ অভিযোগ কৰিছে আবেদনকাৰীয়ে৷ আজি উচ্চতম ন্যায়ালয়ে এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ পৰৱৰ্তী সময়ত সংশ্লিষ্ট PILৰ ওপৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি৷ এতিয়া সমগ্ৰ বিষয়টোৰ গতিবিধি উচ্চতম ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু