--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেংককলৈ যোৱা বিমানত লুকাই চুৰকৈ ধোঁৱা চিগাৰেট সেৱন  কৰিবলৈ চেষ্টা কৰা এজন যাত্ৰীয়ে ভুলবশতঃ বিমানখনৰ শৌচাগাৰত জুই লগাই দিয়ে। শুকুৰবাৰে বেংককলৈ যোৱা এল আল বিমানত থকা ইজৰাইলী যাত্ৰীজনে ধোঁৱা ওলাই থকা চিগাৰেটৰ টুকুৰাটো আৱৰ্জনা পেলনীয়া টেমাত পেলাই দিয়ে। চিগাৰেটোৱে পেলনীয়া টয়লেট পেপাৰ আৰু আৱৰ্জনাবোৰত থকা টিছুবোৰত জ্বলাই পেলাইছিল। যাৰ ফলত সংঘটিত হয় এই ভয়াৱহ ঘটনা।

এল আলৰ প্ৰতিনিধিয়ে ইজৰাইলৰ দ্য টাইমছক জনায় যে, "নিৰ্ধাৰিত সময় অনুসৰি বিমানখন চলি থাকিল আৰু বেংকক বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰিলে। যাত্ৰীজনক সকীয়াই দিয়া হয় আৰু আইনী বিভাগত এই বিষয়টো অধিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।"

আনহাতে বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, থাইলেণ্ডৰ পৰা ইজৰাইললৈ উভতি অহাৰ পাছত যাত্ৰীগৰাকীয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

বিমান সংস্থাটোৱে থাইলেণ্ডৰ স্থানীয় আৰক্ষীক জড়িত কৰা নাছিল কাৰণ বিমানখনৰ ক্ৰুৱে তৎক্ষণাত জুই নিৰ্বাপন কৰিছিল আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাছিল।

বিশ্বজুৰি প্ৰায় সকলো বিমান সংস্থা আৰু বেছিভাগ চৰকাৰে বিমানত ধূমপান নিষিদ্ধ কৰিছে। তথাপিও মাজে মাজে সংঘটিত হোৱা এনে ঘটনা সচাকৈয়ে গৰিহণামূলক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
ইতিহাসৰ ষষ্ঠ বৃহৎ ভূমিকম্পই কঁপাই গ'ল ৰাছিয়াক
ভাৰতৰ বিৰুদ্ধে শুল্কবোমা আমেৰিকাৰ
৩ বছৰ পূৰ্বেই ভাৰতলৈ আহিছিল পহলগাম কাণ্ডত জড়িত ৩ পাক সন্ত্রাসবাদী