--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেংককলৈ যোৱা বিমানত লুকাই চুৰকৈ ধোঁৱা চিগাৰেট সেৱন  কৰিবলৈ চেষ্টা কৰা এজন যাত্ৰীয়ে ভুলবশতঃ বিমানখনৰ শৌচাগাৰত জুই লগাই দিয়ে। শুকুৰবাৰে বেংককলৈ যোৱা এল আল বিমানত থকা ইজৰাইলী যাত্ৰীজনে ধোঁৱা ওলাই থকা চিগাৰেটৰ টুকুৰাটো আৱৰ্জনা পেলনীয়া টেমাত পেলাই দিয়ে। চিগাৰেটোৱে পেলনীয়া টয়লেট পেপাৰ আৰু আৱৰ্জনাবোৰত থকা টিছুবোৰত জ্বলাই পেলাইছিল। যাৰ ফলত সংঘটিত হয় এই ভয়াৱহ ঘটনা।

এল আলৰ প্ৰতিনিধিয়ে ইজৰাইলৰ দ্য টাইমছক জনায় যে, "নিৰ্ধাৰিত সময় অনুসৰি বিমানখন চলি থাকিল আৰু বেংকক বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰিলে। যাত্ৰীজনক সকীয়াই দিয়া হয় আৰু আইনী বিভাগত এই বিষয়টো অধিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।"

আনহাতে বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, থাইলেণ্ডৰ পৰা ইজৰাইললৈ উভতি অহাৰ পাছত যাত্ৰীগৰাকীয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

বিমান সংস্থাটোৱে থাইলেণ্ডৰ স্থানীয় আৰক্ষীক জড়িত কৰা নাছিল কাৰণ বিমানখনৰ ক্ৰুৱে তৎক্ষণাত জুই নিৰ্বাপন কৰিছিল আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।

বিশ্বজুৰি প্ৰায় সকলো বিমান সংস্থা আৰু বেছিভাগ চৰকাৰে বিমানত ধূমপান নিষিদ্ধ কৰিছে। তথাপিও মাজে মাজে সংঘটিত হোৱা এনে ঘটনা সচাকৈয়ে গৰিহণামূলক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক