--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ ঘৰলৈ লখিমী আদৰিবলৈ সাজু ৰণবীৰ। আশ্চৰ্যকৰ যেন লাগিলেও এইবাৰ এপ্ৰিলত ৰণবীৰ-আলিয়াৰ বিয়া। বলীউড এৰিনাত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত আনন্দৰ ৰোল উঠা দেখা গৈছে। বলীউডতো একেই উছাহ, ২০২২ চনৰ আটাইতকৈ চৰ্চিত বিবাহ হিচাপেও হৈছে বিবেচিত। ইতিপূৰ্বে কৰ’নাসৃষ্ট পৰিৱেশ আৰু আহিবলগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ বাবে পিছুৱাই দিয়া হৈছিল বিবাহ। এইবাৰ আৰু ৰৈ থাকিব বিচৰা নাই আলিয়াই। দিন ভালে থাকোতে একৰ পৰা দুই হোৱাৰ মন মেলিছে আলিয়াই। ছবি নিৰ্মাতাসকলেও ছবিখনৰ মুক্তিৰ পাছত ৰণবীৰ-আলিয়াক বিবাহপাশত আবদ্ধ হ’বলৈ অনুৰোধ জনাইছে। জানিবলৈ পোৱা মতে, আলিয়া আৰু ৰণবীৰে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ আনুষ্ঠানিকতা মুম্বাইতে আয়োজন কৰাৰ কথা আছিল কিন্তু এতিয়া অলপ বেলেগকৈ ভাবিছে দুই তাৰকাই। মুম্বাইৰ পৰিৱৰ্তে ৰাজস্থানৰ ‘ৰণথম্বোৰ’ত অনুষ্ঠিত হ’ব বিয়াৰ আনুষ্ঠানিক কাৰ্যসূচী। দুই তাৰকাৰ মাজত বহু প্ৰত্যাশিত বিয়াখনৰ দিন চমু চাপি অহাৰ লগে লগে আলিয়াৰ পঞ্চপ্ৰেমৰ কাহিনী এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰেমৰ দিন চলি থকাৰ সময়তে আলিয়াৰ পঞ্চপ্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আলিয়াৰ প্ৰথম প্ৰেমিক আছিল ৰমেশ ডুবে। তেওঁলোক দুয়োজনে ‘জাম্নাবাই নাৰ্ছিং স্কুল’ত পঢ়িছিল। সামাজিক মাধ্যমত ৰমেশৰ উপস্থিতি সেৰেঙা। দুয়ো একেলগে অধ্যয়ন কৰাৰ সময়তে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেমে বিদ্যালয়ৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল। বলীউডত খোজ দিয়াৰ পূৰ্বে আলিয়াই আলী দাদোৰকাৰৰ প্ৰেমত পৰিছিল। দুয়ো বহুদিন ধৰি একেলগে আছিল। সামাজিক অনুষ্ঠান পৰ্বতো বহুসময়ত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বলীউডত খোজ দিয়াৰ পাছতে আলিয়াই দ্বিতীয় প্ৰেমকিৰ সৈতেও ইতিৰেখা টানিলে। কৰণ জোহৰ পৰিচালিত ‘ষ্টুডেণ্ট অব দা ইয়েৰ’ত প্ৰথমবাৰ অভিনয় কৰাৰ পাছত আলিয়াই এগৰাকী চেলিব্ৰিটীৰ প্ৰেমত পৰিছিল। সেই বিখ্যাত চেলিব্ৰিটীজন আন কোনো নাছিল। তেতিয়াৰ বলীউডৰ নতুন মুখ সিদ্ধাৰ্থ মালহোত্ৰাই হৈ পৰিছিল আলিয়াৰ বয়ফ্ৰেইণ্ড। আলিয়াৰে প্ৰেম হ’লেও এই কথা সকোৰে অগোচৰে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিদ্ধাৰ্থই। তেওঁ কয়, ‘মই আলিয়াক প্ৰথমখন ছবিত অভিনয় কৰাৰ পৰাই চিনি পাওঁ। গতিকে আমাৰ এটা আৱেগিক সম্পৰ্ক আছে। তাতকৈ বেছি একো নহয়। আমি ভাল বন্ধু।’ অৱশ্যে, জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আলিয়া আলিয়া-সিদ্ধাৰ্থৰ মাজৰ দূৰত্ব বাঢ়ি গৈছিল বুলিও শুনিবলৈ পোৱা যায়। ইয়াৰ পাছত, হঠাতে বলীউড এৰিনাত বৰুণ ধাৱানৰে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি বিয়পি পৰিছিল। মহেশ কন্যাৰ সৈতে ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল বৰুণে। কিন্তু যেতিয়া বৰুণৰ প্ৰেমিকা তথা পত্নী নাতাশা দালালৰ কথা মুকলিকৈ আলোচনা হৈছিল তেতিয়া এই গুজৱৰো অন্ত পৰে। এইবাৰ বিনোদনৰ জগতত নহয়। বিখ্যাত ব্যৱসায়ী সুনীল মিত্তালৰ পুত্ৰ কবিনৰ সৈতে আলিয়াৰ প্ৰেমকথাই বিশেষ কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছিল। এটা ব্যৱসায়িক অনুষ্ঠানত সাক্ষাৎ হৈছিল দুয়োৰে। সেয়া যি‌ কি নহওক, আলিয়াই আৰু অতীতৰ হেৰুৱা দিনবোৰলৈ লহৰি যাব বিচৰা নাই। ৰণবীৰকে জীৱনৰ প্ৰতিটো খোজত পাবলৈ মন আলিয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু