--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নেৰানেপেৰা বৰষুণে প্রদেশখনৰ বিভিন্ন জিলাত আকস্মিক বানৰ সৃষ্টি কৰিছে আৰু এই বৰষুণ ২১ আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রদেশখনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই।

ডিজিটেল ডেস্ক : পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশত প্রবল বৰষুণে সৃষ্টি কৰা ভয়াৱহ আকস্মিক বানে জনজীৱন ব্যাহত কৰি তুলিছে।


শনিবাৰে প্রদেশখনৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে, প্রদেশখনত মৃতকৰ সংখ্যা তিনি শতাধিক হৈছে। ইয়াৰ ভিতৰত ১৩টা শিশুও আছে।


নেৰানেপেৰা বৰষুণে প্রদেশখনৰ বিভিন্ন জিলাত আকস্মিক বানৰ সৃষ্টি কৰিছে আৰু এই বৰষুণ ২১ আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রদেশখনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই।


চৰকাৰী তথ্য অনুসৰি, প্ৰদেশখনত যোৱা ৪৮ ঘণ্টাত ৩৪০জন লোকে প্রাণ হেৰুৱাইছে।


বিধ্বংসী বৰষুণ, ডাৱৰ বিস্ফোৰণ, আকস্মিক বানৰ তাণ্ডৱ প্রদেশখনত বর্তমানলৈকে চলি আছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩০২জন পুৰুষ, ১৫গৰাকী মহিলা আৰু ১৩টা শিশু আছে।


আনহাতে, প্রায় ৩০জন লোক বৰষুণ সম্বন্ধীয় ঘটনাত আহত হৈছে। প্রদেশখনত এই প্রাকৃতিক দুৰ্যোগৰ ফলত মুঠ ৭৪টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক