--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নেৰানেপেৰা বৰষুণে প্রদেশখনৰ বিভিন্ন জিলাত আকস্মিক বানৰ সৃষ্টি কৰিছে আৰু এই বৰষুণ ২১ আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রদেশখনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই।

ডিজিটেল ডেস্ক : পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশত প্রবল বৰষুণে সৃষ্টি কৰা ভয়াৱহ আকস্মিক বানে জনজীৱন ব্যাহত কৰি তুলিছে।


শনিবাৰে প্রদেশখনৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে, প্রদেশখনত মৃতকৰ সংখ্যা তিনি শতাধিক হৈছে। ইয়াৰ ভিতৰত ১৩টা শিশুও আছে।


নেৰানেপেৰা বৰষুণে প্রদেশখনৰ বিভিন্ন জিলাত আকস্মিক বানৰ সৃষ্টি কৰিছে আৰু এই বৰষুণ ২১ আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্রদেশখনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই।


চৰকাৰী তথ্য অনুসৰি, প্ৰদেশখনত যোৱা ৪৮ ঘণ্টাত ৩৪০জন লোকে প্রাণ হেৰুৱাইছে।


বিধ্বংসী বৰষুণ, ডাৱৰ বিস্ফোৰণ, আকস্মিক বানৰ তাণ্ডৱ প্রদেশখনত বর্তমানলৈকে চলি আছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৩০২জন পুৰুষ, ১৫গৰাকী মহিলা আৰু ১৩টা শিশু আছে।


আনহাতে, প্রায় ৩০জন লোক বৰষুণ সম্বন্ধীয় ঘটনাত আহত হৈছে। প্রদেশখনত এই প্রাকৃতিক দুৰ্যোগৰ ফলত মুঠ ৭৪টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ