--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়ান গেমছত এয়া লাভলীনাৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল অসম কন্যাগৰাকীয়ে।

ডিজিটেল ডেস্ক: এছিয়ান গেমছৰ ৰিঙত ইতিহাস সৃষ্টি কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। নিজৰ জন্মদিনৰ দিনটোতেই দেশলৈ গৌৰৱ কঢ়িয়াই আনি মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণপদক লাভ কৰিলে লাভলীনাই। ফাইনেলত চীনৰ শক্তিশালী প্ৰতিদ্বন্দ্বী ঝিয়ি বাওক ৫-০ ব্যৱধানত পোনপটীয়াভাৱে পৰাস্ত কৰি তেওঁ এই সফলতা অর্জন কৰে।


চীনৰ প্ৰতিদ্বন্দীগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি লাভলীনাই ৫-০ ৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণজয় কৰিবলৈ সক্ষম হয়। ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে ছেমিফাইনেলত কাজাখস্তানৰ কঠিন প্ৰতিদ্বন্দ্বী নাতালিয়া বোগদানোভাক ৩-২ ব্যৱধানত হৰুৱাই ফাইনেলৰ যাত্ৰা নিশ্চিত কৰিছিল।


এছিয়ান গেমছত এয়া লাভলীনাৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল অসম কন্যাগৰাকীয়ে।


বক্সিং ৰিঙত লাভলীনাৰ এই অসাধাৰণ কৃতিত্ব আৰু জন্মদিনৰ দিনাই দেশলৈ সোণ আনি দিয়া এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী তথা দেশবাসী। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে লাভলীনাক জনাইছে আন্তৰিক শুভেচ্ছা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে