--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱকজনে কোটি কোটি টকা লটাৰীত জিকিছে। ভাৰতীয় মুদ্ৰাৰ হিচাবে তেওঁ লটাৰীত পোৱা ধনৰ পৰিমাণ প্ৰায় ৮১ কোটি টকা। সেই ধনেৰে তেওঁ নিজৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীয়েই কিনিছে। দামী গাড়ী, ঘড়ী – মুঠৰ ওপৰত মনে  বিচৰা সকলো বস্তুৱেই আছে তেওঁৰ ওচৰত। কিন্তু ইমানৰ পিছতো সুখী হ’ব পৰা নাই যুৱকজন। 

কাৰণ তেওঁৰ নাই কোনো জীৱন লগৰী। লটাৰীত পোৱা ধন খৰচ কৰিবলৈ সেয়ে তেওঁ এতিয়া বিচাৰিছে এগৰাকী পত্নী।  এক কথাত ক’বলৈ গ’লে হঠাতে কোটিপতি হোৱা যুৱকজনে পত্নী বিচাৰি ব্যাকুল হৈ পৰিছে। তেওঁ বিয়া কৰিবই, নহ’লে ধন কিদৰে খৰচ কৰিব তাৰ কোনো উৱাদিহ পোৱা নাই তেওঁ।  যুৱক জনৰ নাম কুৰ্ছাত ইলদিৰিম ।

জাৰ্মানীৰ ডৰ্টমুণ্ডৰ বাসিন্দা যুৱকজনে চলিত বৰ্ষৰ  ছেপ্টেম্বৰ মাহত লটাৰীৰ ধন  জিকিছিল। সেই ধনৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৮১ কোটি টকা। এই বৃহৎ পৰিমাণৰ ধন পোৱা স্বত্বেও কুৰ্ছাত সম্পূৰ্ণ সুখী হ'ব পৰা নাই। তেওঁ ভাবে যে এগৰাকী  জীৱন সংগী পালেহে তেওঁৰ প্ৰাপ্তিয়ে পূৰ্ণতা লভিব। তেওঁ এনে এগৰাকী নাৰী বিচাৰে যিয়ে তেওঁৰ বিপুল পৰিমাণৰ  ধন খৰচ কৰিব পাৰিব। 

৪১ বছৰীয়া কুৰ্ছাটে জাৰ্মানীৰ সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰ কয় যে তেওঁ এইবাৰ জীৱন সংগী বিচাৰিছে । যুৱকজনে  জীৱন সংগী হিচাপে কেনে ধৰণৰ ছোৱালী ভালপায় সেই বিষয়েও কৈছে। তেওঁ কয় যে ছোৱালীজনী ধুনীয়া নহ’লেও কথা নাই, কিন্তু বিশ্বাসী হ'ব লাগিব। কাৰণ তেওঁৰ এতিয়া বহুত টকা আছে। তেওঁ তেওঁৰ পত্নীক অন্ধভাৱে বিশ্বাস কৰিব বিচাৰে। 

কইনা বিচৰাত সুবিধা হওঁক বুলিয়েই কুৰ্ছাতে নিজৰ এটা ই-মেইল আইডিও খুলি লৈছে ।  তেওঁৰ সৈতে  বিয়াত বহিবলৈ  আগ্ৰহী যুৱতীসকলক তেওঁ  সেই ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক