--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা বিশেষ শব্দ-ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী৷যি দুটা বিশেষ শব্দ সংবিধানৰ মৌলিক পৰিকাঠামো বুলি গণ্য কৰা হয়,সেই দুটা শব্দ সংবিধানৰ প্ৰস্তাৱনাত নথকাৰ অভিযোগ আনিছে লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে৷কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে মঙলবাৰে অভিযোগ কৰে যে নতুন সংসদ ভৱন মুকলিৰ দিনা সাংসদসকলক দিয়া সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত “ধৰ্মনিৰপেক্ষ” আৰু “সমাজবাদী” শব্দ দুটাৰ উল্লেখ নাই।

সংবাদ সংস্থা এএনআইক এই কথা জনাই চৌধুৰীয়ে কয় যে,"যি সংবিধানৰ সৈতে আমি নতুন সংসদ ভৱনত ভৰি দিছিলো, তাৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ নাছিল। যদি সংবিধানত এই দুটা শব্দৰ উপস্থিতি নাথাকে, তেন্তে ই এক চিন্তনীয় বিষয়।"

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে এই পৰিৱৰ্তন অতি চতুৰতাৰে কৰিছে আৰু চৰকাৰৰ উদ্দেশ্য “সমস্যাপূৰ্ণ”।চৌধুৰীয়ে লগতে কয় যে তেওঁ সংসদত বিষয়টো উত্থাপন কৰিব বিচাৰিছিল যদিও সুযোগ নাপালে।

ইয়াৰ পূৰ্বে মঙলবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে সংসদত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা দেখা গৈছিল। উল্লেখযোগ্য যে তেওঁ প্ৰস্তাৱনা পঢ়ি থাকোঁতে "সমাজবাদী" আৰু "ধৰ্মনিৰপেক্ষ" শব্দ দুটা পাঠ কৰা দেখা গৈছিল৷

মঙলবাৰে নতুন সংসদ ভৱন মুকলিৰ দিনা সংসদৰ সদস্যসকলে ভাৰতৰ সংবিধানৰ প্ৰতিলিপি, সংসদ সম্পৰ্কীয় কিতাপ, এটা স্মৃতি মুদ্ৰা আৰু এটা ডাকটিকট লাভ কৰে। এটা গিফ্টবেগত আছিল সাংসদসকলৰ বাবে এই উপহাৰ।

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন ভৱনত অনুষ্ঠিত হয় সংসদৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিন।নতুন সংসদ ভৱনলৈ স্থানান্তৰিত হোৱাৰ লগে লগে দুয়োটা সদনৰ সংসদ কৰ্মচাৰীৰ ইউনিফৰ্মৰ পৰিৱৰ্তনো আহিল। ইয়াৰ ভিতৰত আছে চেম্বাৰ এটেণ্ডেণ্ট, বিষয়া, নিৰাপত্তাৰক্ষী, চালক আৰু মাৰ্শ্বাল যিসকলে  বিশেষ অধিৱেশনৰ সময়ত নতুন ইউনিফৰ্ম পৰিধান কৰা দেখা যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু