--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ঐতিহাসিক সন্ধিক্ষণত  লোকসভাই আজি প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলছ বিধেয়ক, ২০২৩  গৃহীত কৰে৷ এই বিধেয়ক খনে ঔপনিৱেশিক কালৰ    প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ  বুকছ আইন, ১৮৬৭ খন  বাতিল কৰাৰ পথ প্ৰশস্ত কৰিলে৷ উল্লেখ্য সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিধেয়কখন ইতিমধ্যে ৰাজ্যসভাত  গৃহীত হৈছে।  

প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলছ পঞ্জীয়ন বিধেয়ক, ২০২৩-এ  কোনো জটিলতা নোহোৱাকৈয়ে  অনলাইন প্ৰণালীৰ জৰিয়তে কাকত-আলোচনীৰ নাম  আৰু পঞ্জীয়ন  লাভ কৰাৰ প্ৰক্ৰিয়াটোক সৰল কৰি তুলিব৷  এই বিধেয়ক খনে প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলক সমগ্ৰ প্ৰক্ৰিয়াটো দ্ৰুতগতিত নজৰত ৰখাত  সহায় কৰিব৷ ফলত  কাকত-আলোচনীৰ  প্ৰকাশকসকলে, বিশেষকৈ ক্ষুদ্ৰ তথা  মজলীয়া কাকত-আলোচনীৰ প্ৰকাশকসকলে প্ৰকাশন আৰম্ভ কৰাত বিশেষ কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহ’ব।  আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰকাশকসকলে এতিয়াৰে পৰা  জিলা দণ্ডাধীশ বা স্থানীয় কৰ্তৃপক্ষৰ ওচৰত কাকত-আলোচনীৰ নামৰ বাবে আবেদন  তথা পঞ্জীয়নৰ আবেদনৰ  ঘোষণাপত্ৰ    দাখিল কৰিব নালাগিব।  তদুপৰি প্ৰিণ্টিং প্ৰেছবোৰেও এনে কোনো ঘোষণাপত্ৰ  দাখিল কৰাৰ প্ৰয়োজন নহ'ব; তাৰ পৰিৱৰ্তে কেৱল এক নিৰ্দিষ্ট স্থানত অৱগত কৰিলেই পঞ্জীয়ন আৰু কাকত-আলোচনীৰ নাম লাভ কৰাটো সম্ভৱ হৈ পৰিব৷    পূৰ্বে এই সমগ্ৰ  প্ৰক্ৰিয়াটোত বৰ্তমান ৮ টা পদক্ষেপ অন্তৰ্ভুক্ত আছিল ৷ ইয়াৰ  ফলত কাকত-আচনীৰ পঞ্জীয়ন আদিত বহু  সময় অপব্যয় হৈছিল৷

লোকসভাত বিধেয়কখন উত্থাপন কৰি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ  মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয়, "বিধেয়কখনে দাসত্বৰ মানসিকতা ত্যাগ কৰা আৰু নতুন ভাৰতৰ বাবে নতুন আইন অনাৰ দিশত মোদী চৰকাৰৰ সবল  পদক্ষেপক প্ৰতিফলিত কৰিছে"।  মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অপৰাধ নিঃশেষ কৰাটো,  ব্যৱসায়ক সহজ কৰি তোলাটো 
 আৰু নতুন আইনৰ জৰিয়তে জীৱন ধাৰণৰ প্ৰক্ৰিয়াক সহজ কৰি তোলাটো চৰকাৰৰ প্ৰধান উদ্দেশ্য৷ সেই অনুসৰি ঔপনিৱেশিক যুগৰ আইন আদি  যথেষ্ট পৰিমাণে বাতিল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা  হৈছে।  কিছুমান বিশেষ অপৰাধৰ বাবে পূৰ্বৰ বহু আইনে লোক এজনক  দোষী সাব্যস্ত কৰিছিল, এতিয়া তাৰ পৰিৱৰ্তে বিত্তীয় জৰিমনা বিহাৰ প্ৰস্তাৱ ৰখা  হৈছে।   ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষৰ নেতৃত্বত এক বিশ্বাসযোগ্য আবেদনৰ প্ৰণালীও  গঢ় দিয়া হৈছে।  ব্যৱসায় কৰাৰ সহজতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি শ্ৰী ঠাকুৰে কয় যে কাকত-আলোচনীৰ শিৰোনাম পঞ্জীয়ন প্ৰক্ৰিয়া, যাৰ বাবে কেতিয়াবা ২-৩ বছৰ সময় লাগিছিল, এতিয়া ৬০ দিনৰ ভিতৰতে সেয়া কৰিব পৰা যাব৷ 

১৮৬৭ চনৰ আইনখন ব্ৰিটিছ ৰাজৰ  উত্তৰাধিকাৰী আছিল,  যি খন আইনে  বিভিন্ন নিয়ম  উলংঘনৰ বাবে কাৰাবাসকে ধৰি প্ৰেছ আৰু বাতৰি কাকত তথা কিতাপৰ মুদ্ৰক  আৰু প্ৰকাশকসকলক  সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা চলাইছিল৷   সেয়ে পৰিৱৰ্তিত পৰিস্থিত এই কথা  অনুভৱ কৰা হৈছিল যে আজিৰ মুক্ত সংবাদ মাধ্যমৰ যুগত আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখাৰ ক্ষেত্ৰত  চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ সময়ত, পুৰণি আইনখন বৰ্তমানৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিসংগতিপূৰ্ণ ৷ সেয়ে সেই আইন খন বাতিল কৰি নতুন আইন অনা হৈছে৷ 

প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলছ বিধেয়ক, ২০২৩ ৰ মুখ্য বিশেষত্বসমূহ

১. নাম আৱণ্টন আৰু কাকত-আলোচনীৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰ  প্ৰদান

<> বিধেয়কখনে অনলাইনৰ জড়িয়তে  প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ দ্বাৰা কাকত-আলোচনীৰ নাম প্ৰমাণীকৰণ আৰু পঞ্জীয়নৰ প্ৰমাণপত্ৰ প্ৰদান কৰাটো সহজ কৰি তুলিব৷

<> বিধেয়ক খনে আবেদন কৰাৰ বাবে এক সৰল অনলাইন প্ৰণালীৰ ব্যৱস্থা কৰিছে।

<> স্থানীয় কৰ্তৃপক্ষৰ সন্মুখত বা স্থানীয় কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিবলগীয়া তথ্য  প্ৰমাণীকৰণৰ কোনো প্ৰয়োজনীয়তা নোহোৱা কৰিছে৷

<>কোনো  ব্যক্তিক যিকোনো আদালতে সন্ত্ৰাসবাদী কাৰ্যকলাপ বা বেআইনী কাৰ্যকলাপৰ সৈতে জড়িত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিলে বা দেশৰ  নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কোনো কাম কৰিলে তেনে লোকক কাকত-আলোচনী  উলিওৱাৰ অনুমতি দিয়া নহ'ব। 

<>কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন আৰু প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ দ্বাৰা   পঞ্জীয়নৰ পিছত  ভাৰতত কোনো বিদেশী সাময়িকীৰ  সংস্কৰণ মুদ্ৰণ কৰিব পাৰিব। 

 ২. ছপাশালৰ বাবে

<> এখন সাময়িকীৰ মুদ্ৰকে এই বিষয়ে অনলাইযোগে প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু স্থানীয় কৰ্তৃপক্ষক  অৱগত কৰিব লাগিব৷ 

<> মুদ্ৰকে স্থানীয় কৰ্তৃপক্ষৰ সন্মুখত কোনো ঘোষণাপত্ৰ  দাখিল কৰিব নালাগে বা কৰ্তৃপক্ষৰ দ্বাৰা কোনো ঘোষণাপত্ৰ  প্ৰমাণীকৰণ কৰাৰো প্ৰয়োজন নাই।


৩.জিলা দণ্ডাধীশ/স্থানীয় কৰ্তৃপক্ষৰ ভূমিকা


<> বিধেয়কখনে পঞ্জীয়নৰ প্ৰমাণপত্ৰ আৰু শিৰোনাম আৱণ্টনৰ ক্ষেত্ৰত  জিলা দণ্ডাধীশ/স্থানীয় কৰ্তৃপক্ষৰ নূন্যতম ভূমিকাৰ কথা অৱলোকন কৰিছে৷

<> আবেদন এখন লাভ  কৰাৰ পিছত জিলা দণ্ডাধীশে ৬০  দিনৰ ভিতৰত প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলক এই বিশ.ত  মন্তব্য/আপত্তিবিহীন প্ৰমাণপত্ৰ  প্ৰদান কৰিব লাগিব৷   আনকি ৬০  দিনৰ ভিতৰত যদি    জিলা দণ্ডাধীশে/স্থানীয় কৰ্তৃপক্ষই  পৰা মন্তব্য/আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰেৰণ নকৰে , তেন্তে  প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলে পঞ্জীয়ন মঞ্জুৰ কৰাৰ বাবে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ  আগবাঢ়িব পাৰে৷ 

<>এজন প্ৰকাশকে জিলা দণ্ডাধীশৰ সন্মুখত কোনো ঘোষণাপত্ৰ  দাখিল কৰাৰ প্ৰয়োজন নাই। 


প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ  বুকছ আইন, ১৮৬৭  আৰু প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলছ বিধেয়ক, ২০২৩ৰ পাৰ্থক্য 


<> পিআৰবি আইন ১৮৬৭ -ৰ অংশ হোৱা কিতাপবোৰ পিআৰপি বিধেয়ক ২০২৩-ৰ আওতাৰ পৰা আঁতৰাই অনা হৈছে, কিয়নো বিষয় হিচাপে কিতাপৰ বিষয়সমূহ  মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে পৰিচালনা কৰে।

<> প্ৰিণ্টিং প্ৰেছবোৰে জিলা দণ্ডাধীশৰ সন্মুখত কোনো ঘোষণাপত্ৰ  দাখিল কৰিব নালাগে; প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু জিলা দণ্ডাধীশৰ সন্মুখত কেৱল  অনলাইনযোগে প্ৰকাশৰ কথা  অৱগত কৰিব লাগিব।
 
<> জিলা কৰ্তৃপক্ষৰ ওচৰতো  সাময়িকীৰ প্ৰকাশকে কোনো ঘোষণাপত্ৰ  দাখিল কৰিব নালাগে; প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু জিলা কৰ্তৃপক্ষৰ ওচৰত  একেসময়তে শিৰোনাম আৱণ্টন আৰু পঞ্জীয়নৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আবেদন কৰা হ'ব আৰু প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ দ্বাৰা সেই বিষয়ত  সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

<> পিআৰবি আইন ১৮৬৭ ৰ বিপৰীতে নতুন আইনখন যথেষ্ট পৰিমাণে সৰলীকৰণ  কৰা হৈছে,  পূৰ্বৰ  আইনখনে  বিভিন্ন ধাৰা  উলংঘনৰ বাবে দোষী সাব্যস্তকৰণ আৰু ৬ মাহলৈকে কাৰাবাসৰ বিধান ৰাখিছিল৷ 

<> ২০২৩  চনৰ বিধেয়কখনত কেৱল চৰম ক্ষেত্ৰতহে ছমাহলৈকে কাৰাদণ্ডৰ শাস্তিৰ পৰিকল্পনা কৰা হৈছে৷ এয়া প্ৰযোজ্য হ’ব যদি  পঞ্জীয়নৰ প্ৰমাণপত্ৰ নথকাকৈয়ে  কাকত-আলোচনী প্ৰকাশ কৰা হয় আৰু প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলে এই বিষয়ত  ছয়মাহৰ নিৰ্দেশনা জাৰি  কৰাৰ পিছতো প্ৰকাশকে তেনে প্ৰকাশনৰ মুদ্ৰণ বন্ধ নকৰে৷ 


<> ১৮৬৭  আইন খনত কেৱল জিলা দণ্ডাধীশেহে  এখন কাকত-আলোচনীৰ  ঘোষণাপত্ৰ  বাতিল কৰিব পাৰিছিল, প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ  প্ৰদান কৰা পঞ্জীয়নৰ প্ৰমাণপত্ৰ বাতিল বা স্থগিত কৰাৰ স্বতঃপ্ৰণোদিত ক্ষমতা নাছিল। পিআৰপি বিধেয়ক ২০২৩-এ প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলক পঞ্জীয়নৰ প্ৰমাণপত্ৰ স্থগিত/বাতিল কৰাৰ ক্ষমতা প্ৰদান কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন