--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধই কেৱল দুইখন দেশৰ নাগৰিকৰ জীৱন বিধস্ত কৰা নাই৷ একে সময়তে  বহু ভাৰতীয় শিক্ষাৰ্থীৰো জীৱন বিপন্ন কৰি তুলিছিল৷ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি থকা বহু ভাৰতীয় শিক্ষাৰ্থী কোনোমতে প্ৰাণটো লৈ ভাৰতলৈ উভতি আহিছিল৷ বহু ধন ব্যয় কৰি বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীসকলৰ ভৱিষ্যতো হৈ পৰিছিল অনিশ্চিত৷ আনহাতে স্বদেশতো তেওঁলোকৰ বাবে নাছিল উপযুক্ত সংস্থাপনৰ ব্যৱস্থা৷ 

একে এক সময়তে এইসকল ভাৰতীয় শিক্ষাৰ্থীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিলে ৰাছিয়াই৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ বাবে শিক্ষা আধৰুৱা কৰি ঘৰলৈ ঘূৰি অহা শিক্ষাৰ্থীসকলক পুনৰ শিক্ষা গ্ৰহণৰ সুযোগ দিলে ৰাছিয়াই৷ 

 ৰাছিয়াৰ ৰাষ্ট্ৰদূত ওলেগ আদিভে চেন্নাইৰ এক  অনুষ্ঠানত এই কথা ঘোষণা কৰে৷ইউক্ৰেইনৰ পৰা যিসকল ভাৰতীয় শিক্ষাৰ্থীয়ে উভতি আহিছে পঢ়া–শুনা এৰি, তেওঁলোকক সুযোগ দিবলৈ প্ৰস্তুত ৰাছিয়া। লগতে ৰাষ্ট্ৰদূতজনে উল্লেখ কৰে যে , ইউক্ৰেইন আৰু ৰাছিয়াৰ মেডিকেল পাঠ্যক্ৰম প্ৰায় একে।গতিকে  শিক্ষাৰ্থীসকলে সহজেই এই পাঠ্যক্ৰমত খাপ খাই পৰিব৷ফলত তেওঁলোকে অসমাপ্ত পাঠ্যক্ৰম ৰাছিয়াত সমাপ্ত কৰিব পাৰিব আৰু তেওঁলোকক আন্তৰিকতাৰে আদৰিবলৈ ৰাছিয়া সদায় প্ৰস্তুত৷  

পৰিতাপৰ বিষয় যে ইউক্ৰেইনৰ বৰ্তমানেও ৰাছিয়াৰ  যুদ্ধ এতিয়াও অন্ত পৰা নাই। দুয়ো দেশৰ বহু অঞ্চল এতিয়াও অশান্ত হৈ আছে৷ ৰাছিয়াৰ এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে যদিও যুদ্ধৰ দাৱানল জ্বলি থকা দেশ এখনত শিক্ষাৰ্থীসকল কিমানদূৰ লাভান্বিত হ’ব সেইয়া সময়েহে ক’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক