--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰত দানপাত্ৰ থাকে। সেই দানপাত্ৰত সকলো ভক্তই নিজৰ সাধ্যানুসৰি অৰিহণা আগবঢ়ায়। দানপাত্ৰৰ টকা মন্দিৰ পৰিচালনাৰ কামত প্ৰয়োগ কৰে মন্দিৰৰ কমিটিয়ে। এটা দেৱী মন্দিৰৰ দানপাত্ৰ খুলি হতবাক হ'ল মন্দিৰৰ পৰিচাৰকসকল। সেই দানপাত্ৰ খুলোতে টকাৰ লগতে দেখিবলৈ পোৱা গৈছিল এখন চিঠি। দেৱীক বিশেষ অনুৰোধ কৰি চিঠিখন লিখিছিল এগৰাকী যুৱতী ভক্তই।

বাকচটোৰ ভিতৰত পোৱা চিঠিখনত লিখা আছিল, “মা, মোৰ প্ৰাৰ্থনা পূৰণ কৰা। বহুত আশাৰে তোমাৰ ওচৰলৈ আহিছোঁ। ৰবীন্দ্ৰ মোৰ আজীৱন প্ৰেম। মোৰ যাতে ৰবীন্দ্ৰৰ লগতে বিয়া হয়। মা দয়া কৰি ৰবীন্দ্ৰৰ লগত মোক বিয়া কৰাই দিয়া। এই বিয়াখনৰ বাবে সকলো যেন মান্তি হয় তাৰ বাবে আশীৰ্বাদ দিয়া।”

মন্দিৰ ট্ৰাষ্টৰ সভাপতি সঞ্জয় বাবুৱে কয় যে যদিও দানপাত্ৰত ধন দান কৰাটো সাধাৰণ কথা, তথাপিও এনে প্ৰাৰ্থনা পত্ৰও বৰ বিৰল নহয়। তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, অলপতে মন্দিৰৰ দানপাত্ৰত আৰু দুখন চিঠি উদ্ধাৰ কৰা হৈছে। এখন চিঠি বাংলাত আৰু আনখন চিঠি তামিল ভাষাত লিখা হৈছিল। এখনত লিখা আছিল যে “মোৰ ছোৱালীজনী যাতে চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হয়।” আনখন চিঠিত লিখা আছিল “আমাৰ সন্তানটিয়ে যাতে মেডিকেলৰ এণ্ট্ৰেচৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, তাৰ বাবে আশীৰ্বাদ দিয়ক।”  তেওঁৰ মতে ভক্তসকলে চিঠিৰ জৰিয়তে ঈশ্বৰৰ সৈতে যোগাযোগ কৰিব বিচাৰে।

এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ সম্বলপুৰত থকা সমলেশ্বৰী মন্দিৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক