--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধই কেৱল দুইখন দেশৰ নাগৰিকৰ জীৱন বিধস্ত কৰা নাই৷ একে সময়তে  বহু ভাৰতীয় শিক্ষাৰ্থীৰো জীৱন বিপন্ন কৰি তুলিছিল৷ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি থকা বহু ভাৰতীয় শিক্ষাৰ্থী কোনোমতে প্ৰাণটো লৈ ভাৰতলৈ উভতি আহিছিল৷ বহু ধন ব্যয় কৰি বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীসকলৰ ভৱিষ্যতো হৈ পৰিছিল অনিশ্চিত৷ আনহাতে স্বদেশতো তেওঁলোকৰ বাবে নাছিল উপযুক্ত সংস্থাপনৰ ব্যৱস্থা৷ 

একে এক সময়তে এইসকল ভাৰতীয় শিক্ষাৰ্থীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাছিয়াই৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ বাবে শিক্ষা আধৰুৱা কৰি ঘৰলৈ ঘূৰি অহা শিক্ষাৰ্থীসকলক পুনৰ শিক্ষা গ্ৰহণৰ সুযোগ দিলে ৰাছিয়াই৷ 

 ৰাছিয়াৰ ৰাষ্ট্ৰদূত ওলেগ আদিভে চেন্নাইৰ এক  অনুষ্ঠানত এই কথা ঘোষণা কৰে৷ইউক্ৰেইনৰ পৰা যিসকল ভাৰতীয় শিক্ষাৰ্থীয়ে উভতি আহিছে পঢ়া–শুনা এৰি, তেওঁলোকক সুযোগ দিবলৈ প্ৰস্তুত ৰাছিয়া। লগতে ৰাষ্ট্ৰদূতজনে উল্লেখ কৰে যে , ইউক্ৰেইন আৰু ৰাছিয়াৰ মেডিকেল পাঠ্যক্ৰম প্ৰায় একে।গতিকে  শিক্ষাৰ্থীসকলে সহজেই এই পাঠ্যক্ৰমত খাপ খাই পৰিব৷ফলত তেওঁলোকে অসমাপ্ত পাঠ্যক্ৰম ৰাছিয়াত সমাপ্ত কৰিব পাৰিব আৰু তেওঁলোকক আন্তৰিকতাৰে আদৰিবলৈ ৰাছিয়া সদায় প্ৰস্তুত৷  

পৰিতাপৰ বিষয় যে ইউক্ৰেইনৰ বৰ্তমানেও ৰাছিয়াৰ  যুদ্ধ এতিয়াও অন্ত পৰা নাই। দুয়ো দেশৰ বহু অঞ্চল এতিয়াও অশান্ত হৈ আছে৷ ৰাছিয়াৰ এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে যদিও যুদ্ধৰ দাৱানল জ্বলি থকা দেশ এখনত শিক্ষাৰ্থীসকল কিমানদূৰ লাভান্বিত হ’ব সেইয়া সময়েহে ক’ব৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা