--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰুচিকৰ কথা-বতৰা আৰু অসংবেদনশীল চিন্তাৰ বহি:প্ৰকাশ ঘটাটো ভাৰতৰ গণতান্ত্ৰিক পৰিকাঠামোৰ বাবে দুৰ্ভাগ্যজনক বিষয়৷ মুছলমান মানেই সন্ত্ৰাসবাদী, এনেধৰণৰ বাগধাৰা এটা প্ৰতিষ্ঠাৰ বাবে দেশৰ ৰাজনীতিত এটা মহলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ 

একেখনে দেশ, একেখনেই সংবিধান৷ তাৰ পাছতো এটা নিৰ্দিষ্ট ধৰ্মক কেন্দ্ৰ কৰি সেই মহলটোৱে দেশৰ সামাজিক ব্যৱস্থাটোত ভাঙোন আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে৷ কিন্তু সেয়া সফল হোৱাগৈ নাই৷ মানৱতাবাদী, গণতান্ত্ৰিক প্ৰমূল্যৰে দেশক ভালপোৱা নাগৰিকসকলৰ বাবেই তেওঁলোকৰ অভীষ্ট সিদ্ধি হোৱা নাই৷ আৰু তেনে প্ৰচেষ্টাৰে মাজে-মাজে প্ৰতিফলন ঘটে সংসদৰ বাহিৰে-ভিতৰে৷ আজিও ঘটিল তেনে এটা অনাকাংক্ষিত ঘটনা৷

চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত চলি থকা এক আলোচনাৰ সময়ত লোকসভাত বহুজন সমাজ পাৰ্টিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে অত্যন্ত কুৰুচিপূৰ্ণ, আপত্তিজনক মন্তব্য প্ৰকাশ কৰে৷ বহুজন সমাজ পাৰ্টীৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী সাংসদক বিধুৰীয়ে সন্ত্ৰাসবাদী আৰু চুন্নত আখ্যা দিয়াৰ পাছতেই এতিয়া দেশৰ ৰাজনীতিত বলিছে ধুমুহা৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে বিধুৰীৰ আপত্তিজনক মন্তব্যৰ বাবে লোকসভাত দুখ প্ৰকাশ কৰিছে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিধুৰীক সংসদৰ নিম্ন সদনৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছে। ৰমেশে কয়, দানিশ আলীৰ বিষয়ে ৰমেশ বিধুৰীয়ে যি কৈছিল সেয়া অত্যন্ত নিন্দনীয়। ইয়াক যিমানে সমালোচনা কৰা হয়, সিমানেই কম হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক্ষমা বিচাৰিছে কিন্তু সেয়া পৰ্যাপ্ত নহয়। মই কেতিয়াও এনে ভাষা শুনা নাই। এই ভাষাটো সংসদৰ ভিতৰত বা বাহিৰত ক’তোৱেই ব্যৱহাৰ কৰিব নালাগে। এইটো কেৱল দানিশ আলীৰ বাবেই নহয়, আমাৰ সকলোৰে বাবে অপমানজনক৷ নতুন সংসদৰ আৰম্ভণি বিধুৰী আৰু তেওঁৰ কথাৰ দ্বাৰাই কৰা হৈছে। এইটোৱে বিজেপিৰ অভিপ্ৰায়ক স্পষ্টৰূপত তুলি ধৰিছে৷ বিধুৰীয়ে যি কৈছে সেয়াই বিজেপিৰ উদ্দেশ্য৷ মই ভাবো এইটো নিলম্বনৰ বাবে উপযুক্ত বিষয় আৰু তেওঁৰ বিৰুদ্ধে কঠোৰতম শাস্তি লোৱা উচিত৷

ৰাজনাথে সিঙে কৈছিল যে তেওঁ মন্তব্যটো শুনা নাছিল আৰু অধ্যক্ষক তেওঁলোকক কাৰ্যক্ৰমৰ পৰা বিলুপ্ত কৰিবলৈ আহ্বান জনাইছিল যদি তেওঁলোকে বিৰোধী সদস্যসকলক আঘাত কৰিছিল। সদস্যজনে কৰা মন্তব্যৰ দ্বাৰা বিৰোধী যদি আঘাত পাইছে, তেন্তে মই দুখ প্ৰকাশ কৰিছোঁ৷
 
কংগ্ৰেছ নেতা কে সুৰেশে কয় যে তেওঁ ইতিমধ্যে বিষয়াসকলক মন্তব্যটো প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে। মহুয়া মৈত্ৰই ৰমেশ বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ মহুৱাই বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ পাছত অধ্যক্ষ ওম বিৰলাৰ সতৰ্ক কৰি দিয়ে বিধুৰীক। 

মহুৱা মৈত্ৰই লগতে অভিযোগ কৰে যে মুছলমান আৰু অ’বিচিসকলক উৎপীড়ন কৰাটো বিজেপিৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ৷

কংগ্ৰেছ নেতা পৱন খেৰাই বিধুৰীক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰিছে। তেওঁ কয়, মই ৰমেশ বিধুৰীক দিল্লী বিধানসভাত বিধায়ক হিচাপে দেখিছোঁ। সেই দিনবোৰত তেওঁ ভাল আছিল। মই ধাৰণা কৰোঁ, সংসদত তেওঁৰ লালন-পালন মোদী-শ্বাহে ভালদৰে কৰিছে। 

জ্যেষ্ঠ আপ নেতা সঞ্জয় সিঙেও বিধুৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল৷ সিঙে কয়, বিজেপিয়ে গুণ্ডামি কৰি আছে। সংসদৰ ভিতৰত ৰমেশ বিধুৰীয়ে ব্যৱহাৰ কৰা ভাষাটো এজন গুণ্ডা, মাফিয়াৰ ভাষা। দানিশ আলীৰ অপমান সকলো বিৰোধী সাংসদৰ বাবে অপমানজনক। মই মণিপুৰৰ বিষয়টো উত্থাপন কৰিছিলোঁ আৰু মোক নিলম্বিত কৰা হৈছিল, এতিয়া তেওঁৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক