ডিজিটেল ডেস্ক : ভাৰত আৰু বেষ্ট ইণ্ডিজৰ মাজত আজি গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত হ'ব বহু প্রত্যাশিত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল। দিবা- নৈশ খেলখন আৰম্ভ হ'ব দিনৰ ২ বজাত। ইতিমধ্যে অসম ক্রিকেট সন্থাই খেলখনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তেনেদৰেই ক্ৰিকেটৰ বৃহৎ মেচ পতাৰ ক্ষেত্রত গুৱাহাটীয়ে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটতো গুৰুত্বপূৰ্ণ স্থান হিচাপে নিজৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিব।
ইতিমধ্যে প্রথমখন এদিনীয়া খেলত ৮ উইকেটত বৃহৎ বিজয় সাব্যস্ত কৰি ভাৰতীয় দলে বর্তমান শৃংখলাটোত ১-০ ব্যৱধানত আগবাঢ়ি আছে। প্রথমখন খেলত ৱেষ্ট ইণ্ডিজে প্রথমে বেটিং কৰি নিৰ্ধাৰিত অ'ভাৰত ৭ উইকেটত ২৯৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শুভমন গীল আৰু বিৰাট কোহলীৰ সুন্দৰ শতকৰ সহায়ত ভাৰতে অতি সহজেই এই লক্ষ্য অতিক্ৰম কৰে। খেলখনত কুলদীপ যাদৱে ৪০ ৰান দি ৪টা উইকেট লাভ কৰিছিল। সোমবাৰে দুয়োটা দল গুৱাহাটীত আহি উপস্থিত হয়হি আৰু মঙলবাৰে অসম ক্রিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হাইভল্টেজ খেলখনৰ বাবে সাজু হৈছে।
এই গুৰুত্বপূৰ্ণ খেলখনত বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অধিনায়ক শুভমন গীল মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। এই খেলখন জিকি ভাৰতে শৃংখলা দখল কৰাৰ লক্ষ্য ৰাখিছে। খেলখনৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্রিকেট অনুৰাগী অধীৰ আগ্ৰহেৰে বাট চাই আছে।