--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কৰা অপমানৰ পাছত লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে বিএছপি সাংসদ দানিশ আলীয়ে৷ 

ওম বিৰলালৈ লিখা পত্ৰখনত দানিশ আলীয়ে কয়, মই আপোনাক বিষয়টোৰ অনুসন্ধান আৰু প্ৰতিবেদনৰ বাবে লোকসভাত প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়ম ২২৭-ৰ অধীনত বিশেষাধিকাৰ সমিতিলৈ এই বিষয়টো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰমেশ বিধুৰীৰ মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷

বিজেপি সাংসদ ৰমেশ বিধুৰী কোন? যাৰ মন্তব্যই আনিলে ধুমুহা? কি কৈছিল ৰমেশ বিধুৰীয়ে ?

বৃহস্পতিবাৰে সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে বিএছপি সাংসদ দানিশৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল। বিধুৰীয়ে আনকি দানিশক উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী বুলিও অভিহিত কৰিছিল। অৱশ্যে, বিতৰ্ক বৃদ্ধি হোৱাৰ পাছত বিধুৰীৰ মন্তব্য লোকসভাৰ কাৰ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছিল। ৰমেশ বিধুৰী দক্ষিণ দিল্লীৰ বিজেপি সাংসদ। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তেওঁক তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে সতৰ্ক কৰি দিছিল। আৰু লোকসভাত কৰা আপত্তিজনক মন্তব্যৰ পাছত বিৰোধী দলবোৰে বিধুৰীৰ মন্তব্যৰ আঁত ধৰি বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু