--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ ঘৰলৈ লখিমী আদৰিবলৈ সাজু ৰণবীৰ। আশ্চৰ্যকৰ যেন লাগিলেও এইবাৰ এপ্ৰিলত ৰণবীৰ-আলিয়াৰ বিয়া। বলীউড এৰিনাত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত আনন্দৰ ৰোল উঠা দেখা গৈছে। বলীউডতো একেই উছাহ, ২০২২ চনৰ আটাইতকৈ চৰ্চিত বিবাহ হিচাপেও হৈছে বিবেচিত। ইতিপূৰ্বে কৰ’নাসৃষ্ট পৰিৱেশ আৰু আহিবলগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ বাবে পিছুৱাই দিয়া হৈছিল বিবাহ। এইবাৰ আৰু ৰৈ থাকিব বিচৰা নাই আলিয়াই। দিন ভালে থাকোতে একৰ পৰা দুই হোৱাৰ মন মেলিছে আলিয়াই। ছবি নিৰ্মাতাসকলেও ছবিখনৰ মুক্তিৰ পাছত ৰণবীৰ-আলিয়াক বিবাহপাশত আবদ্ধ হ’বলৈ অনুৰোধ জনাইছে। জানিবলৈ পোৱা মতে, আলিয়া আৰু ৰণবীৰে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ আনুষ্ঠানিকতা মুম্বাইতে আয়োজন কৰাৰ কথা আছিল কিন্তু এতিয়া অলপ বেলেগকৈ ভাবিছে দুই তাৰকাই। মুম্বাইৰ পৰিৱৰ্তে ৰাজস্থানৰ ‘ৰণথম্বোৰ’ত অনুষ্ঠিত হ’ব বিয়াৰ আনুষ্ঠানিক কাৰ্যসূচী। দুই তাৰকাৰ মাজত বহু প্ৰত্যাশিত বিয়াখনৰ দিন চমু চাপি অহাৰ লগে লগে আলিয়াৰ পঞ্চপ্ৰেমৰ কাহিনী এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰেমৰ দিন চলি থকাৰ সময়তে আলিয়াৰ পঞ্চপ্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আলিয়াৰ প্ৰথম প্ৰেমিক আছিল ৰমেশ ডুবে। তেওঁলোক দুয়োজনে ‘জাম্নাবাই নাৰ্ছিং স্কুল’ত পঢ়িছিল। সামাজিক মাধ্যমত ৰমেশৰ উপস্থিতি সেৰেঙা। দুয়ো একেলগে অধ্যয়ন কৰাৰ সময়তে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেমে বিদ্যালয়ৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল। বলীউডত খোজ দিয়াৰ পূৰ্বে আলিয়াই আলী দাদোৰকাৰৰ প্ৰেমত পৰিছিল। দুয়ো বহুদিন ধৰি একেলগে আছিল। সামাজিক অনুষ্ঠান পৰ্বতো বহুসময়ত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বলীউডত খোজ দিয়াৰ পাছতে আলিয়াই দ্বিতীয় প্ৰেমকিৰ সৈতেও ইতিৰেখা টানিলে। কৰণ জোহৰ পৰিচালিত ‘ষ্টুডেণ্ট অব দা ইয়েৰ’ত প্ৰথমবাৰ অভিনয় কৰাৰ পাছত আলিয়াই এগৰাকী চেলিব্ৰিটীৰ প্ৰেমত পৰিছিল। সেই বিখ্যাত চেলিব্ৰিটীজন আন কোনো নাছিল। তেতিয়াৰ বলীউডৰ নতুন মুখ সিদ্ধাৰ্থ মালহোত্ৰাই হৈ পৰিছিল আলিয়াৰ বয়ফ্ৰেইণ্ড। আলিয়াৰে প্ৰেম হ’লেও এই কথা সকোৰে অগোচৰে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিদ্ধাৰ্থই। তেওঁ কয়, ‘মই আলিয়াক প্ৰথমখন ছবিত অভিনয় কৰাৰ পৰাই চিনি পাওঁ। গতিকে আমাৰ এটা আৱেগিক সম্পৰ্ক আছে। তাতকৈ বেছি একো নহয়। আমি ভাল বন্ধু।’ অৱশ্যে, জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আলিয়া আলিয়া-সিদ্ধাৰ্থৰ মাজৰ দূৰত্ব বাঢ়ি গৈছিল বুলিও শুনিবলৈ পোৱা যায়। ইয়াৰ পাছত, হঠাতে বলীউড এৰিনাত বৰুণ ধাৱানৰে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি বিয়পি পৰিছিল। মহেশ কন্যাৰ সৈতে ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল বৰুণে। কিন্তু যেতিয়া বৰুণৰ প্ৰেমিকা তথা পত্নী নাতাশা দালালৰ কথা মুকলিকৈ আলোচনা হৈছিল তেতিয়া এই গুজৱৰো অন্ত পৰে। এইবাৰ বিনোদনৰ জগতত নহয়। বিখ্যাত ব্যৱসায়ী সুনীল মিত্তালৰ পুত্ৰ কবিনৰ সৈতে আলিয়াৰ প্ৰেমকথাই বিশেষ কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছিল। এটা ব্যৱসায়িক অনুষ্ঠানত সাক্ষাৎ হৈছিল দুয়োৰে। সেয়া যি‌ কি নহওক, আলিয়াই আৰু অতীতৰ হেৰুৱা দিনবোৰলৈ লহৰি যাব বিচৰা নাই। ৰণবীৰকে জীৱনৰ প্ৰতিটো খোজত পাবলৈ মন আলিয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ