--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে দলত থাকিলেও মূল একাদশত নিয়মীয়াকৈ সুযোগ পোৱা নাই। ৰানৰ মাজত থাকিলেও বৈভৱক দলত স্থান দিয়া হোৱা নাই। ইয়াৰ বাবে প্রশিক্ষক গৌতম গম্ভীৰ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে।

ডিজিটেল ডেস্ক: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন টি-২০ ক্রিকেট আজি অনুষ্ঠিত হ'ব। এছিয়ান গেমছত স্বর্ণ জয়েৰে আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো। ইয়াৰ মাজতে বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে দলত থাকিলেও মূল একাদশত নিয়মীয়াকৈ সুযোগ পোৱা নাই। ৰানৰ মাজত থাকিলেও বৈভৱক দলত স্থান দিয়া হোৱা নাই। ইয়াৰ বাবে প্রশিক্ষক গৌতম গম্ভীৰ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে। আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাত এখনো খেলত সুযোগ নাপালে বৈভৱে। এইপর্যন্ত বৈভৱে ভাৰতৰ হৈ ৮ খন মেচ খেলিছে।


ইয়াৰ মাজৰে এখন মেচত ভি ভি এছ লক্ষ্মণৰ তত্ত্বাৱধানত এছিয়ান গেমছ আৰু জিম্বাবুৱেৰ বিৰুদ্ধে খেলিছিল বেটিং চাঞ্চল্য বৈভৱে। সেই প্রসংগত গম্ভীৰে কয়, 'বৈভৱৰ বিষয়টো মোৰ বাবেও নতুন অভিজ্ঞতা। হয়, বৈভৱ দুৰন্ত ফৰ্মত আছে। তেওঁক বহুবাৰ বুজাবলৈ চেষ্টা কৰিছোঁ। অনেক খেলুৱৈয়ে দীর্ঘ অপেক্ষাৰ অন্তত সুযোগ পাইছে। তেওঁলোকে ভাল খেলিছে। তেওঁলোককো সুযোগ দিব লাগিব। বৈভৱক নমালে এগৰাকী খেলুৱৈৰ সৈতে কথা পাতিব লাগিব। সেয়া হয়তো হ'ব পাৰে অভিষেক শর্মা অথবা সঞ্জু ছেমছন। উভয়ৰ সৈতে সেই আলোচনা মোৰ বাবে কষ্টকৰ হ'ব। তেওঁলোকে যোৱা ডেৰ-দুই বছৰ ধৰি দললৈ জয় কঢ়িয়াই আনিছে। আজি ৩-৪খন মেচত ব্যর্থ হ'লেই তেওঁলোকক অতিৰিক্তৰ শাৰীত ৰাখিব নোৱাৰি। ফর্মত থকা তৰুণ ক্রিকেটাৰক তেওঁলোকৰ স্থানত খেলাব নোৱাৰি।' 


ইফালে, প্রথম টি-২০ খেলত নমাৰ আগেয়ে ৱেষ্ট ইণ্ডিজে এক বৃহৎ আঘাত সহিবলগীয়া হৈছে। আঙুলিৰ আঘাতৰ বাবে প্রথম মেচেই নহয়, সম্পূর্ণ শৃংখলাৰ পৰাই বাহিৰ হ'ব পাৰে ১৯ বছৰীয়া অ'পেনাৰ জুৱেল আন্দ্ৰু। তেওঁৰ স্থানত অন্তর্ভুক্ত কৰা হৈছে আমিৰ জাংগোক। ৩ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াত ফিল্ডিং কৰি থকাৰ সময়ত আঘাত পায় আন্দ্ৰুৱে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’