--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা বিশেষ শব্দ-ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী৷যি দুটা বিশেষ শব্দ সংবিধানৰ মৌলিক পৰিকাঠামো বুলি গণ্য কৰা হয়,সেই দুটা শব্দ সংবিধানৰ প্ৰস্তাৱনাত নথকাৰ অভিযোগ আনিছে লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে৷কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে মঙলবাৰে অভিযোগ কৰে যে নতুন সংসদ ভৱন মুকলিৰ দিনা সাংসদসকলক দিয়া সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত “ধৰ্মনিৰপেক্ষ” আৰু “সমাজবাদী” শব্দ দুটাৰ উল্লেখ নাই।

সংবাদ সংস্থা এএনআইক এই কথা জনাই চৌধুৰীয়ে কয় যে,"যি সংবিধানৰ সৈতে আমি নতুন সংসদ ভৱনত ভৰি দিছিলো, তাৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ নাছিল। যদি সংবিধানত এই দুটা শব্দৰ উপস্থিতি নাথাকে, তেন্তে ই এক চিন্তনীয় বিষয়।"

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে এই পৰিৱৰ্তন অতি চতুৰতাৰে কৰিছে আৰু চৰকাৰৰ উদ্দেশ্য “সমস্যাপূৰ্ণ”।চৌধুৰীয়ে লগতে কয় যে তেওঁ সংসদত বিষয়টো উত্থাপন কৰিব বিচাৰিছিল যদিও সুযোগ নাপালে।

ইয়াৰ পূৰ্বে মঙলবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে সংসদত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা দেখা গৈছিল। উল্লেখযোগ্য যে তেওঁ প্ৰস্তাৱনা পঢ়ি থাকোঁতে "সমাজবাদী" আৰু "ধৰ্মনিৰপেক্ষ" শব্দ দুটা পাঠ কৰা দেখা গৈছিল৷

মঙলবাৰে নতুন সংসদ ভৱন মুকলিৰ দিনা সংসদৰ সদস্যসকলে ভাৰতৰ সংবিধানৰ প্ৰতিলিপি, সংসদ সম্পৰ্কীয় কিতাপ, এটা স্মৃতি মুদ্ৰা আৰু এটা ডাকটিকট লাভ কৰে। এটা গিফ্টবেগত আছিল সাংসদসকলৰ বাবে এই উপহাৰ।

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন ভৱনত অনুষ্ঠিত হয় সংসদৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিন।নতুন সংসদ ভৱনলৈ স্থানান্তৰিত হোৱাৰ লগে লগে দুয়োটা সদনৰ সংসদ কৰ্মচাৰীৰ ইউনিফৰ্মৰ পৰিৱৰ্তনো আহিল। ইয়াৰ ভিতৰত আছে চেম্বাৰ এটেণ্ডেণ্ট, বিষয়া, নিৰাপত্তাৰক্ষী, চালক আৰু মাৰ্শ্বাল যিসকলে  বিশেষ অধিৱেশনৰ সময়ত নতুন ইউনিফৰ্ম পৰিধান কৰা দেখা যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ