--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্দিৰত দানপাত্ৰ থাকে। সেই দানপাত্ৰত সকলো ভক্তই নিজৰ সাধ্যানুসৰি অৰিহণা আগবঢ়ায়। দানপাত্ৰৰ টকা মন্দিৰ পৰিচালনাৰ কামত প্ৰয়োগ কৰে মন্দিৰৰ কমিটিয়ে। এটা দেৱী মন্দিৰৰ দানপাত্ৰ খুলি হতবাক হ'ল মন্দিৰৰ পৰিচাৰকসকল। সেই দানপাত্ৰ খুলোতে টকাৰ লগতে দেখিবলৈ পোৱা গৈছিল এখন চিঠি। দেৱীক বিশেষ অনুৰোধ কৰি চিঠিখন লিখিছিল এগৰাকী যুৱতী ভক্তই।

বাকচটোৰ ভিতৰত পোৱা চিঠিখনত লিখা আছিল, “মা, মোৰ প্ৰাৰ্থনা পূৰণ কৰা। বহুত আশাৰে তোমাৰ ওচৰলৈ আহিছোঁ। ৰবীন্দ্ৰ মোৰ আজীৱন প্ৰেম। মোৰ যাতে ৰবীন্দ্ৰৰ লগতে বিয়া হয়। মা দয়া কৰি ৰবীন্দ্ৰৰ লগত মোক বিয়া কৰাই দিয়া। এই বিয়াখনৰ বাবে সকলো যেন মান্তি হয় তাৰ বাবে আশীৰ্বাদ দিয়া।”

মন্দিৰ ট্ৰাষ্টৰ সভাপতি সঞ্জয় বাবুৱে কয় যে যদিও দানপাত্ৰত ধন দান কৰাটো সাধাৰণ কথা, তথাপিও এনে প্ৰাৰ্থনা পত্ৰও বৰ বিৰল নহয়। তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, অলপতে মন্দিৰৰ দানপাত্ৰত আৰু দুখন চিঠি উদ্ধাৰ কৰা হৈছে। এখন চিঠি বাংলাত আৰু আনখন চিঠি তামিল ভাষাত লিখা হৈছিল। এখনত লিখা আছিল যে “মোৰ ছোৱালীজনী যাতে চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ হয়।” আনখন চিঠিত লিখা আছিল “আমাৰ সন্তানটিয়ে যাতে মেডিকেলৰ এণ্ট্ৰেচৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, তাৰ বাবে আশীৰ্বাদ দিয়ক।”  তেওঁৰ মতে ভক্তসকলে চিঠিৰ জৰিয়তে ঈশ্বৰৰ সৈতে যোগাযোগ কৰিব বিচাৰে।

এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ সম্বলপুৰত থকা সমলেশ্বৰী মন্দিৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু